টেটোন তামুলি/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৫৯ ]

পঞ্চম অঙ্ক।

প্ৰথম পট,—ফুকনৰ পদুলি।

 (ৰংদৈয়ে পদূলি সাৰি থাকে, এজনী গঞানী প্ৰৱেশ কৰি, পদূলিৰ আগেদি পথাৰলৈ যায়)।

গঞানী।— অ, ৰংদৈ বাই! কি কৰিছ?

ৰংদৈ।— এ, যি কৰিব লাগে, তাকে কৰিছোঁ, নেদেখিছ? বিয়াৰ পাচত, পদূলিটো অৰণ হৈ আছিল, তাকে সাৰিছোঁহি।

গঞানী।— এৰা, আইদেউৰ বিয়াখন লাচতে পাৰ হৈ গ’ল, বাই!

ৰংদৈ।— এৰা ডাঙৰীয়া-বিষয়া ঘৰৰ বিয়া বুলিলে এনেকুৱাই; হ’ব লাগে বোলোঁতেই ঘপহকৰে হৈ যায়। ৰজাই ৰ বোলোঁতেই ৰৈ যায়; বিষয়াই ব বোলোঁতেই বৈ যায়।

গঞানী।—আইদেউৰ মনটিলৈ চাই হ’লে, আগডোখৰত বিয়া নহ’বগৈ বুলিহে ভাবিছিলোঁ।

ৰংদৈ।— এৰা, নাম-গুৰি নোহোৱা বাটৰুৱা বোটলা ডেকা এটাৰে সৈতে মন্ত্ৰী ডাঙৰীয়াৰ জীয়ৰী আইদেউৰ বিয়া হ’ব বুলিনো কোনে জানিছিল? সেই বিয়াৰ কথন-মথন শুনি আইদেউ কান্দি-কাটি বাউলীটি হৈছিল!

গঞানী।— এতিয়া পিচে? আইদেউৰ মনটি কেনে দেখিছ?

ৰংদৈ।— কেনে হ’ব আৰু, বিয়া দিলে যেতিয়া পিতলেই সোণ হ’ল। এতিয়া দুইৰো বৰ মিল, বৰ চেনেহা-চেনেহী। [ ৬০ ] গঞানী।— ডেকাটি হলে বেয়া নহয় দেই, বাই। দেখিবলৈকো শুৱনি; আৰু বৰ ৰঙ্গিয়াল।

ৰংদৈ।— ভাল তো। এতিয়া যে বিষয়াৰ সাজ-পাৰ পিন্ধি আৰু ভালটি হৈছে। আগেয়ে টোকোনা সাজে হে ফঁফৰীয়া কৰি থৈছিল, এতিয়া গোটেই ধুনীয়া ডেকাটি!

গঞানী।— নহব নো কিয়;—বিধতাই পতা যোৰা। বোলে, কুঁজীলৈ কুঁজা, বান্দীলৈ বন্দী, কুঁৱৰীলৈ কোঁৱৰ বিধতাই যোৰা পাতি থৈছেই।

ৰংদৈ।— মোকেচোন ধৰিবি সেই বিধতা বুলি। মই হে পাতিলোঁ তেও এইটো যোৰা।

গঞানী।— এৰা, নেলাগে কব; সোপাকে শুনিছোঁ। সঁচা, তই হে আচল গুৰি। আৰু, শুনিছোঁ, জোৱাঁই-বিষয়া বোলে বৰ বুধিয়ক আৰু কথকী। বোলে, “নাই পো লনি, নাই পো ধনী, নাই পো কথকী”। সেই হে ইমানটো ভাইগ।

ৰংদৈ।— সঁচা, সেই তিনি গুণৰ গুণত হে দিপ্‌লিপ্‌ গাভৰু আইদেউক তেওঁ কন্যা পালে। বুধিয়ক আৰু কথকী বুলি কব লাগিছে নে? নহ’লে নো দেউতাৰ ধনেৰে দেউতাকে বেহাই আৰু ৰজা-ডাঙৰীয়া দুইকো কথাৰ পাকেৰে মেৰাই বান্ধখুৱাই এনে হেন মন্ত্ৰীৰ জীয়াৰীক কন্যা পায় নে?

