পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮/ওভতনি যাত্ৰা
 


ধৰক।”

 মই স্পষ্টকৈ উচ্চাৰণ কৰি পঢ়িলো,—“দুই, আঠ, পাঁচ, ছয়, দুই, আঠ।”

 “সুন্দৰ,”—এটা শিশুৰ শুদ্ধ উচ্চাৰণক আমি যেনেকৈ প্ৰশংসা কৰোঁ তেনেকৈ তেওঁ মোক প্ৰশংসা কৰিলে আৰু এখন্তেক ৰৈ পুনৰ ক’লে,— “কিন্তু নম্বৰটো তেনেকৈ আপুনি মনত ৰাখিব নোৱাৰিব।”

 “নোৱাৰিম?”— মই সুধিলো।

 “সম্ভাৱনা কম”—তেওঁ ক'লে।

 “এতিয়া উপায়?”— মই পুনৰ সুধিলো।

 “সেই নম্বৰটোকেই আপুনি তিনিভাগ কৰি এনেকৈ পঢ়ি চাওক,— আঠাইছ, ছাপন, আঠাইছ—আৰু মন কৰক যে ছাপন সংখ্যাটো আঠাইছৰ দুগুণ।”

 “চমৎকাৰ”— এইবাৰ মই তেওঁক প্ৰশংসা কৰিলো। অৱশ্যে তেওঁ মোক জনালে যে নম্বৰ মনত ৰখা কথাটোত বিশেষ উৎফুল্ল হোৱাৰ কোনো প্ৰয়োজন নাই, কিয়নো মূল সমস্যাটো হৈছে মোৰ মনঃসংযোগহীনতা আৰু সম্ভৱতঃ মানসিক ডিপ্ৰেছন। তেওঁ মোক দুখনমান পুস্তিকা দিলে আৰু মই তাত আগ্ৰহেৰে লক্ষ্য কৰিলো যে স্মৃতিশক্তিৰ মূল কথাটো হৈছে কোনো এটা বস্তু বা মানুহ বা তথ্যৰ প্ৰতি আমাৰ আগ্ৰহৰ মাত্ৰা আৰু তেনে অসংখ্য আগ্ৰহৰ বস্তু বা মানুহ বা তথ্যৰ ক্ষেত্ৰত আমি দিয়া অগ্ৰাধিকাৰ। আনহাতে আমাৰ দৈনন্দিন চৰ্চাৰ বিষয়বোৰক আমি সাধাৰণতে নাপাহৰোঁ। স্বাভাৱিক অৱস্থাত সেয়েহে আমি পৰিয়ালৰ নিকট আত্মীয়সকলক নাপাহৰোঁ; নিজৰ অফিছ-কাছাৰীলৈ যোৱা ৰাস্তাবোৰ নাপাহৰোঁ, মুখৰ ভাষাটো আৰু লিখা আখৰবোৰ নাপাহৰোঁ; কিন্তু এই সকলোবাৰ সম্ভৱ মাথোন স্বাভাৱিক অৱস্থাত থকালৈকেহে। আৰু কোনো বিশেষ কাৰণত যদি ছাইক’টিক ডিছ-অৰ্ডাৰ, অৰ্থাৎ মগজুৰ নিউৰনবোৰত কিবা খেলিমেলি লাগে, তেতিয়া মগজুৰ বিভিন্ন অংশত বৈদ্যুতিক ষ্টিমুলেশ্যন নামৰ এবিধ প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব পৰা যায়।

 মই বৰ শংকিত হ’লো। মোৰ অফিছলৈ যোৱাৰ বাটত ইলিয়াচ নামৰ এজন বৃদ্ধ, উন্মাদ লোকক সততে লগ পাওঁ; তেওঁৰ প্ৰতি আজিকালি মোৰ মনত অপাৰ কৌতূহল জন্মে। মই মন কৰোঁ, বাটত টিঘিলঘিলাই ফুৰা দুষ্ট ল’ৰাবোৰে প্ৰায়েই তেওঁৰ গালৈ শিলগুটি অথবা গছৰ সৰু ঠাল একোটা দলিয়ায় আৰু তেওঁ সেইবোৰ বুটলি পৰম তৃপ্তিৰে কামুৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মগজুৰ স্নায়ুকোষবোৰে হয়তো ঠাৱৰ কৰিব নোৱাৰে কোনটো নিৰস ফৰ্মুটি, কোনডাল ৰসাল কুঁহিয়াৰ। তথাপি তেওঁ আপোনমনে কিবাকিবি ভোৰভোৰায়, যাৰ অৰ্থোদ্ধাৰ বাটৰুৱাৰ বাবে এক জটিল বিষয়।

 কেতিয়াবা ম‍ই গা ধুবলৈ বাথৰুমত সোমাই পাহৰাৰ কোবত গাটোত এক বিন্দু পানী নঢলাকৈ গুচি আহোঁ। কি ঠিক, এদিন কিজানি পেণ্টটো পিন্ধিবলৈ পাহৰি বাটলৈ ওলাই যাম। স্কুলীয়া ল’ৰাই মোক লৈ মস্কৰা কৰিব, আতংকিত হৈ পৰিব কোনোদিনেই ঝামেলাত