পৃষ্ঠা:জ্ঞান-মালা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞানমালা।

খন ভৰাই পেলালে। উৎসাহেৰে সদাই কোৰ ধৰি বন জাবৰ নিৰাই পানী দি থকাত গছ গছনি বিলাক ডাল পাত মেলি বাঢ়ি আহিব ধৰিলে। হেমৰ যত্নত বাগিচা খনি এনেহে হল যে যেয়ে দেখে সেয়ে বাগিচাৰ গৰাকী জনৰ শত মুখেৰে প্ৰশংসা কাৰ। কিন্তু কিছুদিন পাচত এদিন পিতাকে বাগিচালৈ গৈ দেখিলে যে তাত বহুদিনৰ পৰা হেমৰ যত্নৰ অভাব হৈছে। পুতেকক ওচৰলৈ মাতি আনি কাৰণ সোধাত জানিব পাৰিলে যে লগৰ সমনীযাবিলাকে নিজ হাতে কোৰ ধৰি বাগিচা কৰাৰ গম পাই হেমক হালোৱা আৰু পিতাকক কিৰ্পিন বুলি হাঁহে সেই লাজতে পুতেকে বাগিচাৰ কামত আৰু হাত দিয়া নাই। এই বিলাক কথা শুনাৰ পাচত পিতাকে হেমৰ হাতত এখন ৰামায়ণ আৰু এখন ৰোম দেশৰ ইতিহাস দি কলে “বাপা সংসাৰত উন্নতি লাভ কৰিবৰ পৰিশ্ৰমেই একমাত্ৰ উপায়। মূৰ্খ মানুহে পৰিশ্ৰম কৰাক লাজৰ কথা বুলি ভাবে। মই কৃপণতাৰ কাৰণে তোমাক পৰিশ্ৰম কৰিবলৈ দিয়া নাই; তোমাৰ ভবিষ্যতৰ মঙ্গলৰ কাৰণেহে তোমাক এতিয়াৰ পৰা পৰিশ্ৰমী হবলৈ এই উপায়েৰে শিক্ষা দিব খুজিছোঁ। মই দিয়া এই কিতাপ দুখনি পঢ়িলে জানিব পাৰিবা যে হালোৱা