গঞানী।— হক, হক, “যি কৰে ঈশ্বৰে মানুহৰ ভাললৈ হে”। তাত গা-ঘঁহনি খালেও পুইণ হয়, বাই। তোৰ পুইণ হৈছে, জানিবি।

ৰংদৈ।— পুইণ হলে নো কি হব? আইদেউৰ নিচিনা ভাইগ্‌ হব বুলিছ নে?

গঞানী।— হবও পাৰে। একো টান কথা নহয় বাই। [ ৬১ ] ৰংদৈ।— (হাতৰ শোটাটো মূৰৰ ওপৰলৈ তুলি পাক্‌ দি দি নাচি-বাগি। উ-উ-উ, এতিয়াহে “কুঁজী বাই ষোলে বছৰীয়া” হ’লোঁ! (গঞানীৰ ডিঙ্গিত ধৰি চেও থয়)।

গঞানী।— (উলটি ৰংদৈৰ ডিঙ্গিত ধৰি চেও খৈ) হবি, হবি, বাই, যাওঁগৈ, যা।        (দুইৰো দুফালে প্ৰস্থান।)

জুৰণি (page 6 crop).jpg


দ্বিতীয় পট,—গাভৰু-টোলৰ বিলাহ-ঘৰ।
(টেটোন-তামুলি আৰু চম্পাৱতী)

টেটোন।— প্ৰিয়া। সেই দিনাৰ কথা এতিয়া মনত পৰে নে? (অলপ ৰৈ, চম্পাই উত্তৰ নিদিয়া দেখি) সাদৰি। নামাতাঁ নো কিয়? সদায় আৰু ন-কন্যা ভাবেই দিন যাব নে?

চম্পা।— কেনে নো ন-কন্যা দেখিছে বা?

টেটোন।— সেয়া দেখোন ওলাল মাত। নামাতাঁ দেখি হে ন-কন্যা বুলিছিলোঁ, বেয়া নাপাবাঁ দেই। বোলোঁ, সেই দিনাৰ কথা মনত পৰিলে এতিয়া কেনে লাগে?

চম্পা।— কোন্ দিনৰ বা কথা?

টেটোন।— সেই লাখটকীয়া ভাত সাজ খুৱাবৰ দিনা যে মোৰ ছঁয়াকে নসহিছিলাঁ!

চম্পা।— কিবা কথাবোৰ উলিয়াই থাকে! নোৱাৰোঁ কব আমি সেইবোৰ কথা! [ ৬২ ] টেটোন।— (হাঁহি হাঁহি) নােৱাৰাঁ কব ? ইমান বেগাই পাহৰিলাঁ নে?

চম্পা।— জানো।

টেটোন।— অ, এতিয়া জানৰ পানী খােৱাত হে পৰিল? জানিছোঁ বাৰু, এতিয়া সেইবােৰ কথা শুনিবলৈ বেয়া পােৱাঁ ; নকওঁ বাৰু, বেয়া নাপাবাঁ দেই।

চম্পা।— আমি একো বেয়া পােৱা নাই।

টেটোন।— বেয়া পোৱা নাই যদি উত্তৰ নাই কিয় ?

চম্পা।— সুধি আছেমানে দেখােন কৈয়ে আছোঁ।

টেটোন।— নহয়, সাদৰি, খং নকৰিবা। প্রশ্ন চাই উত্তৰ হােৱা নাই দেখি হে কৈছোঁ।

চম্পা।— খং কৰা দেখিছিলে বা কেতিয়া ? কেনে প্রশ্নৰ কেনে উত্তৰ হব লাগে আমি ভূ নাপাওঁ।

টেটোন।— নাই কৰা খং কেতিয়াও। এতিয়াৰ কথাত খং উঠে বুলি হে কৈছিলোঁ। আমনি নাপাবাঁ, প্রাণেশ্বৰি, মই এটা কথাৰে সুধিলে যেন তােমাৰ পৰা দহােটা কথাৰে উত্তৰ পাম, এনে হে মােৰ প্ৰাণৰ হাবিয়াহ্‌।

চম্পা।— আমাৰ পেটত সিমানবােৰ কথা হ’লে হে আকৌ!

