পৃষ্ঠা:কথা-গীতা.djvu/১৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সপ্তদশ অধ্যায়। সাঙ্গিকাদি ভেদক কাৰ্যভেদে প্ৰগঞ্চি কহন্ত। সাৰ্বিক তনে দেৱতাক যজে। ৰাজসসবে যক্ষ ৰাক্ষসক পূজে। তামসসবে ভূত প্ৰেতক ভজে। ৰাজস তামসক পুনু বিশেষ কহন্ত। শাস্ত্ৰবিধি নজানিও কতোসব পূৰ্ব পুণ্যবলে সাত্বিক হয় কতো মধ্যমসব ৰাজস হয়, অধমসব তামস হয়। অত্যন্ত মন্দভাগীসব পাষণ্ড সঙ্গ লৈয়া তাৰ আচাৰ ধৰি দন্ত অহঙ্কাৰে যুক্ত হুয়া অভিলাষ আসক্তি দুৰাহক আশ্ৰয় কৰি অশাস্ত্ৰ বিহিত ভূত ভয়ঙ্কৰ ঘোৰ তপত প্ৰৱৰ্ত্তে। দেহাৰম্ভক পঞ্চভূতক বৃথা উপবাসাদিয়ে কৃশ কৰি অজ্ঞানীসব অন্তৰ্যামীৰূপে দেহস্থিত মোকে অজ্ঞান কাৰণে দুখ দিয়া থাকে। তাৰাক অতি ত্ৰুৰ কৰি জানি। আহাৰাদি ভেদতে সাত্বিকাদি ভেদ দেখাস্ত। সকল লোক তিনি বিধ আহাৰু প্ৰিয় হয়। যজ্ঞ দান তপ তিনি বিধ তাক মঞি কহে সাৱধানে শুনা। ৰাজস তামস আহাৰাদি পৰিত্যাগে সাত্বিক আহাৰদি কৰি চিত্ত শুদ্ধিৰ অৰ্থে যত্ন কৰিবাক লাগি দেখান্ত। যি আহাৰে আয়ু উৎসাহ বল আৰোগ্য সুখ প্ৰীতিক বৃদ্ধি কৰে ৰসৱন্ত স্নেহৱন্ত হয়, ৰস অংশে দেহত চিৰকাল ৰহে, দৃষ্ট মাত্ৰ মনোজ্ঞ হয়, এমন ভক্ষ্য ভোজ্যসব সাত্বিক জনৰ প্ৰিয় হয়। অতি কটু নিম্বাদি, অতি অম্ল অতি লবণ অতি উষ্ণ, অতি তীক্ষ মৰিচাদি, অতি ৰক্ষ কলিকো আদি, অতি বিদায়ী সপাৰি, এমন অহাৰসৰ দুখ শোক ব্যাধিৰ ৰাস জমৰ প্ৰিয়। অতি শীত গতসাৰ দুগন্ধ পলিত উচ্ছিষ্ট অপৰিত্ৰ, ই ভোগ্যস তামস এন প্ৰিয়।