সাত
ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা
গঙাচিলনী ধৰা সহজ কথা নহয়। কোনো এখন গাঁৱৰ পথাৰত শুই কোনোবাই যদি এনেদৰে গঙাচিলনী এটা ধৰিবলৈ চেষ্টা কৰে, ওৰে জীৱন পাৰ কৰিলেও সফল হ’ব নোৱাৰিব। কিন্তু পাৰৰ পৰা কেইবাশ মাইল দূৰৰ কথাটো বেলেগ। মাটিত গঙাচিলনী আত্মৰক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় অতি সজাগ, কিন্তু সমুদ্ৰত সিহঁত ইমান সতৰ্ক নহয়।
মই এনেদৰে পৰি ৰৈছিলোঁ যে চৰাইটোৱে খেলৰ ছলেৰেহে যেন উৰুলৈ উঠি আহিল। হয়তো ভাবিছিল, মই মৃত। মোৰ পেণ্টত খুঁটিয়াইছিল, কিন্তু দুখ পোৱা নাছিলোঁ। মই হাতখন আগুৱাই নি থাকিলোঁ। হঠাৎ চৰাইটোৱে বিপদৰ উমান পালে আৰু উৰিবলৈ তৎপৰ হ’ল। কিন্তু তাৰ আগতেই তাৰ ডেউকাখনত খামোচ মাৰি ধৰিলোঁ। চৰাইটোক ধৰি বোটৰ মাজলৈ লৈ আনিলোঁ। তাক এইবাৰ কেঁচাই কেঁচাই খাম। পাখিবোৰো বাদ নিদিওঁ। মই ক্ষুধাৰ্ত, চৰাইটোৰ তেজৰ কথা ভাবিও মোৰ পিয়াহ জাগিছে। কিন্তু যেতিয়া তাৰ দেহৰ উত্তাপ মই অনুভৱ কৰিলোঁ, মোৰ হাতৰ মুঠিৰ মাজত ধপধপাবলৈ ধৰিলে— তাৰ উজ্জ্বল চকুকেইটা দেখি দ্বিধাগ্ৰস্ত হৈ পৰিলোঁ।
এবাৰ মই ডেকৰ ওপৰৰ পৰা উৰি অহা চিলনী এটা ৰাইফলেৰে মাৰিব খুজিছিলোঁ, কিন্তু ডেষ্ট্ৰয়াৰৰ বিষয়া তথা অভিজ্ঞ নাৱিক এজনে মোক ককৰ্থনা কৰি কৈছিল— ‘হতভগাৰ দৰে কাম নকৰিবি। এজন নাৱিকৰ বাবে গঙা চিলনী মাটিৰ সংকেত। সিহঁতক কেতিয়াও হত্যা কৰা উচিত নহয়।’
চৰাইটোৰ পাখিবোৰ আঁতৰাই টুকুৰা-টুকুৰ কৰাৰ সময়ত বিষয়াজনৰ কথাই বাৰে বাৰে মোক অস্বস্তি দিলে। পাঁচ দিন অনাহাৰে আছোঁ, তথাপি মোৰ কাণত কথাবোৰ ভাঁহি থাকিল। যেন নতুনকৈ আকৌ শুনিবলৈ পাইছোঁ। কিন্তু পেটৰ ক্ষুধা আন সকলোতকৈ তীব্ৰ। মই চৰাইটোক টান কৰি ধৰি কুকুৰা এটাৰ দৰে ডিঙি মুচৰি মাৰিবলৈ চেষ্টা কৰিলোঁ।
কামটো বৰ সূক্ষ্ম। প্ৰথম চেষ্টাতে ডিঙিৰ হাড় ভাঙি গ'ল। দ্বিতীয়বাৰ মোচৰটো দিওঁতে ঠোঁটেৰে তপ্ত এসোঁতা তেজ নিগৰি আহি মোৰ আঙুলিৰ ফাকেৰে বৈ গ'ল।