অধ্যয়নৰ দৰকাৰ। কথাটোত মই সন্মতি জনালো আৰু পাহৰি যোৱাৰ আশংকাত জেপৰপৰা
তেতিয়াই অলপ মাননি উলিয়াই টেবুলখনৰ ওপৰত থকা পেপাৰ-ৱে’ৰ্ট এটাৰ তলত
গুঁজি দিলো।
“কেতিয়াৰপৰা? মানে মই সুধিব খুজিছো যে আপুনি কেতিয়াৰপৰা পাহৰে?”
প্ৰাথমিক পৰ্যবেক্ষণৰ নমুনা হিচাপে তেওঁ মোক সুধিলে। প্ৰশ্নটোত মই অলপ কৌতুক অনুভৱ কৰিলো।
“খুব সৰুতে মই নেওতা পাহৰিছিলো”—মই ক'লো।
“নেওতা সকলোৱেই পাহৰে”—চিকিৎসকজনে অলপ গহীন হ’বলৈ চেষ্টা কৰি ক’লে,— আপোনাৰ স্মৃতিভ্ৰংশৰ ঘটনাটো ঠিক কেতিয়াৰপৰা আৰম্ভ হ'ল বুলি আপুনি অনুভৱ কৰে?”
“পাহৰিলো”— মই অসহায়ভাৱে ক'লো।
“বেছ আমোদজনক”— তেওঁ নিজকে কোৱাদি ক'লে।
মোৰ ধাৰণা হ’ল যে পৰ্যবেক্ষকসকলৰ বাবে আমাৰ দৰে মানসিক ৰোগীসকল চিৰকালেই একো একোটাহঁত আমোদজনক উপাদান।
এখন্তেক ৰৈ তেওঁ এটা পোনপটীয়া প্ৰশ্ন কৰিলে,— “আপুনি এনে কোনো স্পষ্ট কাৰকৰ উল্লেখ কৰিব পাৰেনে, যেনে ধৰক কোনো জটিল পাৰিবাৰিক সমস্যা বা অফিছৰ ক্ৰমবৰ্ধমান টেনছন য’ৰপৰা আপুনি স্ব-ইচ্ছাই বা অজ্ঞাতসাৰে পলায়ন কৰিব খোজে?”
“নাই, মই জনাত মোৰ তেনে কোনো পাৰিবাৰিক সমস্যা নাই। মোৰ নিজৰ দুই- চাৰিটা সৰু-সুৰা ধৰণৰ দোষ-ত্ৰুটি থাকিলেও সংসাৰ পৰিচালনাৰ ক্ষেত্ৰত মোৰ পৰিবাৰৰ নিষ্ঠা অতুলনীয়”—কথাষাৰ কওঁতে মই একধৰণৰ গৌৰৱ অনুভৱ কৰিলো। চিকিৎসকজনে মিচিকিয়াই হাঁহিলে।
মই লক্ষ্য কৰিলো যে কোঠালিটোৰ বেৰত দুখন মনোমোহা পেইণ্টিং, টেবুলত এটা ৰুবিক কিউব, বেলেগ-বেলেগ আকাৰ আৰু ৰঙৰ কেইটামান জ্যামিতিক অৱয়ব। অৱশ্যে সেইবোৰৰ প্ৰয়োগ পদ্ধতি সম্পৰ্কে মই বিশেষ নিশ্চিত হ’ব নোৱাৰিলো।
মোক মনত পেলাই দিবলৈ তেওঁ পুনৰ সুধিলে,— “অফিছৰ টেনছন?”
“এফালৰপৰা চবলৈ গ'লে মোৰ অফিছৰ কামবোৰ তেনেই ৰুটিন-আবদ্ধ; তাত মই বেছ অভ্যস্ত। কিন্তু আপুনি যদি কথাষাৰ প্ৰাসংগিক বুলি বিবেচনা কৰে, তেন্তে মই ক’ব পাৰোঁ যে অফিছৰ সামগ্ৰিক পৰিচালনাত এটা চূড়ান্ত অব্যৱস্থা সততে ক্ৰিয়াশীল; সেইটো মই কোনোপধ্যেই হজম কৰিব নোৱাৰোঁ।”
“পাই গ'লো”—চিকিৎসকজনে এটা সিদ্ধান্তত উপনীত হোৱাৰ দৰে এটা ভংগী দেখুৱালে। তাৰ পাছত পেছাগত দক্ষতাৰে ৰাইটিং পেড এখনত কিবাকিবি লিখি , সেইখন