সমললৈ যাওক

আমাৰ চিনাকি তচদ্দুক/ট্ৰেজিক ৰাজকোঁৱৰ তচদ্দুক

ৱিকিউৎসৰ পৰা
[ ৭২ ]
 

ট্ৰেজিক ৰাজকোঁৱৰ তচদ্দুক

নব শৰ্মা

 

…All the Perfumes of Arabia will not sweeten this little hand, Oh!…

 হতাশাৰ জন্ম, সাধাৰণতে ভবাৰ, স্বীকৃতিৰ অভাৱত নহয়। এই হতাশাৰ মূলতে হ’ল সামাজিক অবিচাৰৰ ফলত উদ্ভৱ হোৱা, জীৱনৰ অভিলাস (সময়ত সপোন ৰূপ) আৰু বাস্তৱৰ মাজৰ পাৰ্থক্য; ঠুনুকা অন্তৰৰ শিল্পীৰ জীৱনত এই পাৰ্থক্যই হ’ল অপূৰ্ণতা।

 তচদ্দুক ইউছুফৰ মৃত্যুৰ পিছদিনা পুৱাটো কবি হীৰু ভট্টৰ সৈতে বহি কটালোঁ। আমি বেছি কথা পাতিব পৰা নাছিলোঁ। ইউছুফৰ সৈতে কবিৰ আত্মীয়তা মোতকৈ বহুত বেছি। ইউছুফ গুৱাহাটীলৈ আহিলে কবিৰ ঘৰলৈ যায়; মোৰ পিচে খবৰহে লয়। মৃত্যুৰ খবৰটো তেওঁ আগদিনাই পাইছিল— এখন কবি সন্মিলন চলি আছিল। বাতৰিটো সন্মিলনত জনাই ভট্টই এটা শোক প্ৰস্তাৱ লোৱাৰ কথা কৈছিল; পিচে বাকীসকলে “বাৰু, সন্মিলনৰ কাম হৈ লওকচোন, তাৰ পিচতো…” বুলি সামৰি থলে।
[ ৭৩ ]  “আত্মহত্যা সমাজ আৰু আইন দুয়ো দিশৰ পৰাই অমাৰ্জনীয়; যিজনে আত্মহত্যা কৰিব পাৰে তেওঁ আন এজনকো হত্যা কৰিব পাৰে। এনে লোকৰ বিষয়ে বিশেষ সোঁৱৰণ বুলিনো ঘপহকৈ কি লিখা বা কোৱা যায়?”— ইত্যাদি দোমোজাৰ মাজতে শিল্পী বুদ্ধিজীৱীসকলে ইউছুফৰ বিয়োগত শোকবাৰ্তা আদি প্ৰকাশ কৰি তোলপাৰ নলগাই নীৰৱে থকাটো মই আদৰণি জনাইছোঁ, কাৰণ জীৱন কালত যাৰ সমুখত নীৰৱতা অৱলম্বন কৰা যায়, তাৰ মৃত্যুত শোক প্ৰস্তাৱ হ’ল প্ৰহসন মাত্ৰ।

 অসমত এতিয়ালৈকে ভালেমান প্ৰতিভাবান শিল্পীয়ে, আত্মহত্যা নহলেও আত্মহত্যা সদৃশ মৃত্যু বৰণ কৰিছে। অযোগ্যতা আৰু বিদ্বেষেৰে ভৰা শিল্পী সমাজ ব্যৱস্থাই এই হত্যাকাৰী, যাৰ সমুখত প্ৰকৃততে প্ৰতিভাবানজনৰো মন এটা সময়ত হতাশা, অনিশ্চয়তা আৰু অপূৰ্ণতাৰ আন্ধাৰে ঢাকি ধৰিবলৈ বাধ্য। তাৰ পিচত মৃত্য; তেতিয়া আৰু সেই মৃত্যু হত্যাই নে আত্মহত্যা সেইটো অপ্ৰাসংগিক। আচল কথা হ’ল সেয়া অৱহেলা আৰু অবিচাৰৰ সম্মুখত প্ৰতিভাৰ কৰুণ পৰাজয়।

