পৃষ্ঠা:জ্ঞান-মালা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞানমালা।

নাম একো লাজৰ কথা নহয়। আমাৰ দেশৰ মহাৰাজা জনকে নিজে হালৰ মুঠিত ধৰিছিল। ৰোম দেশৰ স্বদেশ প্ৰেমিক মহাবীৰ লুচিয়াচ কুইঙ্কচাচে হালৰ মুঠি এৰিহে যুদ্ধত লাগিছিল। যেতিয়া তেওঁ বীৰত্ব প্ৰকাশ কৰি শত্ৰুৰ হাতৰ পৰা ৰোমক উদ্ধাৰ কৰিলে ৰোমবাসীবিলাকে কৃতজ্ঞতাৰ চিন স্বৰূপ তেওঁক ৰাজ সম্মান দি খেতি বাতি এৰি দিবলৈ অনুৰোধ কৰিলে। কিন্তু যুদ্ধ শেষ হলতেই তেওঁ ‘মোক ৰাজপদ নেলাগে। ৰাজপদৰ কাৰণে মই যুদ্ধ কৰা নাই। স্বদেশৰ মৰমতহে হালৰ মুঠি এৰি যুদ্ধত ধৰিছিলোঁ’। এই কথা কৈ ঘৰলৈ উলটি আহি আকৌ হালৰ মুঠিত ধৰিলেহি।

 বৰ্ত্তমান সময়ত জ্ঞানীবিলাকে বহুত টকা খৰচ কৰি এই কৃষি বিদ্যা শিক্ষাৰ কাৰণে ডাঙ্গৰ ডাঙ্গৰ পঢ়াশালী পাতি দিছে। বাপা, যি কৃষি বিদ্যাক আৰু পৰিশ্ৰমক জ্ঞানী বিলাকে ইমান ওখ আসন দিছে মূৰ্খৰ কথা শুনি সেই কৃষি আৰু পৰিশ্ৰমক ঘিণ কৰি নিজৰ মূৰ্খতা প্ৰকাশ ও অনিষ্ট নকৰিবা।”