দন্দুৱা দ্ৰোহ/উনত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৩০ ]
উনত্ৰিংশ অধ্যায়
১৭৯৩ শক

 এই ১৭৯৩ শকত যদিও হৰদত্তে—শিখ, কোচ কামৰুপীয়া ৰণুৱা গোট খুয়াইছিল। তথাপি এই বছৰ যুঁজ নহল। বৰফুকনে কাপ্তান ওৱলছ চাহাবৰ ৰচদ যোগোৱাত আৰু ৰজাক সহায় কৰাতে ব্যস্ত আছিল।

 কাপ্তান ওৱেলছ চাহাবে গুৱাহাটী এৰি ৰংপুৰলৈ ভটিয়াই যোৱাৰ প্ৰায় এ মাহৰ ভিতৰতে অৰ্থাৎ আহিন মাহত পূজাৰ আগখিনিতে কোচ ৰাজকুমাৰে কোচ বেহাৰৰ পৰা আদেশ পালে তেওঁ যেন আহোমৰ লগত নুজুজি ঘৰলৈ ওলটে। দৰঙ্গৰ বজাইও তেওঁৰ কোচ সৈন্য জাকক ওলোটাই—পঠাবলৈ হৰদত্তলৈ লেখিলে। কোচ ৰাজকুমাৰে এই আদেশ পাই আৰু পদ্মকুমাৰীক বিয়া কৰাবলৈকো কোনো আদেশ নেদেখি হৰদত্তক জনাই নিজৰ কোচ সৈন্য সমস্ত লৈ গুচি গল। দৰঙ্গৰ কোচবিলাক দৰঙ্গলৈ গল। কোচবিলাক গুচি যোৱাত পদ্মকুমাৰী আইদেউ আৰু তেওঁৰ মাতৃ বৰুৱাণীৰ হলে মূৰৰ ওপৰে দি এচলু পানী বোৱা যেন পালে।