 সেয়ে এজন পুৰণি গুণমুগ্ধ ৰূপে, তচদ্দুক ইউছুফৰ অকাল বিয়োগত গভীৰ শোক পাইছোঁ; [ ৭৪ ] কিন্তু অকণো আচৰিত হোৱা নাই— কাৰণ শিল্পী ইউছুফৰ হত্যা আজি কিছুবছৰ আগতেই আৰম্ভ হৈছিল বুলি মই সপ্ৰমাণে জানো। কবি হীৰু ভট্টয়ো অনুভৱ কৰিছিল আৰু ইউছুফে নিজেও জানিছিল— সেয়ে তেওঁৰ মানসিক মৃত্যু কেইবছৰমান আগতেই ঘটিছিল।

 মঞ্চ, চলচিত্ৰ আৰু অনাতাঁৰ— তিনিওটা মাধ্যমতে সমানে পাৰদৰ্শী আৰু সৰ্বভাৰতীয় ক্ষেত্ৰত ফেৰ মাৰিব পৰা শিল্পী ইউছুফৰ প্ৰথম প্ৰেম আছিল অনাতাঁৰ অভিনয়; কিন্তু তাতেই তেওঁক কিদৰে পৰাভূত কৰা হৈছিল তাক মই ব্যক্তিগতভাৱে জানো। ৰেডিঅ’ নাটকৰ অভিনয় কৰি অকল তেওঁ যে অতি ভাল পাইছিল তেনে নহয়; ৰেডিঅ’ মাধ্যমটোত তেওঁৰ দৰে অসাধাৰণ প্ৰতিভাৰ প্ৰয়োজন আছিল। তেনেস্থলতো আজি দুবছৰমান আগলৈকে মই ৰেডিঅ’ত সামান্য চাকৰিয়াল হৈ থাকোঁতে দেখিছিলোঁ তেওঁৰ প্ৰতি কি অনাদৰ আৰু অবিচাৰ কৰা হৈছিল। যিজন শিল্পী ৰেডিঅ’ নাটকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আছিল, যিজনৰ ৰেডিঅ’ত যি কোনো উচ্চ পদ লাভৰ অধিক অৰ্হতা আছিল, সেইজনক নাটকত বুক কৰাটো প্ৰায় দহবছৰৰ আগতেই এক প্ৰকাৰ বন্ধ কৰা হৈছিল। এবাৰ [ ৭৫ ] মোৰ এটা অনুষ্ঠানত বুক কৰ বাবে, সেই সময়ৰ চৰকাৰী শিল্পী বুদ্ধিজীৱীসকলে মুখ বিদৰাই কেছিল, “ইউছুফ আগতেহে ভাল আছিল। এতিয়া ভইচ ৰ’ল কৰে। ছেঃ আমাৰ অমুককে দিব পাৰিলোহেঁতেন…” আজিও, এই অমূকহঁতে পিঠি খজুৱাই দিয়াৰ পিচত, মাত্ৰ বস্তুৰ বিক্ৰি বঢ়োৱা, তম্বুৰ তলত দৰ্শকক হহুওঁৱা অথবা ভোজ ৰন্ধাৰহে যোগ্যতা থকা এদললোকে ইউছুফৰ মৃত্যুৰ দিনা এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আগনবঢ়ালে। অযোগ্য আৰু অসাধুলোকে সামান্য ক্ষমতা লাভ কৰিলে, স্বজন প্ৰীতি আৰু দুৰ্নীতিৰ সহায় লৈ, এইদৰে অকৃতজ্ঞতাৰ চিনাকী দিয়ে। অকল ইউছুফৰ ক্ষেত্ৰতে নহয় এই কথা মই উপলব্ধি কৰিছিলোঁ। যিদিনা প্ৰতিভাবান শিল্পী স্বৰ্গীয় সত্যেন চৌধুৰী আৰু শ্ৰীতুলসী দাসক পুনৰ অডিচন্ দিবলৈ মাতি আনি ষ্টুডিঅ’ৰ বেঞ্চ এখনত কেবা ঘণ্টাও বহুৱাই ৰখা হৈছিল।

 একান্ত নিজা অভিজ্ঞতাৰে এই নিষ্ঠুৰতাৰ উদাহৰণ বহুবাৰ দেখি, এতিয়া মই মৃণাল সেনৰ ছবিত পেটৰ ভোকে মানুহক জন্তুলৈ ৰূপান্তৰিত কৰাৰ দৃশ্যত পতিয়ন নাযাওঁ। অক্ষমতাৰপৰা জন্ম বিদ্বেষে মানুহক হিংস্ৰ পশু কৰি তোলা দেখিছোঁ। ক্ষমতাৰ অপপ্ৰয়োগেৰে ইউছুফহঁতৰ দৰে [ ৭৬ ] শিল্পীক আওহেলা কৰিব পৰা যায় কিন্তু তেওঁলোকক অস্বীকাৰ কৰিব নোৱাৰি। তথাপি বাস্তৱত হয় কি? বাওনাৰ ছাঁই সময়ত দীঘল হৈ দীঘল ছাঁকো গিলি থয়। সময় আৰু পৰিস্থিতিত ইউছুফহঁতকো বাওনাৰ ছাঁই ঢাকি ধৰিলে।

