গঞানী।— ডেকাটি হলে বেয়া নহয় দেই, বাই। দেখিবলৈকো শুৱনি; আৰু বৰ ৰঙ্গিয়াল।
ৰংদৈ।— ভাল তো। এতিয়া যে বিষয়াৰ সাজ-পাৰ পিন্ধি আৰু ভালটি হৈছে। আগেয়ে টোকোনা সাজে হে ফঁফৰীয়া কৰি থৈছিল, এতিয়া গোটেই ধুনীয়া ডেকাটি!
গঞানী।— নহব নো কিয়;—বিধতাই পতা যোৰা। বোলে, কুঁজীলৈ কুঁজা, বান্দীলৈ বন্দী, কুঁৱৰীলৈ কোঁৱৰ বিধতাই যোৰা পাতি থৈছেই।
ৰংদৈ।— মোকেচোন ধৰিবি সেই বিধতা বুলি। মই হে পাতিলোঁ তেও এইটো যোৰা।
গঞানী।— এৰা, নেলাগে কব; সোপাকে শুনিছোঁ। সঁচা, তই হে আচল গুৰি। আৰু, শুনিছোঁ, জোৱাঁই-বিষয়া বোলে বৰ বুধিয়ক আৰু কথকী। বোলে, “নাই পো লনি, নাই পো ধনী, নাই পো কথকী”। সেই হে ইমানটো ভাইগ।
ৰংদৈ।— সঁচা, সেই তিনি গুণৰ গুণত হে দিপ্লিপ্ গাভৰু আইদেউক তেওঁ কন্যা পালে। বুধিয়ক আৰু কথকী বুলি কব লাগিছে নে? নহ’লে নো দেউতাৰ ধনেৰে দেউতাকে বেহাই আৰু ৰজা-ডাঙৰীয়া দুইকো কথাৰ পাকেৰে মেৰাই বান্ধখুৱাই এনে হেন মন্ত্ৰীৰ জীয়াৰীক কন্যা পায় নে?
গঞানী।— হক, হক, “যি কৰে ঈশ্বৰে মানুহৰ ভাললৈ হে”। তাত গা-ঘঁহনি খালেও পুইণ হয়, বাই। তোৰ পুইণ হৈছে, জানিবি।
ৰংদৈ।— পুইণ হলে নো কি হব? আইদেউৰ নিচিনা ভাইগ্ হব বুলিছ নে?
গঞানী।— হবও পাৰে। একো টান কথা নহয় বাই।