পৃষ্ঠা:জ্ঞান-মালা.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২১
জ্ঞানমালা।

 যেতিয়া দেখিলে যে নতুন শক্তি পাই সি বেচি হে অসুখী হৈছে, তেতিয়া এই দান ফিৰাই লবলৈ সি আকৌ ইন্দ্ৰক প্ৰাৰ্থনা কৰিলে। কিন্তু ইন্দ্ৰই উত্তৰ দিলে, “যেতিয়া মই তোৰ পাখি বঢ়াই দিছিলোঁ তেতিয়াই মই জানোঁ যে এই দান তোৰ বৰ নহই শাপহে, হব। কিন্তু তোৰ অহঙ্কাৰৰ আৰু নিজৰ অৱস্থাত সুখী নোহোৱাৰ কাৰণে এনে দশা তোৰ হবই লাগে। শুন্, তই যিটো আগেয়ে অনুগ্ৰহ বুলি খুজিছিলি এতিয়া সেইটো শাস্তি স্বৰূপে ৰাখিব লাগিব।”

 সংসাৰৰ ধন সম্পদ একোৱেই অসুখীয়া মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মানুহৰ মনৰ ভিতৰতহে সন্তোষ থাকে। “সুখ” “সুখ” বুলি যি জনে সুখ বিচাৰি ফুৰে তেওঁৰ কাৰণে সুখ নহয়। যি জনে নিজৰ সুখ দুখলৈ নেচাই জীৱনৰ কৰ্তব্য কাম বিলাক কৰি যায় সুখ তেওঁৰ কাৰণেহে।