তিৰুতাৰ আত্মদান কাব্য/বিজ্ঞাপন আৰু সমালোচনা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ বিজ্ঞাপন ]

অনুগ্ৰহ কৰি এই বিজ্ঞাপণ খনি আপোনাৰ বন্ধু বান্ধৱক দেখাব
বৰ্তমান যুগৰ অসমীয়া সাহিত্যত প্ৰথম কাব্য
শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা প্ৰণীত।
“তলসৰা ফুলৰ দুটি”
বা
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিনী বিলাপ কাব্য
(দুয়োখনি একে লগে বন্ধা)
(৩০০ পৃষ্ঠাত সম্পূৰ্ণ)

বেচ পকাবন্ধা ১॥৹ অন কেচাবন্ধা ১৶৹ অনা ডাকমাচুল সুকিয়া।
 আপুনি যদি এখনি কিনা নাই, সোনকালে এখনি কিনক।
কিতাপ আৰু সৰহ নাই। যিবিলাকে কয় যে অসমীয়া ভাষা
কাব্যৰ উপযোগী নহয়, সেই সকলে যেন “তলসৰা ফুলৰ দুটি”
এবাৰ পঢ়ি চায়।
  তলত দিয়া ঠিকনাত কিতাপ পোৱা যাবঃ-
    ১। কমতাপুৰ ষ্ট’ৰ
     টকলা টিংঙ্গা পোঃ আঃ
       (যোৰহাট)
২। শ্ৰীযুত ধৰ্ম্মেশ্বৰ বৰবৰুৱা  ৩। মুঞ্চি ডিয়ানদ্দিন আহ্মদ
 ভদৰি বৰ বৰুৱাৰ আলি   কটকী পুখুৰী
   যোৰহাট।    যোৰহাট।

[ সমালোচনা ] What is to be admired most is that even in the midst of multifarious business, you have been able to devote yourself to the cause of litetatre. I Wish you will continue this taste for literature and hope that you will combine depth of thaught with easy flow.

       Yours &c.

 ৪। ডিব্ৰূগড়ৰ “Times of Assam” এ লিখিছে:—
  “This is a poetical work in Assamese, by Sreejut Hiteswar Bor Boruah of Jorhat. Translated into English the title of the book meanss “Two Flowers Picked up from the Fallen Ones.” The Poems describe, firstly, the destruction of Komotapur, and secondly, the grief of a broken-hearted maiden.

 Every Chapter is prefaced by appropriate quotations from English poets. We greatly appreciate the book for its language, which is decidledly Assamese -its metrical construction & beautiful style. Such publications are, no doubt, an invaluable addition to the literature of the country. [ সমালোচনা ] We wish the author all surccess.”
 (TIMES OF ASSAM - 20th March 1913.)

 ৫। আসামৰ উজ্জ্বলৰত্ন আসাম লেজিচ্ লেটিভ্ কাউঞ্চিলৰ একমাত্ৰ আহোমৰ মেম্বৰ, সাহিত্য পেঞ্চন ভোগী খ্যাতনামা লেখক, অনাৰেবল্ শ্ৰীযুত পদ্মনাথ বৰুৱাই তেখেতৰ দ্বাৰা সম্পাদিত “উষাত লিখিছে:—
 “তলসৰা ফুলৰ দুটি”। নতুন ধৰণৰ অসমীয়া কাব্য। সেই দুটি ফুলৰ এটি “কমতাপুৰৰ ধ্বংস” আৰু ইটি “বিৰহিনীৰ বিলাপ”। শ্ৰীযুত হিতেশ্বৰ বব বৰুৱা ফুল দুপাহৰ ৰচোঁতা। এওঁৰে সৈতে আমাৰ এয়ে প্ৰথম সাক্ষাৎ। ইয়াৰ আগেয়ে এওঁ অসমীয়া সাহিত্য ক্ষেত্ৰ লৈ ওলোৱা আমি দেখা নাই। কিন্তু প্ৰথম সাক্ষাততে আমি এওঁক নিচেই অপঁইতা নাপালো; ৰচকে অবশ্যে জুহালত গঢ়িহে কমাৰ সাললৈ ওলাইছে।

 সি যি হওক, নিচেই ঘৰুৱা কথাৰেও যে অমিত্ৰাক্ষৰ ছন্দৰ টান ভাব অসমীয়াত ফুটাব পাৰি, প্ৰথম পাহে তাৰে প্ৰমান দিছে। আৰু অন্তৰৰ আবেগ ফুলাবলৈ যে অসমীয়া ঘৰুৱা কথা বৰ শুৱলা, ইপাহীত তাৰ চিনাকি পোৱা গৈছে। ফুল দুপাহী হাতত লৈ চাবলৈ আমি ৰাইজক অনুৰোধ কৰোঁ। বৰবৰুৱাদেৱে [ সমালোচনা ] অসমীয়া সাহিত্যৰ চৰাত এখন মাণী আসন পাব বুলি আমি আশা কৰোঁ।
      উষা—৫ ম ভাগ—৪ৰ্থ সংখ্যা

