পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০ •একুৰি এটা গল্প
 

ল’ৰা-ছোৱালী, বৃদ্ধা মাক, ভনীয়েক এজনী আৰু পৰিবাৰ— মুঠতে ছজনীয়া পৰিয়ালৰ দায়িত্ব তাৰ। টকা মাত্ৰ সাত হাজাৰ, বিমানে জেপ খুঁচৰি কাগজ আৰু কলম উলিয়াই আনিলে— দিবলগীয়া টকাৰ হিচাপ এটা কৰো বুলি সি লিখি গ’ল— গেলামালৰ দোকানত ১৪৩৫ টকা, গাখীৰত ৬০০ টকা, ভনীয়েকৰ টিউশ্যন ফিজ ৬০০ টকা, মাকৰ বাবে নিয়মিত দৰবৰ দোকানৰ পৰা আনি থকা দৰবত ৩০৭ টকা, যোৱা মাহত ওচৰৰ মিস্ত্ৰি এজনৰ হতুৱাই সন্মুখৰ দৰ্জাখন মেৰামতি কৰাইছিল, তাক দিবলৈ আছে ৫১৫ টকা, স্কুলৰ হেড মাষ্টৰৰ ঘৈণীয়েকৰ পৰা অনা ২০০০ টকা। শাক-পাচলিৰ বেপাৰীটোৰ ওচৰত ৩৩০ টকা, সৰ্বোপৰি দুৰ্গাপূজা... বিমানৰ গাটো কিবা-কিবি লাগিল। সি ডেস্কখনতে হাতখন মেলি মূৰটো পেলাই দিলে।
  মালতী উঠি আহিল— ছাৰ গা বেয়া নেকি?
  সি মূৰ তুলিলে—নাই,নহয় বাই— ভাগৰ ভাগৰ যেনহে লাগিছে।
  দোকানৰ ল'ৰাটোৱে চাহ এগিলাচ আনি থৈ আৰু কি খাব সুধিলে। ‘চাহ খাবৰ মনেই নাছিল... | আন একো নালাগে’ বুলি কৈ সি চাহত ঢোক মাৰিলে। দোকানৰ গ্ৰাহকবোৰো পাতলি আহিছে।
  — বুজিছা মালতীবাই, চাকৰি-বাকৰি এৰি কেনিবা গুচিয়েই যাওঁগৈ নেকি? জীৱনটোৱে বৰ তিতা-কেঁহা লগাইছে অ’।
  —অঃ, আজি দৰমহা লোৱাৰ দিনাই ইমান ‘ডাউন’ হয়নে? দৰমহা পাইছে, স্ফূৰ্তি কৰক। আজি সপ্তমী পূজা, আনন্দ কৰক।
  দৰমহা! আজি তিনিমাহৰ মূৰত যিকেইখন কাগজৰ টুকুৰা পাইছো, সেইকেইখনৰে মোৰ লেও দিবলৈও নাটে। হাল-কোৰ ধৰিবলৈ মাটি এটুকুৰাও নাই, তাতে যুগটো যে কি হ’ল... বাই, চাহ খুৱালা, তামোল এখনো দিয়া, যাওঁগৈ।
  মালতীয়ে ষ্টীলৰ প্লেটখনত তামোল এখন উলিয়াই দিয়াত বিমানে টকা এটা আকৌ উলিয়াই দিলে।
  —ছাৰ, ক’বলৈও বেয়া লাগে, তামোল এখনত ১.৫০ টকা হ'ল। বজাৰত তামোল-পাণৰ যিহে দাম! এটকাত এখন তামোল দিলে আমাৰ লোকচানহে হয়... আজিলৈ বাৰু হ’ব।
  —বিমানে জেপ খুচৰি ৫০ পইচা পায় নেকি চালে, নাপাই পাছত ল’বা’ বুলি কৈ ওলাই আহিল। সি ঘৰলৈ যাবনে বজাৰলৈ যাব ভাবি বজাৰলৈকে যোৱা ঠিক কৰি খোজ দিলে। গেলামালৰ দোকানী ৰতন মণ্ডলক আগৰ বাকীখিনি