পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফুলৰ দুটি। * * * “কমতাপুৰ ধ্বংস কাব্য” এটি ফুল, আৰু “বিৰহিনী বিলাপ কাব্য” এটি ফুল। * * *  (বিৰহিনী বিলাপ কাব্যৰ) ওপৰঞ্চিৰ ভিতৰুৱা— “ভাইটি” “ভনিটি” ‘প্ৰাণৰ জিতেন” আৰু “প্ৰিয়তমা” এই কেইটাৰ কবিতাৰ শােকৰ লােৱে আমাৰ চকুৰ লােও টানি নিছে। বাস্তবিকতে এই কেইতাই নতুন কবিৰ হৃদয়ৰ মৰ্ম্মস্পৰ্শী ভাব আৰু ভাষাৰ সুন্দৰ চিনাকী দিয়ে। * * * “কমতাপুৰ ধ্বংস কাব্য” এটি ঐতিহাসিক ঘটনালৈ অমিত্ৰাক্ষৰ চন্দত ৰছিত। এই কাব্য খনি পঢ়িও আমি সন্তোষ পাইছোঁ। * * * 
    বাঁহী—৪ৰ্থ বছৰ—৬ষ্ঠ সংখ্যা।

 ৮। ডিব্ৰূগড়ৰ “আলোচণীয়ে লিখিছে:— “ * * * কিতাপ খন সুন্দৰ কৈ ছপােৱা; চিক্‌মিকীয়া পকা বন্ধা, দেখিলে হাতত তুলি নলৈ নােৱাৰি। * * * তল সৰা দুটি ফুলৰ এটিৰ নাম “কমতাপুৰ ধবংস” আনটিৰ নাম “বিৰহিণী বিলাপ কাব্য”। আসামৰ সেনবংশীয় (খেনবংশীয়) শেষ ৰজা নীলাম্বৰে মন্ত্ৰীৰ পুতেকক গােপনে বধ কৰাই তেঁওৰমাংস ৰন্ধাই বাপেকক খুউৱাত বাপেকে প্ৰতিশােধ লবৰ ইচ্ছাৰে গঙ্গাস্নানলৈ যাওঁ বুলি গৌড় দেশৰ নবাবৰ ওছৰলৈ গৈ তেঁওত শৰনাপন্ন হােৱাত নবাবে সেনা পঠাই কমতাপুৰ ৰাজ্য কেনেকৈ দখল কৰিলে তাৰে বৰ্ণনাৰ গােন্ধ পােন্ধৰটা পাহিৰ প্ৰথ