পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০/ ওভতনি যাত্ৰা
 


শব্দ কৰি চলি আছিল আৰু হঠাৎ বিদ্যুৎ প্ৰবাহ বন্ধ হৈ গ'ল আৰু লগে লগে সেই শব্দটো নোহোৱা হ’ল। ইমানবোৰ মানুহেৰে ভৰি থকা ঘৰখন যেন হঠাৎ নিজম পৰিল।

 ইন্দ্ৰ দত্ত এইবাৰ ভন, মৌ, শোভনাহঁত সোমাই থকা কোঠাটোত সোমাল। কইনাৰ সাজেৰে গধুৰ হৈ থকা ভনৰ চকুৱে চকুৱে পৰোঁতে তেওঁক বিবুধিত পৰা যেন দেখা গ'ল।

 ঠিক তেনেকুৱাতে ভনে ক'লে, “পৰিয়ালৰ সকলো সদস্য থকাকৈ একপি ফটো উঠিব লাগে। দেউতাক মাজত লৈ আমি যেয়ে য’ত থিয় হ’ব লাগে হৈ এখন গ্ৰুপ ফটো উঠিম।”

 একপি গ্ৰুপ ফটো। এখন ফেমিলি ফটোগ্ৰাফ। এটা তেনেই সাধাৰণ কথা। অথচ ভনৰ মুখেৰে কথাষাৰ ওলোৱাৰ লগে লগে গোটেই পৰিবেশটো সলনি হৈ গ'ল।

 মামুহঁতৰ কেমেৰাটো মিতিলৰ হাতত আছিল। তেওঁ চিঞৰিলে, –– মিতিল।

 ফটোৰ প্ৰস্তাৱটো ৰাজনৰ কাণত পৰাৰ লগে লগে সিহঁতে অনা কেমেৰাটোৰে সিও সাজু হ'ল।

 দেৱাশীষে ক’লে, “তহঁতেই উঠচোন। লেতেৰাকৈ আছোঁ যেতিয়া ফটোকপি ময়েই তুলি দিওঁ।”

 কোনোবাই ক’লে, “নাই নাই, সেইটো কেনেকৈ হ’ব? আমি ইমানবোৰ বাহিৰা মানুহ থাকোঁতে আপুনি—”

 তুলি আৰু মৌৰ এতিয়াহে যেন মনত পৰিল, তাহাঁতৰ মানুহ দুটাক বহু সময় দেখা নাই। মৌহঁতৰো এটা কেমেৰা আছে; কিন্তু দৰকাৰৰ সময়ত কেমেৰাটো মানুহটোৱে ক’ত যে সুমুৱাই থয়, সেইটোহে বৰ বিৰক্তিৰ কথা।

 ইন্দ্ৰ দত্তই অৱশ্যে প্ৰথমতে অলপ লাজ কৰিলে। মামুৱে ক’লে, “একেলগে ফটো একপি উঠো দে পিতাই। মইনো ক’ত সঘনাই আহি থাকিব পাৰোঁ!”

 কথাষাৰ মিছা নহয় মামুৰ গৃহস্থ জলন্ধৰলৈ বদলি হোৱাৰ পাছত চাৰি বছৰৰ মূৰত তেওঁ ঘৰলৈ আহিছে। তাকো ল'ৰা-ছোৱালীহালক লৈ—একপ্ৰকাৰ অকলেই।

 তুলিহঁত থাকে গুৱাহাটীত। দেখাত তেনেই ওচৰ। কিন্তু ল’ৰাদুটাৰ পঢ়া-শুনা, টিউছন, চুইমিং ক্লাছ আদিৰ পাকত পৰি তেওঁৰো অহাটো কমিছে।

 আৰু যদিহে মেকডুৱেল কোম্পানীৰ কৰ্তৃপক্ষই মৌহঁতক কোম্পানীৰ ডুবাইৰ অফিছলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তটো চূড়ান্ত কৰে তেন্তে অহা কেইটামান বছৰলৈ,—কোনে জানে কিমানদিনলৈ, —পৰিয়ালটোৰ সান্নিধ্যৰ পৰা তেওঁলোকো বঞ্চিত হ’ব।

 গতিকে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, এটা নিতান্তই পাৰিবাৰিক স্বাৰ্থত, একধৰণৰ আৱেগিক প্ৰয়োজনত দত্ত পৰিয়ালৰ সদস্যসকল এখন ফেমিলি ফটোৰ বাবে উদগ্ৰীৱ হৈ উঠিল। আৰু এই সুন্দৰ পৰিকল্পনাটোক ৰূপায়িত কৰিবলৈ অন্ততঃ দুটা কেমেৰা