মোৰ ফালে আগবঢ়াই দি ক'লে,— “নেক্সট এপইণ্টমেণ্ট শুকুৰবাৰে গধূলি ছয় বজাত।”
চিকিৎসকজনক মই বৰ কৰুণভাৱে সুধিলো,—“মোৰ আৰোগ্যৰ কিবা আশা আছেনে?”
“আছে আছে”—তেওঁ মোক আশ্বস্ত কৰিবলৈ চেষ্টা কৰি ক’লে,—আপোনাৰ যে অনেক কথাই মনত আছে, অৰ্থাৎ আপুনি যে সকলো পাহৰা নাই সেইটোৱেই যথেষ্ট আশাৰ কাৰণ।”
তেওঁ মোক ইয়াকো জনালে যে মানসিক ৰোগৰ চিকিৎসা প্ৰকৃতপক্ষে এক বিৰাট কাৰবাৰ। ইয়াত অনেক ক্ষেত্ৰতেই ছাইক’ডায়েগন’ষ্টিক ইভেলুৱেশ্যনৰ বাবে ৰোগীক ক্লিনিকেল ছাইক’লজিষ্টৰ ওচৰলৈ পঠিওৱা হয়। প্ৰয়োজনসাপেক্ষে ইলেক্ট্ৰ’-কনভালছিভ থেৰাপি (চমুকৈ ই. ছি. টি.) আৰু ইলেক্ট্ৰ’ এনকেফেল’গ্ৰামৰ (চমুকৈ ই. ই.জি.) প্ৰয়োগ এটা যেন নিয়মিত ঘটনা। সেইবোৰৰ তুলনাত মোৰ সমস্যাটো তেনেই তুচ্ছ। এয়াতো সম্পূৰ্ণ স্মৃতিভ্ৰংশও নহয়। এনেকুৱা তুচ্ছ বিভ্ৰমৰ ক্ষেত্ৰত নিতৌ নিশা এটাকৈ কুৰি মিলিগ্ৰাম শক্তিৰ ‘জেট’ নতুবা ‘পাৰি’ নামৰ এবিধ টেবলেটৰ ওপৰত ভাৰসা কৰিব পৰা যায়।
মই তেওঁক বিনয়েৰে সুধিলো,—“এটা বিকল্প হিচাপে ব্ৰাহ্মীশাক অথবা শতমূলৰ শিপাৰ ৰসৰ কিবা কাৰ্যকৰী ভূমিকা থাকিব পাৰে নে কি?” তেওঁ মোক শাসনসুলভ স্বৰেৰে ক’লে,—“চাওক, আপোনাৰ ৰোগটোৰ এনে কোনো জটিলতা নাই। প্ৰকৃততে কোনো দৰব নোহোৱাকৈ আপোনাৰ চিকিৎসা সম্ভৱ। মাথোন অলপ সময়ৰ প্ৰয়োজন।”
একধৰণৰ সশ্ৰদ্ধ দৃষ্টিৰে মই তেওঁলৈ চাই থাকিলো। চাই থাকোঁতে-থাকোঁতে মই যেন বহুত দূৰৰ ক'ৰবালৈ গুচি গ'লো। এই ‘গুচি যোৱা’ক দাৰ্শনিক আৰু কবিসকলে ‘হেৰাই যোৱা’ বুলি কয়।
“মন কৰিলেনে মই কি কৈছোঁ?”—চিকিৎসকজনে মোক সোঁৱৰাই দি ক'লে,— “সময়ৰ প্ৰয়োজন; কেইটামান এপইণ্টমেণ্ট আৰু অলপমান সময়।”
পাছৰ দুমাহত কেইবাদিনো মই মোৰ মানসিক ৰোগ বিশেষজ্ঞজনৰ কাষ চাপিছোঁ।
মই তেওঁক বুজাই দিছোঁ যে সহকৰ্মীসকলৰ অৰ্থলোভ আৰু তোষামোদৰ কাৰবাৰটোৱে
মোক বিৰক্ত কৰাটো সঁচা, কিন্তু অতিবাহিত হোৱা শেষ দুটা বছৰত যিটো কথাই মোক
বেছি হতাশ কৰিছে, সেইটো হ’ল মোক লেং মাৰি বগৰাই কৰা মোৰ তলতীয়া কৰ্মচাৰী-
বিষয়াৰ পদোন্নতিৰ কথাটো। অৱশ্যে মোৰ অফিছৰ শৃংখলা ঘূৰাই অনাৰ ক্ষেত্ৰত
চিকিৎসকজন যে নিৰুপায় সেই সম্পৰ্কে সোঁৱৰাই দি তেওঁ ক’লে,—“মই মাথোন
আপোনাক মনত পেলোৱাৰ কেইটামান কিটিপ শিকাব পাৰোঁ।” এটা টেলিফোন
নম্বৰৰ