 ১৯৫৫ চন। দীঘলীপুখুৰীপাৰৰ পাৰ্কভিউ হোটেলত আমি (মই, নচিউৰ ৰহমান, নবীন বৰা আৰু কেবাজনো) স্থানীয় বাসিন্দা। ৰেডিঅ’ৰ কেজুৱেল শিল্পী তচদ্দুক ইউছুফ আমাৰ হোটেললৈ সদায় গধূলি আহে। যিকোনো অৱস্থা আৰু পৰিস্থিতিতে তেওঁৰ লগত আমাৰ কথা-বতৰা মাত্ৰ নাটক আৰু অভিনয়ৰ মাজতে সীমাবদ্ধ আছিল। আজিলৈকে আছিল। তেতিয়াৰ পৰা যেতিয়াই য’তে ইমানদিনে লগ পাইছোঁ, তেওঁৰ সৈতে আন কথা পতা মোৰ মনত নপৰে।

 ৫০ ৰ দশকৰ আৰম্ভণিতে অসমত অনাতাঁৰ সু-অভিনয়ৰ দুটা শৈলীৰ সৃষ্টি হয়। এটা শৈল বৰুৱাৰ আনটো তচদ্দুক ইউছুফৰ। আজিও আমাৰ যিটো অনাতাঁৰ অভিনয়ৰ ধাৰা চলি আছে সেইটো হ’ল শৈল বৰুৱাৰ। ইউছুফৰ অভিনয়শৈলী কিন্তু একক আৰু একপ্ৰকাৰ অননুকৰণীয় আছিল। বহুতে কয় তেওঁৰ অপূৰ্ব ঐশ্বৰ্য্যশালী কণ্ঠস্বৰৰ [ ৭৭ ] বাবেহে এনে সুঅভিনেতা হ’ব পাৰিছিল। কিন্তু ই আংশিক সত্য বুলিহে মোৰ ধাৰণা। সঁচা কথা, উৎকৃষ্ট কণ্ঠস্বৰৰ তিনিওটা উপাদান— ইণ্টেন্‌ছিটি, পিচ্ছ আৰু ৰেজনেঞ্চ্ অৰ্থাৎ টেম্বাৰ্ পূৰ্ণ মাত্ৰাই তেওঁৰ কণ্ঠত আছিল। তাৰ ওপৰত আছিল অভাৱনীয় নিয়ন্ত্ৰণ। সেয়ে প্ৰতি শব্দ, প্ৰতি উশাহ আৰু প্ৰতিবাৰৰ নীৰৱতাই তেওঁৰ অভিনয়ত আনি দিছিল লোভনীয় আভিজাত্য। কিন্তু এই সকলোবোৰ সম্ভৱ হৈছিল মাত্ৰ কণ্ঠস্বৰৰ কাৰণেই নহয়; ইয়াৰ মূলতে আছিল তেওঁৰ গভীৰ নিষ্ঠা আৰু অধ্যয়নপুষ্ট অভিনয় চিন্তা। প্ৰথম দৃষ্টিত তেওঁক ইমান অসতৰ্ক যেন লাগিলেও, প্ৰতিখন নাটকৰ বিষয়ে ইমান গভীৰ চিন্তা আৰু গৱেষণা কৰি অভিনয়ৰ বাবে সাজু হৈ অহা অনাতাঁৰ শিল্পী তচদ্দুক ইউছুফৰ বাহিৰে হয়তো আৰু দুজনহে আছিল - ফণী শৰ্ম্মা আৰু জানদা কাকতি।

