সমললৈ যাওক

কথা-গীতা/সপ্তদশ অধ্যায়

ৱিকিউৎসৰ পৰা

সপ্তদশ অধ্যায়।

 দৈবী সম্পত্তিৰ মধ্যত সাত্বিক শ্ৰদ্ধা মুখ্য। এতেকে সপ্তদশ অধ্যায়ে তিনি বিধ শ্ৰদ্ধা কহিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত কহিলা শাস্ত্ৰ বিধিক এড়ি স্বেচ্ছাই প্ৰৱৰ্ত্তিলে জ্ঞানৰ অধিকাৰী নহে। তাতে শাস্ত্ৰ বিধিক এড়ি স্বেচ্ছা প্ৰবৃত্তি বিনে শ্ৰদ্ধাই প্ৰৱৰ্ত্তমানসবৰ জ্ঞানৰ অধিকাৰ আছে নাই আকে জানিতে অৰ্জ্জুনে পোছন্ত৷ হে কৃষ্ণ! যি সবে দুখ্‌ষ বুদ্ধি আলস্যত বা শাস্ত্ৰক জানিতে ধত্ন নকৰি আচাৰ প্ৰমাণে শ্ৰদ্ধাযুক্ত হুয়া যজে, তাৰ সত্ব ৰজ তম তিনি গুণৰ মাঝত কিসত স্থিতি। আৰ উত্তৰ শ্ৰীভগৱন্তে কহন্ত। জানা অৰ্জ্জুন শাস্ত্ৰতত্ত্ব জানি যাৰা প্ৰৱৰ্ত্তে তাৰ পৰমেশ্বৰ পূজা বিষয় সাত্বিক একবিধ মাত্ৰ শ্ৰদ্ধা। লোকাচাৰ মাত্ৰে প্ৰৱৰ্ত্তমান জনৰ পূৰ্ব্বৰ সংস্কাৰে সাত্বিক ৰাজসিক তামস ভেদ হয়। যদি বোলা শ্ৰদ্ধা সাত্বিক সে কেনে তুমি তিনি বিধ কহা তাত শুনা। সত্বৰ অনুৰূপে সকল জনৰ শ্ৰদ্ধা হয়। একে সত্ব ৰজ তম মিশ্ৰ হৈলে ত্ৰিবিধ হয়। এতেকে লোকো তিনি বিধ শ্ৰদ্ধাযুক্ত হয়। যি যেমন শ্ৰদ্ধাযুক্ত তাক তেমন বুলি। সাত্বিক শ্ৰদ্ধাযুক্ত হৈলে পুৰুষকো সাত্বিক বুলি। ৰাজস শ্ৰদ্ধাযুক্ত হৈলে ৰাজসিক, তামস শ্ৰদ্ধাযুক্ত হৈলে তামসিক কহি। লোকক দেখি প্ৰৱৰ্ত্তিলে এই তিনি বিধ শ্ৰদ্ধা। শাস্ত্ৰজ্ঞানে স্বভাৱ জয় হৈলে সাত্বিক এক বিধ মাত্ৰ শ্ৰদ্ধা হয়।  সাত্বিকাদি ভেদক কাৰ্য্যভেদে প্ৰগঞ্চি কহন্ত। সাত্বিক জনে দেৱতাক যজে। ৰাজসসবে যক্ষ ৰাক্ষসক পূজে৷ তামসসবে ভূত প্ৰেতক ভজে। ৰাজস তামসক পুনু বিশেষ কহন্ত। শাস্ত্ৰবিধি নজানিও কতোসব পূৰ্ব্ব পুণ্যবলে সাত্বিক হয় কতো মধ্যমসব ৰাজস হয়, অধমসব তামস হয়। অত্যন্ত মন্দভাগীসব পাষণ্ড সঙ্গ লৈয়া তাৰ আচাৰ ধৰি দম্ভ অহঙ্কাৰে যুক্ত হুয়া অভিলাষ আসক্তি দুৰাগ্ৰহক আশ্ৰয় কৰি অশাস্ত্ৰ বিহিত ভূত ভয়ঙ্কৰ ঘোৰ তপত প্ৰৱৰ্ত্তে। দেহাৰম্ভক পঞ্চভূতক বৃথা উপবাসাদিয়ে কৃশ কৰি অজ্ঞানীসব অন্তৰ্যামীৰূপে দেহস্থিত মোকে অজ্ঞান কাৰণে দুখ দিয়া থাকে। তাৰাক অতি ত্ৰুৰ কৰি জানিবা।

