পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এখন ফেমিলি ফটোগ্ৰাফ /৩৯
 


 মামু, তুলি আৰু মৌৰ একাদিক্ৰমে বিবাহ হৈ যোৱাৰ পাছত ইন্দ্ৰ দত্তৰ যোৱা চাৰিটা বছৰৰ স্বাস্থ্যৰ খবৰ ৰাখি থকা প্ৰাণীকেইটা হ'ল দেৱাশীষ আৰু ভন। এই চাৰিটা বছৰৰ শেহৰ দুটাত অংশগ্ৰহণ কৰি শোভনায়ো অৱশ্যে যথেষ্ট পৰিচৰ্যা কৰিছে।

 দেৱাশীষে শোভনাক কৈয়েই থৈছিল,—“কন্দা-কটা অলপ-অচৰপতো হ’বই, দেউতাৰ অৱস্থাটো ভন আৰু তুমিহে দেখি আছা, গতিকে সেইমতে চম্ভালিবা।”

 কিন্তু চকু, ওঁঠ আৰু নাকৰ পাহিৰে মৌৱে যি আয়োজন চলাইছে তালৈ চাই দেৱাশীষৰ আজিৰ অনুষ্ঠানটোৰ এই শেষ সময়কণ সুখকৰ নহ’ব যেনেই লাগিল। আঁৰ চকুৰে তেওঁ মন কৰিলে ভাইৰাচৰ দৰে মৌৰ চকুৰ পানী তুলিৰ চকুলৈ সংক্ৰমিত হৈছেই। পিনু জেঠাই, জেঠাইৰ ছোৱালী নিতা, ভনৰ লগৰ দুজনীমান, আনকি শোভনায়ো—বিভিন্ন ভংগীত নিজৰ নিজৰ ভাগৰ চকুপানীখিনি টুকি ল'লে।

 বাহিৰৰ এটা কোঠাৰ পৰা ৰাজনৰ বন্ধু দুজনৰ উচ্ছ্বসিত অথচ চেপা মাত একোষাৰি ভাহি আহিছে। সাংকেতিক ভাষাৰে তেওঁলোকে ৰাজনক জুলুম কৰিছে। চেপা মাতেৰে সিও প্ৰত্যাক্ৰমণ কৰিছে–তহঁতৰো পাল পৰিব এদিন বাছাহঁত, গম পাবি!

 খোৱা-বোৱা কৰিবলৈ কোনোবা ৰৈ গ’ল নেকি— ইন্দ্ৰ দত্তই তাৰে খবৰ লৈ ফুৰিছিল। আৰু অলপ আগতে কৰুণাৰ পৰা নিশ্চিত হৈ লৈছে—আৰু কোনো বাকী নাই। তাৰ পাছত? আলহী-দুলহীক মাত লগোৱাৰ বাহিৰে আৰু কি কৰা যায়? এনেকুৱা সময়ত ইন্দ্ৰ দত্তৰ ছাগৈ মানুহজনীলৈ মনত পৰে।

 এইখন চোতালত ইয়াৰ আগতেও চাৰিটাকৈ বিবাহ অনুষ্ঠান পাৰ হৈ গৈছে। দেৱাশীষৰ কথাটো যেনিবা বেলেগ; কিন্তু তেওঁৰ বায়েককেইজনীৰ ক্ষেত্ৰত প্ৰতিবাৰতেই এনে একোটা দিন, এনেকুৱা একোটি মুহূৰ্ত আহিছে। অথচ এই মুহূৰ্তত ইন্দ্ৰ দত্তক দেখি এনে লাগিল যেন এইখন চোতালত এইটো প্ৰথম বিবাহ অনুষ্ঠান!

 আন এটা কোঠাত দত্তৰ দুৰ্দান্ত নাতি-নাতিনীকেইটাই চিঞৰ-বাখৰ, দবৰা-দবৰি কৰি আছিল। দত্তই ভাবিলে, সিহঁতক কণ্ট্ৰোল কৰাটোও এটা কাম। স্কুলৰ ওপৰ শ্ৰেণী পোৱা দুটামানক বাদ দি দত্তৰ নাতি-নাতিনী সম্পৰ্কে প্ৰকৃততে, আৰু সংক্ষেপে, ইমানেই ক’ব পাৰি যে সিহঁতক চম্ভালিবলৈ যোৱাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান। সিহঁত গোটেইকেইটা লগলাগি এইকেইদিন সিহঁতৰ অফুৰন্ত প্ৰাণশক্তি যিদৰে উজাৰ কৰি দিছে তালৈ চাই কৰুণাৰ দৰে অলপধতুৱাটোৰ কথাতো বাদেই, মোমায়েক দেৱাশীষৰেই সাহসে কুলোৱা নাই।

 কিন্তু সিহঁতৰ চিঞৰ-বাখৰৰ শব্দবোৰ বন্ধ হৈ যোৱাটোও এই মুহূৰ্তত ভাল কথা নহ'ব। দেৱাশীষে ভাবিলে, এনেকুৱা পৰিবেশত কিবা এক ধৰণৰ হুলস্থূল হৈ থাকিবহে লাগে।

 অথচ অৱলীলাক্ৰমে সেই কোৰ্হালো বন্ধ হ’ল। যেন কাৰখানাৰ মেছিন এটা ঘৰ্ ঘৰ্