 অভাৱনীয় কণ্ঠস্বৰৰ নিয়ন্ত্ৰণ আৰু নিম্নস্বৰৰ অভিনয়ৰে অনাতাঁৰ অভিনয়ক কি উচ্চ পৰ্য্যায়লৈ লৈ যাব পাৰি তাৰ কেতবোৰ বিৰল মুহূৰ্ত ইউছুফে ৰচনা কৰি গৈছে। ফণী তালুকদাৰে কৰা ‘হেমলেট’ৰ অসমীয়া অভিযোজনা ইউছুফৰ নিঃসন্দেহে শ্ৰেষ্ঠ অভিনয়। জ্যোতি শইকীয়াই [ ৭৮ ] বডলেয়াৰৰ জীৱনক লৈ লিখা ‘পংকজ’ নাটকখনত তেওঁ কৰিছিল অন্যতম শ্ৰেষ্ঠ অভিনয়। অসংখ্য আছে, মোৰ মনত পৰা নাই। মোৰ ‘শৃংগৰ ছাঁ’ নাটকত তেওঁ যি অভিনয় কৰিছিল, সেইটো তেওঁৰ নিজৰ ভাষাতেই “মোৰ অনাতাঁৰ অভিনয়ৰ এটা কঠিনতম চৰিত্ৰাভিনয়”। এই নাটকত বিপ্লৱী গেৰিলা নেতাৰূপী ইউছুফৰ মুখত এটা সংলাপ আছিল— “মনত ৰাখিব, শত্ৰু যেতিয়া বন্দী হয়, আমি তাক বন্ধুৰ আচৰণ কৰোঁ; কিন্তু বন্দী যেতিয়া শত্ৰু হ’ব খোজে, আমি তাক শেষ কৰি দিওঁ”! ৰেকৰ্ডিং হৈ গ’ল। মোৰ আজিও স্পষ্টকৈ মনত আছে ডাবিঙৰ সময়ত মই প্ৰযোজকক ক’বলৈ বাধ্য হ’লোঁ যে ইউছুফৰ সংযত অভিনয়ে ইমান সফলভাৱে চৰিত্ৰটোৰ মানসিক দৃঢ়তা প্ৰকাশ কৰিছে যে পিচৰ “আমি তাক শেষ কৰি দিওঁ” অংশটোৰ আৰু প্ৰয়োজন নাই, সেয়ে কাটি দয়া হওঁক। অনি এটা সংলাপ— “আপুনি নাজানে মে’জৰ ৰজাৰিঅ’, লুকাই লুকাই শত্ৰুৰ ওপৰত জপিয়াই পৰাৰ কি যে আনন্দ।” ইয়াত ইউছুফৰ সংলাপ ক্ষেপনৰ কৌশল (টাইমিং, পেচিং আৰু প্লে অন ৱাৰ্দচ– এই ক্ষেত্ৰত “আনন্দ” শব্দৰ ওপৰত) অতুলনীয়। তেওঁৰ অভিনয়ৰ দ্বাৰা আনন্দ [ ৭৯ ] শব্দটোৰ অৰ্থ আৰু আক্ষৰিক হৈ থকা নাই; তাৰ ঠাইত সেই শব্দ উচ্চাৰণ কৰা সময়ছোৱাত যেন এটা শত্ৰুক টেটুচেপি হত্যা কৰা হৈ গ’ল। নাটকখনৰ শেষত সৰ্বশ্ৰান্ত আৰু পৰাভূত গেৰিলা নেতাৰ বিষাদ, বিহ্বলতা আৰু ক্ষোভক তিনিটা বাক্যৰ এটা সংলাপেৰে একমাত্ৰ ইউছুফেহে যি ৰূপ দিব পাৰিছিল, সেইটো শ্ৰোতা মাত্ৰৰে মনত থাকিব। নাটকখনৰ লেখকৰূপে মই প্ৰত্যয় গৈছোঁ যে তেওঁ অভিনয়েৰে যি প্ৰকাশ কৰিলে সি মই বিচৰাতকৈ বহু উন্নত স্তৰৰ। সংলাপটো আছিল— “ৰাক্ষসী এণ্ডীজ্, এতিয়া মই কাক লৈ যুদ্ধ কৰিম! — পিশাচী, তোক আৰু তেজ লাগে!— বেশ্যা, এদিন কিয় বুকুত ঠাই দিছিলি!” এই সকলোখিনি অগতানুগতিক নিম্নস্বৰৰ অভিনয়ৰ ফলত আদৰ্শ অনাতাঁৰ অভিনয় হৈ থাকিব। অসংখ্য নাটকত এনে বহুত মূহুৰ্ত্ত আছে, আকাশবাণীত সেইবোৰ এতিয়া বাণীৱদ্ধ ৰূপত ৰখা হৈছে নে নাই মই কব নোৱাৰো। মোৰ স্মৃতি শক্তিও সকলো ক্ষেত্ৰতে প্ৰখৰ নহয়। ইফালে কিছুমান এনে নিদৰ্শন আকৌ টেইপ্ লাইব্ৰেৰীত বহি শুনি মনত পেলাবলৈও, ৰেডিঅ’ৰ চৌহদৰ ভিতৰত সোমাৱা এতিয়া মোৰ বাবে অসুবিধাজনক। সেয়ে সহজে মনত [ ৮০ ] পৰা উদাহৰণ কেইটা মোৰ নিজৰ নাটকৰ পৰা তুলি দি অশালীন কামেই কৰিছোঁ,— কিন্তু ই ইচ্ছাকৃত নহয়, বাধ্যত পৰিহে।