 ৬। যােৰহাট বাৰৰ উকিল, “মেঘনাদ বধ” নাটক লিখোঁতা শ্ৰীযুত চন্দ্ৰধৰ বৰুৱাই (লেটেকুজান বাগিছাৰ পৰা) লিখিছে:—
 * * * * পঢ়ি বৰ সন্তোষ পালো। লেখা সবল আৰু মধুৰ হৈছে। আজি কালি এনে বিধৰ বহুত কিতাপত ভাষা সম্পৰ্কীয় যিবিলাক দোষ দেখাযায়, তেনে দোষ ইয়াত অতি কম। মুঠতে এই শ্ৰেণীৰ অধিকাংশ লেখাতকৈ আপোনাৰ লেখা পঢ়ি ভাল লাগিল। * * * আপোনাৰ লেখা সৰল আৰু ভাব অতি মিহি লাগে। কিতাপ খনি পঢ়ি মই ভাল পাও। “তলসৰা ফুলৰ” আৰু যি দুটি এটি আপােনাৰ হাতত আছে। যেন তাৰো গােন্ধৰ পৰা আমাক সৰহ দিন বঞ্চিত কৰি নথয়। দুখৰ বিষয় এই বিলাক কিতাপ কিন্তু বৰ্ত্তমান আমাৰ দেশত কিনােতা নাই। সেই বাবে আপুনি নিৰুৎসাহ নহ'ব। এনে বিধৰ কিতাপ লিখোঁতাই দেশৰ উপকাৰৰ বাবেহে কিতাপ লিখিবলৈ আগ বাঢ়ে”।

 ৭। কলিকতাৰ পৰা প্ৰকাশ হোৱা, স্বনাম প্ৰসিদ্ধ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা ডাঙ্গৰীয়াৰ “বাঁহীয়ে লিখিছে:— “তলসৰা [ সমালোচনা ] ফুলৰ দুটি। * * * “কমতাপুৰ ধ্বংস কাব্য” এটি ফুল, আৰু “বিৰহিনী বিলাপ কাব্য” এটি ফুল। * * *  (বিৰহিনী বিলাপ কাব্যৰ) ওপৰঞ্চিৰ ভিতৰুৱা— “ভাইটি” “ভনিটি” ‘প্ৰাণৰ জিতেন” আৰু “প্ৰিয়তমা” এই কেইটাৰ কবিতাৰ শােকৰ লােৱে আমাৰ চকুৰ লােও টানি নিছে। বাস্তবিকতে এই কেইতাই নতুন কবিৰ হৃদয়ৰ মৰ্ম্মস্পৰ্শী ভাব আৰু ভাষাৰ সুন্দৰ চিনাকী দিয়ে। * * * “কমতাপুৰ ধ্বংস কাব্য” এটি ঐতিহাসিক ঘটনালৈ অমিত্ৰাক্ষৰ চন্দত ৰছিত। এই কাব্য খনি পঢ়িও আমি সন্তোষ পাইছোঁ। * * * 
    বাঁহী—৪ৰ্থ বছৰ—৬ষ্ঠ সংখ্যা।

 ৮। ডিব্ৰূগড়ৰ “আলোচণীয়ে লিখিছে:— “ * * * কিতাপ খন সুন্দৰ কৈ ছপােৱা; চিক্‌মিকীয়া পকা বন্ধা, দেখিলে হাতত তুলি নলৈ নােৱাৰি। * * * তল সৰা দুটি ফুলৰ এটিৰ নাম “কমতাপুৰ ধবংস” আনটিৰ নাম “বিৰহিণী বিলাপ কাব্য”। আসামৰ সেনবংশীয় (খেনবংশীয়) শেষ ৰজা নীলাম্বৰে মন্ত্ৰীৰ পুতেকক গােপনে বধ কৰাই তেঁওৰমাংস ৰন্ধাই বাপেকক খুউৱাত বাপেকে প্ৰতিশােধ লবৰ ইচ্ছাৰে গঙ্গাস্নানলৈ যাওঁ বুলি গৌড় দেশৰ নবাবৰ ওছৰলৈ গৈ তেঁওত শৰনাপন্ন হােৱাত নবাবে সেনা পঠাই কমতাপুৰ ৰাজ্য কেনেকৈ দখল কৰিলে তাৰে বৰ্ণনাৰ গােন্ধ পােন্ধৰটা পাহিৰ প্ৰথ [ সমালোচনা ] মটো ফুলত আছে। “বিৰহিণী বিলাপ” কাব্যৰ। “ওপৰঞ্চিত কবিৰ সংসাৰ—ফুলণীৰ পৰা এটি এটিকে পাঁচোটি ফুল সৰি পৰাত বিলাপ কৰাদেখি পাঠক মাত্ৰেই আন্তৰিক দুখ আৰু সহানুভূতি প্ৰকাশ নকৰি নোৱাৰে। “তলসৰা ফুল” যদিও কৰিব প্ৰথম। উদ্যম তথাচ তাত কবিৰ ভাব প্ৰকাশ কৰিব পৰা ভাষাত আয়ত্ব ভাষাত কবিত্ব আৰু ছন্দত জেউতি থকা চিন জিলিকিছে।
  "আলোচণী" ৪ৰ্থ বছৰ—ষষ্ঠ সংখ্য।