টেটোন।— কথাৰ জোলােঙা উদং হয় বুলি ভয় কৰিছাঁ হবলা?

চম্পা।— জানো কি কয় ! আমি নুবুজোঁ সেইবােৰ।

টেটোন।— বুজিবাঁ কালত। বুজি আকৌ বুজাবলৈ হে চাবাঁ। পিছে, মােৰপৰা কিনি মােকে নেবেচিলে হে আছে। একেই মন্ত্রী জীয়াৰী।

চম্পা।— আমি মন্ত্ৰীৰ জীয়াৰী বুলি কাৰো আগত গপ্‌ কৰা নাই। তামুলি- ফুকন হৈ নিজৰ হে গপ্‌ হৈছে হব পায়। [ ৬৩ ] টেটোন।— (আপােনা-আপুনি) ইয়াত আৰু আমাৰ টেটোনালি নাখাটে! জোঁৰৰ আগত বন্তিৰ পােহৰ যেন হে হৈ আহিছোঁ। (ফুটাই ) ক’তা, মইনাে কেতিয়া গপ্‌ কৰিছিলোঁ?

চম্পা।— নাই কৰা গপ্‌। সেই দেখি, আনকো গপ্‌ কৰা বুলি চাব মাৰি ধৰিব নালাগে।

টেটোন।— সমূলঞ্চে ঘাটিলোঁ এইবাৰ ! প্রিয়, তোমাৰ ওচৰত মােৰ বুদ্ধি-যুক্তিও জঁয় পৰি আহিছে।

    (নেপথ্যত লিগিৰীহঁতে গীত গায়।)

টেটোন।— আহা, প্রাণেশ্বৰি । কেনে মধুৰ গীত।

চম্পা।— সঁচা, প্রাণেশ্বৰ! গীতৰ কথাখিনিত মনৰ ভাবটি কেনেকৈ ফুটি ওলাইছে। আহা, শুনি হে থাকিম যেন!

টেটোন।— প্রিয়া! ব’লাঁচোন তালৈকে যাওঁ, চাই চাই শুনোগৈ। নাচিছেও চাগৈ।

    (হাতত ধৰাধৰিকৈ দুইৰ প্রস্থান)।

🢂⍟⍟🢀
[ ৬৪ ]
তৃতীয় পট,—ফুকনৰ বিলাহ-ঘৰ।
(দুজনী গায়িকা লিগিৰীয়ে নাচি নাচি গীত গাই থাকে)
মিশ্র মুলতান-একতালা।

কি সুন্দৰ শােভা ধৰে আজি দেহি অই।
চেনেহা-চেনেহী আহা, যুগল মূৰতি অই ।।
   প্রাণে প্রাণে প্রাণ মিলি
   ৰয় কেনে হালি-জালি ;
দেখিলে জিৰণি পায় তাপিত পৰাণে অই।
   আধা অঙ্গ আধা হিয়া,
   হল আজি একেটীয়া ;
বাঢ়ে যেন দিনে দিনে বিচ্ছেদ নঘটে অই ।

(টেটোন-চম্পাৱতীৰ প্ৰৱেশ; বৰগাৰু দি পাৰি থােৱা চামৰ পীৰাত দুয়াে যােৰাপতি বহি নাচোন চাই চাই গীত শুনে ; লিগিৰীয়ে দোহাৰি ২ গল আৰু নাচে।)

⸺>●<>●>⸺
যৱনিকাপাত
⸻⸻