পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!
সমৰেন্দ্ৰনাৰায়ণ দেৱ

 

‘মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।’— এয়া এজন কলংপৰীয়া কবিৰ জীৱনৰ গভীৰ উপলব্ধি। কলঙৰ পাৰত জন্ম আছে, কলঙৰ পাৰত শৈশৱ আছে, কলঙৰ পৰত কৈশোৰ আছে, কলঙৰ পাৰত যৌৱন আছে, কলঙৰ পাৰত প্ৰেম আছে, বিৰহ আছে, মিলন আছে, কলঙৰ পাৰত বাৰ্ধক্য আছে, মৃত্যু আছে। কিন্তু কলঙে অকালতে কাৰোবাক সাবতি লোৱাৰ বুৰঞ্জী আছে জানো? হয়তো আছে কোনোবাই কলঙৰ বুকুতেই চিৰশান্তি লোৱাৰ, জীৱনতকৈও মৃত্যুকেই শ্ৰেয় বুলি ভবাৰ। এয়া এক কৰুণ উপলব্ধি, এয়া মানৱ জীৱনৰ এক কৰুণ সমাপ্তি।

বাপুদা— বাপুদায়ে হয়তো কলঙ পাৰত থিয় হৈ আকৌ এবাৰ কলং পনীয়া কবিৰ কবিতাটো আবৃত্তি কৰিছিল— ‘মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।’ বহুদিন বাপুদাৰ কাষত বহি শুনিছিলোঁ অসমীয়া, বঙালী, উৰ্দু শ্বায়েৰ, ইংৰাজী নাটকৰ