পৃষ্ঠা:টেটোন তামুলী.pdf/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


টেটোন।— (হাঁহি হাঁহি) নােৱাৰাঁ কব ? ইমান বেগাই পাহৰিলাঁ নে?

চম্পা।— জানো।

টেটোন।— অ, এতিয়া জানৰ পানী খােৱাত হে পৰিল? জানিছোঁ বাৰু, এতিয়া সেইবােৰ কথা শুনিবলৈ বেয়া পােৱাঁ ; নকওঁ বাৰু, বেয়া নাপাবাঁ দেই।

চম্পা।— আমি একো বেয়া পােৱা নাই।

টেটোন।— বেয়া পোৱা নাই যদি উত্তৰ নাই কিয় ?

চম্পা।— সুধি আছেমানে দেখােন কৈয়ে আছোঁ।

টেটোন।— নহয়, সাদৰি, খং নকৰিবা। প্রশ্ন চাই উত্তৰ হােৱা নাই দেখি হে কৈছোঁ।

চম্পা।— খং কৰা দেখিছিলে বা কেতিয়া ? কেনে প্রশ্নৰ কেনে উত্তৰ হব লাগে আমি ভূ নাপাওঁ।

টেটোন।— নাই কৰা খং কেতিয়াও। এতিয়াৰ কথাত খং উঠে বুলি হে কৈছিলোঁ। আমনি নাপাবাঁ, প্রাণেশ্বৰি, মই এটা কথাৰে সুধিলে যেন তােমাৰ পৰা দহােটা কথাৰে উত্তৰ পাম, এনে হে মােৰ প্ৰাণৰ হাবিয়াহ্‌।

চম্পা।— আমাৰ পেটত সিমানবােৰ কথা হ’লে হে আকৌ!

টেটোন।— কথাৰ জোলােঙা উদং হয় বুলি ভয় কৰিছাঁ হবলা?

চম্পা।— জানো কি কয় ! আমি নুবুজোঁ সেইবােৰ।

টেটোন।— বুজিবাঁ কালত। বুজি আকৌ বুজাবলৈ হে চাবাঁ। পিছে, মােৰপৰা কিনি মােকে নেবেচিলে হে আছে। একেই মন্ত্রী জীয়াৰী।

চম্পা।— আমি মন্ত্ৰীৰ জীয়াৰী বুলি কাৰো আগত গপ্‌ কৰা নাই। তামুলি- ফুকন হৈ নিজৰ হে গপ্‌ হৈছে হব পায়।