পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সতীৰ্থ নাৱিকৰ সৈতে ভেলাস্কো

দুখ লাগিল। এনে লাগিল যে এটা নিৰ্মম হত্যাকাণ্ড। মূৰটো তাৰ কঁপিছে। ছটফটাইছে— মোৰ হাতৰ মাজত তাৰ ধপ্‌ধপনি অনুভৱ কৰিছোঁ।

 চৰাইটোৰ এই তেজবোৰেই মাছবোৰক উন্মাদ কৰি তুলিলে। বোটৰ চৌপাশে হাঙৰ এটাই তেতিয়াও চলা-ফিৰা কৰি আছে। তেজৰ গোন্ধ পালেই সি বোটৰ এই ইস্পাতৰ পাটো কামুৰি ছিৰাছিৰ কৰিব। সিহঁতৰ দাঁতবোৰ তলৰ ফালে থাকে, সেয়ে চিকাৰ ধৰিলেই সিহঁত লুটি মাৰে। ভাব হ’ল, এটা হাঙৰে বোটখনক আক্ৰমণৰ চেষ্টা চলাইছে। ভয় খাই মই চৰাইৰ মূৰটো হাঙৰটোলৈ মাৰি পঠিয়ালোঁ। বোটৰ পৰা মাত্ৰ কেই চেণ্টিমিটাৰমান আঁতৰত সিহঁতৰ মহাৰণ আৰম্ভ হৈ গ'ল। এটা কণীতকৈ সৰু চৰাইৰ মূৰটো। তথাপি সিহঁতৰ খোৱা-কামোৰা।

 চৰাইটোৰ হাড়বোৰ ইমানেই ঠুনুকা যে আঙুলিৰে চাপ দিয়েই ভাঙিব পাৰি। পাখিবোৰ আঁতৰাবলৈ চেষ্টা কৰিলোঁ। বগা কোমল ছালত লাগি আছে পাখিবোৰ। তেজসিক্ত

৫১