পৃষ্ঠা:জ্ঞান-মালা.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৩
জ্ঞানমালা।

দৰে তোমাক অকলে বিপদত পেলাই মই কেতিয়াও নপলাও তাক ঠিক জানিবা।” কাতিয়াই উত্তৰ দিলে, “সখি, তুমি নো মোক ভয় নেপাবলৈ কেনেকৈ কোৱা? বিপদৰ সময়ত সকলোৱে আপোনাৰ প্ৰাণ লৈয়ে বলিয়া হয়; বিপদে ভাই বন্ধু আই বোপাই সকলোকে পাহৰায়।” আহিনাই কলে, “ছিঃ সখি তুমিনো মোক ইমান অবিশ্বাস কৰাণে? মোৰ প্ৰাণ দিও তোমাক ৰক্ষা কৰিম।”

 কথাষাৰি মুখৰ পৰা শেষ হবলৈহে পালে এনেতে বনৰ মাজত খচ্‌ মচ্‌ শব্দ শুনা গল। চকখাই দুয়ো সেই পিনে চাই দেখিলে যে এটা প্ৰকাণ্ড বনৰীয়া ম’হে শিং জোকাৰি জোকাৰি সিহঁতৰ ফালে খেদি আহিছে; দেখি বাটৰুৱা দুজনৰ চুলিৰ আগে জীৱ গল। ম’হৰ হাত এৰাবলৈ দুয়ো যিমান পাৰে লৱৰিব ধৰিলে। লৱৰোতে লৱৰোতে এটা গাতত ভৰি সোমোৱাত কাতীয়াই হাম খুৰি খাই পৰিল। কতীয়াই এনে বিপদত পৰি “সখি, তোমাক কাবৌ কৰি মাতিছোঁ মোক ধৰা, মোক অকলে এৰি নপলাব।” বুলি চিঞৰিছে হয় কিন্তু সিমান পৰত আহিনাই এজোপা বৰ গছত উঠিৰ ধৰিছে। ভাগ্যে গাতটো দ নাছিলে আৰু গছ জোপা দহ খোজ মান আঁতৰতে আছিলে; কাতীয়াই কোনোমতে সেই