 আহাৰাদি ভেদতে সাত্বিকাদি ভেদ দেখান্ত। সকল লোককে তিনি বিধ আহাৰ প্ৰিয় হয়। যজ্ঞ দান তপ তিনি বিধ তাক মঞি কহে সাৱধানে শুনা। ৰাজস তামস আহাৰাদি পৰিত্যাগে সাত্বিক আহাৰদি কৰি চিত্ত শুদ্ধিৰ অৰ্থে যত্ন কৰিবাক লাগি দেখান্ত। যি আহাৰে আয়ু উৎসাহ বল আৰোগ্য সুখ প্ৰীতিক বৃদ্ধি কৰাৱে ৰসৱন্ত স্নেহৱন্ত হয়, ৰস অংশে দেহত চিৰকাল ৰহে, দৃষ্ট মাত্ৰে মনোজ্ঞ হয়, এমন ভক্ষ্য ভোজ্যসব সাত্বিক জনৰ প্ৰিয় হয়। অতি কটু নিম্বাদি, অতি অম্ল অতি লবণ অতি উষ্ণ, অতি তীক্ষ্ণ মৰিচাদি, অতি ৰূক্ষ কলিকোদ আদি, অতি বিদাহী সৰ্বশাদি, এমন আহাৰসব দুখ শোক ব্যাধিকৰ ৰাজস জনৰ প্ৰিয়। অতি শীত গতসাৰ দুৰ্গন্ধ পৰ্য্যুসিত উচ্ছিষ্ট অপবিত্ৰ, ই ভোগ্যসব, তামস জনৰ প্ৰিয়। যজ্ঞো তিনি বিধ তাতে সাত্বিক যজ্ঞ কহন্ত। পুৰুষে ফুলক আকাঙক্ষা নকৰি আৱশ্যকৰূপে বিহিত যজ্ঞক যি অনুষ্ঠান কৰে তাক সাত্বিক বুলি। ফলক অভিসন্ধান কৰি মহত্ত্ব জনাইবাৰ অৰ্থে বা যি যজে তাক ৰাজস বুলি। যথোক্ত বিধিহীন উত্তম ব্ৰাহ্মণ বৰ্জ্জিত মন্ত্ৰহীন অনুৰূপ দক্ষিণাহীন শ্ৰদ্ধাশূন্য যজ্ঞক তামস কহি। তপৰো তিনি বিধ দেখাইবাক লাগি প্ৰথম শাৰীৰ মানস বাচনিক ভেদে ত্ৰিবিধ কহন্ত। দেব ব্ৰাহ্মণ গুৰু, মহন্তৰ পূজা শৌচ আৰ্য্যব ব্ৰহ্মচৰ্য্য অহিংসা আক শাৰীৰ তপ বুলি। সত্যপ্ৰিয় অভয় বেদঅভ্যাসিত বচনক বাচনিক তপ জানিবা। মনৰ প্ৰসন্ন সৌম্য মনন, বিষয় প্ৰত্যাহাৰ ব্যৱহাৰত অকপট, আকে মানস তপ বুলি।

 এই তিনিও বিধ তপৰ সাত্বিকাদি ভেদক কহন্ত। এই তপক পৰম শ্ৰদ্ধায়ে নিষ্কামে একাগ্ৰচিত্তে কৰিলে সাত্বিক কহি। প্ৰশংসা নমস্কাৰ অৰ্থলাভৰ নিমিত্তে দম্ভত বা যি কৰে তাক চঞ্চল ৰাজস বুলি৷ দুৰাগ্ৰহ কৰি আপুনাৰ পীড়ায়ে অন্য নাশৰ অৰ্থে বা যি তপ আচৰে তাক তামস জানিবা। পূৰ্ব্ব প্ৰতিজ্ঞাত দানৰ তিনি বিধ কহন্ত। অনুপকাৰী জনক নিষ্কামে দেশ কাল পাত্ৰ চায়া যি দান কৰে সি সাত্বিক। উপকাৰৰ অৰ্থে ফলক উদ্দেশে বা চিত্তৰ ক্লেশে যি দান কৰে সি ৰাজস। অদেশ অকাল অপাত্ৰত যি দান দেই, দেশ কাল পাত্ৰ হৈলেও সৎকাৰ নকৰি, অবজ্ঞাত বা যি দান আচৰে সি তামস। যদি বোলা এমন বিচাৰ কৰিলে যজ্ঞ তপ দানাদি সকল ৰাজস তামস প্ৰায় দেখি, এতেকে ব্যৰ্থ যজ্ঞাদি প্ৰয়াস, এই আশঙ্কাত তেমন যজ্ঞাদিৰো সাত্বিক হৈবাৰ উপায় কহন্ত।

