এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰংদৈ।— (হাতৰ শোটাটো মূৰৰ ওপৰলৈ তুলি পাক্ দি দি নাচি-বাগি। উ-উ-উ, এতিয়াহে “কুঁজী বাই ষোলে বছৰীয়া” হ’লোঁ! (গঞানীৰ ডিঙ্গিত ধৰি চেও থয়)।
গঞানী।— (উলটি ৰংদৈৰ ডিঙ্গিত ধৰি চেও খৈ) হবি, হবি, বাই, যাওঁগৈ, যা। (দুইৰো দুফালে প্ৰস্থান।)
টেটোন।— প্ৰিয়া। সেই দিনাৰ কথা এতিয়া মনত পৰে নে? (অলপ ৰৈ, চম্পাই উত্তৰ নিদিয়া দেখি) সাদৰি। নামাতাঁ নো কিয়? সদায় আৰু ন-কন্যা ভাবেই দিন যাব নে?
চম্পা।— কেনে নো ন-কন্যা দেখিছে বা?
টেটোন।— সেয়া দেখোন ওলাল মাত। নামাতাঁ দেখি হে ন-কন্যা বুলিছিলোঁ, বেয়া নাপাবাঁ দেই। বোলোঁ, সেই দিনাৰ কথা মনত পৰিলে এতিয়া কেনে লাগে?
চম্পা।— কোন্ দিনৰ বা কথা?
টেটোন।— সেই লাখটকীয়া ভাত সাজ খুৱাবৰ দিনা যে মোৰ ছঁয়াকে নসহিছিলাঁ!
চম্পা।— কিবা কথাবোৰ উলিয়াই থাকে! নোৱাৰোঁ কব আমি সেইবোৰ কথা!