পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখন ফেমিলি ফটোগ্ৰাফ

 এখন ফেমিলি ফটোগ্ৰাফ থাকিব লাগে। কথাটো প্ৰথমতে ভনৰ মনত খেলাল। তাই ছাগৈ ভাবিয়েই থৈছিল। কিন্তু প্ৰস্তাৱটো উত্থাপন কৰোঁতে যিমান কৰ্তৃত্বসুলভ মাত এষাৰ তাইৰ মুখেৰে ওলাই আহিব লাগিছিল, সিমানটো নহ’ল। লাজ আৰু সংকোচৰ সুৰ এটাও সেই মাতৰ লগত মিহলি হৈ ওলাল। আচলতে এইকেইদিন ভনক সঘনাই অন্যমনস্ক হৈ পৰা দেখা গৈছে। আৰু তেনেকুৱা হ’বৰেই কথা। ল’ৰাটো তাইৰ যিমানেই চিনাকি নহওক কিয়, নতুন ঘৰ এখনত থিতাপি লাগিবলৈ যোৱাটো সঁচাই এটা অদ্ভুত কাৰবাৰ।

 আজি এই আঠমঙলা নামৰ বিবাহ-সংলগ্ন অনুষ্ঠানটিৰ শেষ পৰ্যায় পাইছেহি। অনুগত ভৃত্যৰ দৰে মাখন বৰণীয়া গাড়ী এখন পদূলিত ৰৈ আছে। আৰু মাথোন এঘণ্টামান পাছতেই ভনহঁতক লৈ ই ধোঁৱা আৰু ধূলি উৰুৱাই গুচি যাবলৈ উদ্যত হ’ব। কিমান দূৰলৈ নো যাব! এইখন নগৰৰে আন এটা পদূলিত ৰ’বগৈ!

 ভনীয়েকজনী ওচৰত থাকিব বুলিয়েই হ’বলা ফেমিলি ফটোৰ কথাটো দেৱাশীষৰ মনলৈ অহা নাছিল। অলপ আগলৈকে অৱশ্যে তেনেকুৱা কিবা এটা ভাবিবলৈ তেওঁৰ আহৰিও নাছিল। কিন্তু এতিয়া হঠাৎ তেওঁ আৱিষ্কাৰ কৰিলে,—সদ্যহতে তেওঁৰ কৰিবলগীয়া একো নাই। তথাপি দুবাৰমান এনেয়ে পাছ চোতালৰপৰা আগ বাৰাণ্ডালৈ তেওঁ অহা-যোৱা কৰি চালে; নাই, —একো কাম নাই।

 শোভনাক এবাৰ ষ্টোৰৰুমৰ গধুৰ বাকচ এটা চোঁচোৰাই থকা দেখা গৈছিল। এতিয়া তেওঁ ডিভানখনৰ এচুকত আঁউজি বহিছে। তেওঁৰ ভাগৰ লাগিছে। বোৱাৰী হিচাপে তেওঁ কৰিবলগীয়াখিনি কৰিছে,— তেওঁৰ মুখখনত এতিয়া তেনেকুৱা এটা ভাব।

 বিয়াৰ দিনা পাহৰা দুই-এপদ লাগতিয়াল সামগ্ৰীৰ কথা তুলিৰ,— মানে ইন্দ্ৰ দত্তৰ দ্বিতীয়জনী জীয়ৰীৰ মনত পৰিছিল; মনত পৰোঁতেই তেওঁ মৌৰ,— অৰ্থাৎ তেওঁৰ ঠিক তলৰজনীৰ কাণ ছোৱাই থ'লে। মৌ আৰু ভনৰ মিলটো বেছি। কাগজৰ পেকেটবোৰত কিবাকিবিবোৰ সুমুৱাই থাকোঁতে মৌৱে মাজে মাজে উচুপি থাকিল।

 এনেকুৱা একোটা বিহ্বল, আৱেগজৰ্জৰ, নাটকীয় মুহূৰ্তত দেৱাশীষৰ চিন্তা হয় দেউতাকক লৈ। বয়সৰ লগে লগে ইন্দ্ৰ দত্তৰ টুক-টাক অসুখ-বিসুখ লাগিয়েই থকা হৈছে। ৰিউমেটিক পেইন, হাই ব্লাডপ্ৰেছাৰ— এজন বাসত্তৰ বছৰ বয়সৰ বুঢ়া মানুহে যিবিলাক ৰোগৰ প্ৰতিনিধিত্ব কৰে, সেই সকলোবোৰ তেওঁৰ আছে।