 বেদৰ প্ৰসিদ্ধ তিনি বিধ মন্ত্ৰ, পৰমাত্মাৰ নাম, বিগুণকো সগুণ কৰিবাক পাৰে, যি তিনি বিধ মন্ত্ৰে ব্ৰাহ্মণ বেদ যজ্ঞক সগুণ কৰি পবিত্ৰ কৰিছা। ইদানীক, তিনিও মন্ত্ৰৰ প্ৰত্যেকে প্ৰশস্ত কহন্ত৷ ভগৱন্তৰ নাম মন্ত্ৰক উচ্চাৰণ কৰি কৰিলে বেদবাদী সবৰ যজ্ঞ দান তপ ক্ৰিয়াসব বিগুণো সগুণ হয়৷ দ্বিতীয় নাম কীৰ্ত্তন কৰি কৰিলে চিত্তশুদ্ধি নিষ্কাম মুমুক্ষু কৰাৱে। তৃতীয় নাম লৈয়া কৰ্ম্মসব কৰিলে সবাকে শ্ৰেষ্ঠ কৰে। পৰমেশ্বৰ নাম কীৰ্ত্তনে কৰ্ম্মসব শ্ৰেষ্ঠ হৈব তাক কি বুলিবো। আৰ প্ৰসিদ্ধ তিনি নাম সেই পৰমাত্মাৰ অৰ্থে যি কাম কৰে তাৰ সাধন কৃষি বাণিজ্যাদিয়ো মহাফল সাধে।

 এতেকে অতি প্ৰশস্ত ভগৱন্তৰ নাম সকল কৰ্ম্মৰ সাদ্‌গুণ্যৰ অৰ্থে কীৰ্ত্তন কৰোক। ইদানীক সকল কৰ্ম্মক শ্ৰদ্ধায়ে কৰিবাৰ অৰ্থে অশ্ৰদ্ধাকৃতক নিন্দা কৰন্ত। পুৰুষে অশ্ৰদ্ধায়ে যি তপ হোম আচৰে তাক অসন্ত বুলি। ইদানীক যশস্যা নহে যিগুণ পদে পৰলোকত ফল নপাৱে। পুৰুষে ৰাজস তামস শ্ৰদ্ধা এড়ি সাত্বিক শ্ৰদ্ধা আশ্ৰয় কৰি তত্ত্বজ্ঞানৰ অধিকাৰী হয়। আকে সপ্তদশ অধ্যায়ত নিৰ্ণয় কৰিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং সপ্তদশোহধ্যায়ঃ ॥ ১৭ ॥

 হে লোকসব দেখ ভগৱন্তৰ নামৰ মহিমা যাৰ কীৰ্ত্তনে বিগুণ কৰ্ম্মে সগুণ হয়। এতেকে সদাই নামৰ অভ্যাস নেৰি ডাকি হৰি বোল হৰি।

যন্নামানুগুণেনকৰ্ম্মনিচয়ং সাদ্‌গুণ্যতোমুক্তয়ে,
যশ্যোদ্দেশবিধানতোপিবিবিধং স্মৃত্যাচতৎসম্মতম্ ।
তংকৃষ্ণং স্বজনানুৰঞ্জনপৰং পাৰ্থপ্ৰিয়ং সদ্‌গুৰুম্,
বন্দে নন্দসুনন্দনং যদুপতিং তৎকীৰ্ত্তিসদ্গীতয়ে ॥