পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাট্যশালা’লৈ ৰূপান্তৰিত কৰা হ’ব। শিল্পী সাহিত্যিক সকলৰ গাত তত্ নোহোৱা হৈ পৰিল— আমাৰ এটা ‘জাতীয় নাট্যশালা’ হ’ব— তাত ভাগ ল’বলৈ উখল-মাখল লাগি পৰিল। তাৰ মাজতে কিছুমানে অৱশ্যে প্ৰশ্ন কৰিলে ‘জাতীয় নাট্যশালা’ মানেনো কি? তাৰ উত্তৰখিনি ৰান্ধনি ঘৰৰ শিকিয়াত তুলি থোৱা হ’ল। মাথোন কমিটি কৰিব লাগে আৰু তাত ভাগ ল’ব লাগে। অসমৰ ইমূৰৰপৰা সিমূৰৰ স্বনামধন্য ব্যক্তি সকলেৰে এখন কমিটিও গঠন কৰা হ’ল; কিন্তু দুখৰ বিষয়, শেষত দেখা গ’ল কমিটিখনত এজনো মুছলমান লোক লোৱা ন’হল। গতিকে লৰালৰি কৰি তচদ্দুক ইউছুফৰ নামটো কমিটিত লোৱা হ’ল। হায়! সংস্কৃতিৰ কি কৰুণ প্ৰকাশ! তচদ্দুক ইউছুফে তাৰ প্ৰতিবাদ কৰিলে— মই যদি সংস্কৃতিৰ মানুহ নহওঁ, সংস্কৃতিৰ ক্ষেত্ৰত অসমত যদি মোৰ কোনো বৰঙণি নাই, তেনেহলে ‘জাতীয় নাট্যশালা’ৰ কমিটিত এজন মুছলমান প্ৰতিনিধি হিচাপে মই নাথাকোঁ। এক তীব্ৰ প্ৰতিবাদ। লগতে তেওঁ প্ৰশ্নও কৰিলে ‘জাতীয় নাট্যশালা’ মানেনো আপোনালোকে কি বুজিছে? উত্তৰ শূন্য। টেঙৰ বুদ্ধিজীবীসকল আজিও নিমাত। সেয়েহে সংস্কৃতিক ভালাপোৱা, জ্ঞানক ভালপোৱা নতুন পুৰুষ এজনেও আজি শিক্ষা-সংস্কৃতিৰ কমিটি

২৯