সমললৈ যাওক

জ্ঞান-মালা/বৰষুণ

ৱিকিউৎসৰ পৰা

[  ]

বৰষুণ।

 পুৱা উঠি দেখিছিলোঁ আকাশ নিৰ্ম্মল। কতো অলপো ডাবৰৰ সঁচ নাই। কিন্তু দুপৰীয়া হঠাৎ ডাৱৰে আকাশ ঢাকি কলা কৰি আনিলে। অলপ পাচতে গিৰগিৰাই বৰষুণ পৰিব ধৰিলে। নিৰ্মল আকাশত এই কলা কলা ডাৱৰবিলাক যে দিছেহি এই ডাৱৰবিলাক নো কিহৰ পৰা উৎপত্তি হল?

 আকাশত ডাৱৰে দেখা দিলেই তোমালোকে বুজা যে অপলতে বৰষুণ আহিব; কিন্তু মোক কব পাৰিবানে [  ] এই ডাৱৰবিলাকে কেনেকৈ নিজৰ ৰূপ সলাই বৰষুণৰ ৰূপ ধৰি পৃথিবীত পৰিবলৈ সমৰ্থ হয়? সদায় ঘটিব লাগিছে দেখি অতি সামান্য ভাবি বহুতে এই বিলাক প্ৰশ্ন মনলৈ নানে, কিন্তু এই সামান্য কথাবোৰৰ ইতিহাস জানিব পাৰিলে আমাৰ মনত নথৈ ৰঙ্গ লাগে আৰু এই সামান্য কথাবোৰৰ ইতিহাসেই আমাৰ দেখা আৰু চিন্তা কৰিব পৰা শক্তি বঢ়াই দিয়ে।

 তোমালোক সকলোৱে জানা যে পানীযে তিনি বিধ আকৃতি ধৰিব পাৰে:- জুলীয়া আকৃতি যেনে পানী, গোটমৰা আকৃতি যেন বৰফ বা বৰষুণত পৰা শিল আৰু তাপ পালে পানীয়ে যি আকৃতি ধৰে সেয়ে হল ভাপ বা ধোঁৱা। এই ভাপবিলাকৰ পৰাই ডাৱৰ ও বৰষুণৰ উৎপত্তি হয়।

 এটা টেকেলিত পানী থৈ তলত জাল দিলে দেখিবা জুইৰ তাপ পাই ভিতৰৰ পানীবোৰ ধোঁৱা হৈ টেকেলিৰ মুখে দি ওলাব ধৰিছে। বেচি পৰ জুইৰ ওপৰত থাকিলে টেকেলিটোৰ সকলো পানী নোহোৱা হৈ যাব। এই পানী কলৈ গল? নষ্ট হল নেকি? নষ্ট হোৱা নাই, তাপ পাই পানীৰ পৰমাণুবিলাক ইটো সিটোৰ পৰা আতৰা আতৰি হৈ ভাপ ৰূপে বায়ুত আশ্ৰয় [  ] লৈছে মাথোন। চাৰিও কাষৰৰ বায়ুতকৈ এই ভাপবিলাক পাতল বুলি লাহে লাহে ওপৰলৈ উঠিব ধৰে। তলৰ বায়ুতকৈ ওপৰৰ বায়ু চেঁচা, সেই কাৰণে ঠাণ্ডা লাগি আকৌ অণুবিলাক পৰম্পৰ লগালগি হৈ পানীৰ কনিকা ৰূপে চকুৰে মনিব পৰা হয়। এই বিলাকেই ডাৱৰ। ওপৰৰ চেঁচা বতাহবিলাক আৰু বেচি চেঁচা হলেই ডাৱৰৰ অণুবিলাক আৰু বেচি ঘন হৈ বেচি গধুৰ হোৱাত বতাহে ধৰি ৰাখিব নোৱাৰা হলেই বৃষ্টিৰূপে মাটিত পৰেহি। ভাপ, ডাৱৰ আৰু পানী একে পদাৰ্থই; খালি তাপ পালে ভাপৰ ৰূপ ধৰে, ঠাণ্ডা লাগিলে ডাৱৰ হয় আৰু বেচি ঠাণ্ডা লাগিলে বৰষুণ ৰূপে আকৌ পানীৰ ৰূপ ধৰে।