মই বুজি উঠিলো যে ইলিয়াচে পাহৰি গ’ল নিজৰ নাম, নিজৰ ঠিকনা আৰু উপনীত হৈছে বিস্মৃতিৰ চূড়ান্ত পৰ্যায়ত; সেইটোৱেই হয়তো অনেক সমস্যা, অনেক দুৰ্ভাৱনাৰ এটা নিশ্চিত সমাধান।
অথচ মই এতিয়াও অনেক কথাই পাহৰা নাই। পাহৰা নাই আঠাইছ-ছাপন-আঠাইছ, পাহৰা নাই মোৰ অফিছ, ঘৰ, সন্তান আৰু পৰিবাৰ। পাহৰা নাই যে আজি গধূলি মহাত্মা গান্ধী পথৰ এটা সুদৃশ্য চেম্বাৰত এজন মানসিক ৰোগ বিশেষজ্ঞৰ সৈতে আছে মোৰ এটা ৰুটিন-এপইণ্টমেণ্ট।
তথাপি মোৰ স্মৃতিৰ যিহেতু ভাৰসা নাই, গধূলিলৈ হয়তো পাহৰি যাব পাৰোঁ। সেয়েহে কালবিলম্ব নকৰি এই দুপৰীয়াখনতেই মই মহাত্মা গান্ধী পথলৈ ধাৱিত হৈছোঁ আৰু অপেক্ষাৰত সকলো ৰোগীক অতিক্ৰম কৰি গাৰ জোৰেৰে প্ৰবেশ কৰিছোঁ মোব চিকিৎসকজনৰ চেম্বাৰত। চিকিৎসকজনে বিৰক্তি প্ৰকাশ কৰি সুধিলে,—“কি হ’ল?”
এক মুহূৰ্ত ৰৈ মই এটা কাতৰ আবেদন কৰাৰ সুৰত প্ৰশ্ন কৰিলো,— “সকলো পাহৰি যাবলৈ আপোনাৰ চিকিৎসাবিজ্ঞানত নাইনে এনে কোনো চিকিৎসা পদ্ধতি, এটা প্ৰণালীবদ্ধ অধ্যয়ন, যেনে ধৰক আঠাইছ-ছাপন-আঠাইছ বা দুই-আঠ-পাঁচ-ছয়-দুই-আঠ এইটো পাহৰি যাবলৈ নাইনে কোনো নিশ্চিত কৌশল?”
উত্তৰটো দিবলৈ তেওঁ অলপ সময় ল’লে। আৰু কিছু ভাবনা-চিন্তাৰ মূৰতহে যেন এটা সিদ্ধান্তত উপনীত হ’ব পৰা গ’ল,—তেনেকুৱা ভাব এটা প্ৰকাশ কৰি তেওঁ ক’লে, —“নাই। চিকিৎসাবিজ্ঞানত তেনে কোনো চিকিৎসা পদ্ধতি নাই।”
মই হুকহুকাই কান্দি পেলালো। এইবাৰ তেওঁ মোৰ কাষ চাপি আহি এজন বন্ধুৰ দৰে যথেষ্ট সহমৰ্মিতাৰে মোৰ কান্ধত তেওঁৰ হাত এখন থ’লে আৰু এটা আধৰুৱা বাক্য সম্পূৰ্ণ কৰাৰ নিচিনাকৈ ক’লে,—অৱশ্যে আপোনাক কিছু সহায় কৰিব পৰাকৈ এপালি দৰব হয়তো আছে।”
“কি?” – মই সুধিলো।
তেওঁ ক’লে,—“সময়।”
মই তেওঁলৈ তধা লাগি চাই থাকিলো। মোৰ বোধশক্তি নতুবা মনোযোগ সম্পৰ্কে সন্দিহান হৈ তেওঁ পুনৰ ক’লে,— “মন কৰিলেনে মই কি কৈছোঁ? হয়তো অলপ সময়ৰ প্ৰয়োজন। সময়ে সকলো পাহৰায়।”