দন্দুৱা দ্ৰোহ/সামৰণী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৬৩ ]
সামৰণী।

 এইদৰে ১৭৯৫ শকত দন্দুৱা-দ্ৰোহৰ ওৰ পৰিল। এই দ্ৰোহ দমন কৰাৰ বাবে বৰফুকনে ৰজাৰ পৰা শলাগনি পালে। বৰফুকনে হৰদত্তক বেয়া বুজাবলৈ তেওঁৰ শত্ৰু পক্ষৰ হতুৱাই এনেবিলাক গীত বচাই গোৱাইছিল।

১।
হৰদত্তৰ বাৰিতে বৰ বৰ বাঁহ
 ঠনৰাই পৰি ৰল হৰদত্তৰ হাঁহ
  বাছা! কিয়লৈ বৰুৱা হলি।

২।
হৰদত্তৰ বাৰিতে বৰ বৰ ইৰি
 ঠনৰাই পৰি ৰল হৰদত্তৰ তিৰী
  বাছা! কিয়লৈ বৰুৱা হলি।

৩।
হৰদত্তৰ জীয়াৰী পদ্মকুমাৰী
 ধনৰাত নাখালে ভাত
হাতত ধৰি নি উমাদত বঙালে
 পদ্ম বিচাৰে গাত।

[ ১৬৪ ] পাঠক! কুমেদান চৰ্দ্দাৰ বৰফুকনৰ বেজ বৰুৱাৰ দ্বাৰাই

চিকিৎসিত হৈ সৰ্ঠি সৰ্ঠি বাচিল। তেওঁ এমাহ মানৰ মুৰত ভাল হৈ বৰফুকনৰ পৰা প্ৰতিশ্ৰুত ৰূপ শ বটা লৈ তেওঁৰ শিখ সকলক বৰফুকনৰ চাকৰিতে এৰি ভটিয়াই গল। কেৱে কয়, পদ্মকুমাৰী আৰু বৰুৱাৰ মৃত্যুতে তেওঁৰ অনুতাপ উপস্থিত হৈ পাপৰ পৰাচিত কৰিবলৈ বীৰ বেশ ত্যাগ কৰি হেনো উদাসী হৈ তীৰ্থে তীৰ্থে ভ্ৰমি ফুৰিছিল। কেৱে কয়, তেওঁ পঞ্জাবলৈ গৈ তাতে ৰল গৈ আৰু উলটি নাহিল। কেৱে কয় তেওঁ হেনো তেওঁৰ ১৫০ শিখে সৈতে বৰফুকনৰ পৰা নিস্কৰকৈ মাটি বৃত্তি লৈ অসমীয়া ছোৱালী বিয়া কৰাই অসমতে ৰল। আমি হলে কোনটো সঠিক কব নোৱাৰো; কিন্তু কুমেদানৰ নামটো উমাদত কৰি এতিয়াও কামৰূপৰ ঠায়ে ঠায়ে ঢুলীয়াহঁতে কেতিয়াবা কেতিয়াবা ওপৰত দিয়া তিনটা গীতত বাজেও আন গীত গায়। পদ্মকুমাৰীৰ সম্পৰ্কেও মানুহে কয় যে কুমেদানে পদ্মকুমাৰীৰ ৰূপত মুগ্ধ হৈ তেওঁক অঙ্কলক্ষ্মী কৰিব খুজিহে ধৰিব গৈছিল। আৰু মহীৰামেও হেনো সেইটো ভাবকে মনত লৈহে কুমেদানে সৈতে যুঁজ কৰি প্ৰাণ হেৰুৱাইছিল। নহলে কিজানি মহীৰামৰ প্ৰাণ নগলহেতেন আৰু পদ্মকুমাৰীও ৰক্ষা পৰিল হেঁতেন। কিন্তু আমি উপন্যাস কাৰকে জানো, যে বীৰ কুমেদানে পদ্মকুমাৰীক সাক্ষাৎ দেবী ভগবতীৰ প্ৰতিমূৰ্ত্তি যেন দেখিহে তেওঁক মা বুলি মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ ধৰিব গৈছিল। [ ১৬৫ ] কুমোদনৰ দোষৰ ভিতৰত তেওঁ টকাৰ লোভী হৈ হৰদত্তক ধৰি দিব নালাগিছিল। কলীয়া ভোমোৰা বৰফুকনৰ দোষ নাই। যত দোষ সেই দেশ দ্ৰোহী বদন বৰফুকনৰেই। বিদ্ৰোহৰ গুৰিত বদনেই; অৱশ্যে বদনে সেই বিদ্ৰোহ দমন কৰিব নোৱাৰাতহে ৰজাই কলীয়া ভোমোৰাক বদনৰ ঠাইত পঠিয়ায় আৰু বিচক্ষণ কলীয়া ভোমোৰা বৰফুকনে চলে বলে, কৌশলে, বীৰত্বে, হৰদত্তক পৰাস্ত কৰি ধৰিছিল আৰু ৰাজ আজ্ঞাত তেওঁক শূলত দিছিল। আমি জানো যে বীৰ প্ৰবৰ কলীয়া ভোমোৰা বৰফুকনো দেবী উপাসক শাক্ত আছিল। তেওঁ পদ্মকুমাৰীৰ সেই সোণৰ বৰণ, ৰূপ, মুক্ত কেশ দেখি ইমান স্তম্ভিত হৈছিল যে তেওঁ যেন সাক্ষাত- দেবীকেহে দেখিছিল। সেই কাৰণেহে তেওঁ কুমেদানৰ আৰু মহীৰামৰ হঠাতে হোৱা যুঁজখন থমাব নোৱাৰিলে। কামৰূপীয়া মানুহে জানিছিল যে হৰদত্ত বৰুৱা ঘোৰ শাক্ত আছিল। তেওঁলোকে জানিছিল যে হৰদত্তৰ এনেকুৱা পৰিণাম হব। তেওঁলোকে জানিছিল, যে হৰদত্তক মা দুৰ্গাই চিৰকালেই ৰক্ষা কৰি থাকিব। কিন্তু যেতিয়া দেখিলে যে মা দুৰ্গাই তেওঁক এনেকুৱা পৰিণামৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়াৰে পৰা কামৰূপীয়া প্ৰজাৰ মাজত দেবী পূজাৰ কথা ওলালেই ফকৰা ওলায় “এঃ! দেবীক পূজিলেনো হ’ব কি? দেখা নাইনে, মাক বলি দিলে মায়ে সেই বলিও খায় অথচ ছলিও (সন্তান) মাৰে”। পাঠক! [ ১৬৬ ] আমি হৰদত্ত বৰুৱাৰ শোকলগা আচল বুৰঞ্জী মূলক কাহিনী শেষ কৰিলোঁ। আমাৰ বঢ়া-টুটা সমস্ত দোষ যেন ক্ষমা কৰে।


দন্দুৱা দ্ৰোহ (page 166 crop)


অন্ত