পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এখন ফেমিলি ফটোগ্ৰাফ / ৪৩
 


 তুলি মনে মনে আছে। কিন্তু মৌৱে কৈছে,—“আমাৰ বা আকৌ কি হয়! এবাৰ ডুবাইলৈ গ’লে মোৰো এইফালে আধ্যা পৰিব।”

 প্ৰকৃততে আৱেগৰ এই চৰম মুহূৰ্তটোৰ উম লৈ মামু, তুলি, মৌ, দেৱাশীষ আৰু ভন —দত্ত পৰিয়ালৰ এই পাঁচোটি ভায়েক-ভনীয়েকেই উপলব্ধি কৰিছে যে আজিৰ এই অনুষ্ঠানটোৰ পাছত আটাইকেইজন একগোট হোৱাৰ সম্ভাৱনা কম। মামুৱে অনুচ্চ কণ্ঠেৰে ক’লে, “ভগৱানে নকৰক, ঘৰত কিবা এটা অঘটন ঘটিলেহে ছাগৈ আমি আকৌ লগালগি হ'ম।”

 অঘটন? তেনেই সৰুকৈ উচ্চাৰণ কৰা শব্দটো ক'ৰবাত ঠেকা-খুন্দা খাই কেনেবাকৈ ইন্দ্ৰ দত্তৰ কাণত সোমাল। আৰু এই সামান্য শব্দ তৰংগটো দত্তৰ বুকুৰ ভিতৰত সোমাই এটা নিনাদৰ সৃষ্টি হ’ল। এক অব্যক্ত শোকৰ হেঁচাত তেওঁৰ দুচকুৰে ওলাই আহিল চকুপানী দুটোপাল। ইন্দ্ৰ দত্তই কাতৰ, বিহ্বল আৰু অসহায় দৃষ্টিৰে সন্তানহঁতলৈ চালে। নাই, কোনেও তেওঁলৈ মন কৰা নাই।

 ইতিমধ্যে ভনৰ বিদায় পৰ্ব আৰম্ভ হৈছে। এটা নতুন, যুগ্ম জীৱনৰ আশীৰ্বাদ বিচাৰি তাই,— আৰু ৰাজনেও—দেউতাক, ককায়েক, বায়েকহঁতৰ ভৰি চুই সেৱা কৰিছে। শোভনাই তাইৰ দুবাহুত ধৰি পদূলিত ৰৈ থকা গাড়ীখনলৈ আগবঢ়াই নিছে। আৰু তাৰ কেইটামান মুহূৰ্তৰ পাছত ভন ৰাজনৰ কাষত বহি আন এখন ঘৰৰ ফেমিলি ফটোগ্ৰাফ শুৱনি কৰিবলৈ গুচি গৈছে।

 হঠাৎ সকলো শূন্য যেন লগাৰ মুহূৰ্তত, এতিয়াই কৰিবলগীয়া একো নাই যেন অনুভৱ কৰাৰ ক্ষণত কৰুণাই পৰম আগ্ৰহেৰে ইন্দ্ৰ দত্তক সুধিলে, “অথনি যে আপুনি কাঠমিস্ত্ৰীৰ কথাটো কৈছিল, আজিয়েই ৰকিবুলক কৈ আহোগৈ নেকি ছাৰ?”

 আগলৈ আকৌ কেতিয়াবা পৰিয়ালটোৰ সদস্যসকল লগ লাগিব, লগ লাগিলে এনেকৈ আকৌ এখন ফেমিলি ফটোগ্ৰাফ তোলাব লাগিব, ফটোৰ ঠিক সোঁমাজত পৰিয়ালটোৰ মুৰব্বীজন বহিব পৰাকৈ সিংহাসনৰ দৰে দেখনিয়াৰ চকী এখন থাকিব, সগৌৰৱে তাত বহিব ইন্দ্ৰ দত্ত, দত্তৰ দুয়োকাষে জীয়েক-জোঁৱায়েক, পুতেক-বোৱাৰীয়েক, দুষ্ট অথচ তীখৰ নাতি-নাতিনী এজাক—

 ওহোঁ, কিবা এটা অঘটন নঘটিলে এই পৰিয়ালটোৰ সদস্যসকল এনেদৰে গোট খোৱাৰ কোনো আশা নাই। বিমৰ্ষ মনেৰে ইন্দ্ৰ দত্তই উত্তৰ দিলে, “নালাগে দে। গুদামৰ কাঠখিনি অইন এটা কামত লাগিব।”


সাদিন বসন্ত সম্ভাৰ, ২০০২