চেষ্টা কৰিলো যে মোৰ ভুলটো হ’ল,—মই পাহৰি গ'লো যে আজি মাহটোৰ দ্বিতীয়
শনিবাৰ আৰু মোৰ অফিছ যিহেতু বন্ধ, গতিকে মই ধৰি ল'লো যে সকলো বন্ধ, কিন্তু
প্ৰকৃততে যে সকলো খোলা, সেই কথাটো মোৰ ঠিক খেয়াল নহ'ল। মোৰ বুজনিৰ
শেষডোখৰত এটা দোষী-দোষী ভাব প্ৰকাশ কৰিবলৈ মই ক'লো,—“হয়তো এটা
সময়লৈকে মনত আছিল, তাৰ পাছত মই পাহৰি গ'লো, বৰ বেয়াকৈ পাহৰি গ'লো
নিবেদিতা।”
“বেছ, মোৰ নামটোযে তুমি পাহৰা নাই তাৰ কাৰণে ধন্যবাদ”—পৰিবাৰে এটা কেলকুলেটেড খোঁচ মাৰিলে। তাৰ পাছত তেওঁ আন এটা প্ৰশ্নবাণ নিক্ষেপ কৰিলে,— “এটা মানুহ মাতি বেডৰুমৰ ফেনখন মেৰামতি কৰোৱাৰ কথাষাৰ যে এসপ্তাহ ধৰি কৈ আছোঁ, সেইটো মনত আছেনে?”
মই এটা তৃতীয় শ্ৰেণীৰ অপৰাধীৰ দৰে তলমূৰ কৰিলো আৰু তেনেকৈ থাকিয়েই ক'লো, - ‘ওহোঁ, মই সেইটোও পাহৰি আছোঁ।”
“পাহৰিবাই”— এটা অভিজ্ঞ স্বৰেৰে তেওঁ ভোৰভোৰালে আৰু তাৰ পাছত বিষয়টোৰ এটা নিষ্পত্তিৰ বাবে পৰামৰ্শ দিয়াৰ সুৰত ক'লে,—“আচলতে এই মুহূৰ্তত তোমাৰ কিহৰ প্ৰয়োজন জানানে?”
“নাজানো”—মই এটা নিৰ্বোধ বালকৰ দৰে ক'লো।
তেওঁ ক'লে,—“এজন মানসিক চিকিৎসকৰ।”
এদিন যেতিয়া সঁচাকৈয়ে মই উপলব্ধি কৰিলো যে মোৰ পাহৰা স্বভাৱটো মোৰ
পৰিয়াল আৰু মোৰ বাবে খুবেই উদ্বেগজনক আৰু অচিৰেই এটা ব্যৱস্থা হাতত নল'লে
মোৰ স্মৃতিশক্তি অৱস্থান কৰিব মোৰ নিয়ন্ত্ৰণৰ বাহিৰত, তেতিয়া মোৰ ভাব হ’ল যে
এজন চিকিৎসকৰ আশ্ৰয় লোৱাটো একো অন্যায় কথা নহ’ব। মোৰ কোনোবা এজন
সহপাঠীয়ে পাছলৈ এজন মানসিক ৰোগ বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল, অথচ
তেওঁৰ নামটো কোনেপধ্যেই মোৰ মনত নপৰিল।
মহানগৰীৰ টেলিফোন ডাইৰেক্টৰিখন উলিয়াই চিকিৎসকৰ তালিকাখনত এবাৰ চকু ফুৰাই ল'লো। পৰিচিত নহ'লেও এটা নাম মোৰ বেয়া নালাগিল। অৰ্থাৎ ধৰি ল'ব পাৰি যে এজন চিকিৎসকৰ সন্ধান পোৱা গ'ল। টেলিফোনৰ সিটো প্ৰান্তৰপৰা মোক জনোৱা হ’ল যে চিকিৎসকজনৰ ঘৰ আৰু সংলগ্ন চেম্বাৰ মহাত্মা গান্ধী পথত আৰু আগতীয়াকৈ জনাই থ'লেহে মোৰ নাম সিদিনালৈ চাবলগীয়া ৰোগীৰ তালিকাত লিপিবদ্ধ কৰাটো সম্ভৱ।
অৱশ্যে এই কথাটো মই নিশ্চয়কৈ জানো যে মহানগৰীত চিকিৎসক যদিও অসংখ্য, তথাপি ৰোগীৰ সংখ্যাটো যিহেতু হাজাৰ গুণে ডাঙৰ, গতিকে এপইণ্টমেণ্টৰ বাবে আগতীয়া