পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সংলাপ আৰু কবিতা। বাপুদাৰ কণ্ঠৰ দৰে খুব কমৰেই ইমান মধুৰ আবৃত্তিৰ কণ্ঠ আছিল। বাপুদাৰ কণ্ঠ অসমৰ সকলোৰে বৰ চিনাকি, বৰ মৰমৰ; সেয়া নাটকৰ সংলাপেই হওক বা ফুটবলৰ চলন্ত ধাৰা বিবৰণীয়েই হওক। কিন্তু এই কণ্ঠ হঠাতে স্তব্ধ হৈ গ’ল, মৃত্যুৰ গভীৰ শীতে সোণালী কণ্ঠ সাৱতি ধৰিলে।

ভাতৃসম ল’ৰাজনে বৰ বিষন্ন মনে মোক সুধিছিল কথাটো সচাঁনে? মই উচপ খাই উঠিছিলোঁ। কি? কি ক’লা? কলঙৰ বুকুৰ পৰা তচদ্দুক ইউছুফৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই নিৰ্মম কথাটো তোমাক কোনে ক’লে? এৰা বহুতেই কৈছে, ৰেডিঅ’ই কৈছে, বাতৰি কাকতে কৈছে। মুহূৰ্ততে মোৰ মনৰ মাজত বহুতো স্মৃতি ভাঁহি উঠিল। টুকুৰা টুকুৰ কিছুমান দ্ৰুত ধাৱমান ছবি— যাক ফিল্মৰ ভাষাত কোৱা হয় ‘মন্‌টাজ’। বাপুদা মানে তচদ্দুক ইউছুফৰ সতে মোৰ সম্বন্ধ ফিল্মৰ। ফিল্মৰ মাজেদিয়েই তচদ্দুক ইউছুফৰ সতে মোৰ গভীৰ সম্পক গঢ়ি উঠিছিল। ফিল্ম যিদৰে মোৰ প্ৰাণৰ বন্ধু, বাপুদাও আছিল মোৰ তেজৰ সম্বন্ধ থকা এজন আত্মীয়তকৈও বেছি অপোনজন। তিনিটা বিশেষ ঘটনাৰ বাবেই তচদ্দুক ইউছুফ

২৭