পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পাঠিকা সকললৈ।
কমতাপুৰ ধ্বংস কাব্য (page 175 crop)


আছে যদি কোনো মোৰ কোমল পাঠিকা
জ্বলি পুৰি বিৰহত, কান্দিছে শোকত
হেৰুৱাই হৃদয়ৰ সাঁচতীয়া ধন
“বিৰহিণী” দিলো আজি তেঁওৰে হাতত॥
টুকিছে চকুলো যদি কোনোক পাঠিকা
নিৰাশা ঢউত ভাহি প্ৰেম-সাগৰত,
বিৰহ-ব্যাকুলা দীনা “বিৰহিণী” মোৰ
সাদৰে অৰ্পিলো আজি তেঁওৰে হাতত॥
প্ৰণয়ৰ প্ৰতিদান অলপো নাপাই,
কোনো দুৰ্ভাগিনী যদি দেখিছে আন্ধাৰ
উন্মাদিনী “বিৰহিণী” চিৰ হতভাগী
সৰ্পিলো হাতত আজি সেই পাঠিকাৰ॥
কান্দা আজি, হে পাঠিকা!
কান্দাহে খন্তেক উলিয়াই দুচকুত চকুলো দুধাৰ॥

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)