 খেল পথাৰৰ পৰা চলন্ত টিপ্পনীকাৰ হিচাপে তেওঁৰ দক্ষতা সম্পৰ্কে মই কবলৈ নাযাওঁ, কাৰণ এই বিষয়ে মই নিজে অজ্ঞ। মাত্ৰ ৰেডিঅ’ত থাকোঁতে এই বিষয়ে বিভিন্ন শ্ৰোতাৰ মতামত যোগাৰ কৰি জানিব পাৰিছিলোঁ যে ইউছুফৰ কমেণ্ট্ৰী কিছু দোষযুক্ত বুলি যদিও তেওঁৰ সতীৰ্থসকলে কয় তথাপি তেওঁৰ স্পষ্ট, বলিষ্ঠ আৰু সাৱলীল কণ্ঠই সৰ্বসাধাৰণ শ্ৰোতাৰ বাবে কমেণ্ট্ৰী ভাল লগা আৰু গ্ৰহণযোগ্য কৰি তুলিছিল।

 তাহানি আনোৱাৰ হুচেইনৰ ‘সৰাপাত’ ছবিতে আত্মপ্ৰকাশ কৰা তচদ্দুক ইউছুফে এতিয়ালৈকে বহুতো ছবিত অভিনয় কৰিলে; কিন্তু মনে বিচৰা ভূমিকা কিমান পাইছিল নাজানোঁ। আজিকালি অসমীয়া ছবিতো বহুত হৈ থাকে, পিচে জনামতে, এতিয়া পৰিচালকে ইউছুফক নিবিচৰা হ’ল। ইফালে তেওঁৰ সীমাহীন কল্পনা আৰু সপোন; আকৌ কোনো ক্ষেত্ৰতে আপোচো কৰিব নোৱাৰে, কাৰণ পাৰ্ফেক্‌শ্যণৰ প্ৰতি তেওঁৰ অতিশয় শ্ৰদ্ধা। তেওঁৰ সকলো চোৱা নাই যদিও যিবোৰ চাইছোঁ তাৰ [ ৮১ ] ভিতৰত “পুৱতি নিশাৰ সপোন” আৰু “বৰুৱাৰ সংসাৰ”ৰ অগতানুগতিক চৰিত্ৰদুটা মনত থাকিব। বিজু ফুকনে সিদিনা কলে যে ছিনেমাত অভিনেতাৰ মুখমণ্ডল আৰু চকু দুটাই অভিনয়ৰ প্ৰধান আহিলা; কিন্তু ইউছুফে নিজে ইমান অসুবিধাগ্ৰস্ত হৈও, কি অভাৱনীয় প্ৰতিভাৰ ফলত এনে শক্তিশালী আৰু শ্ৰেষ্ঠ অভিনেতা হ’ব পাৰিছিল, তেওঁ ভাবিব নোৱাৰে। বৰুৱাৰ সংসাৰ ছবিৰ ইউছুফৰ সহশিল্পী অনিমায়ো কৈছে— “ইউনিটত তেওঁক পৰিচালকৰ পৰা আৰম্ভ কৰি সকলো শিল্পী ক’লাকুশলীয়ে শ্ৰদ্ধা কৰিছিল। নতুন শিল্পীয়ে শিকাৰ আগ্ৰহ কৰিলে, তেওঁ সময় খৰচ কৰি শিকাই দিয়াত অকণো কৃপণালি নকৰিছিল।

 মঞ্চত তেওঁৰ অসমীয়া, ইংৰাজী আৰু উৰ্দ্দু ভাষাত সমান পাৰদৰ্শিতা। পিৰাণ্ডেল’ৰ “নাট্যকাৰৰ সন্ধানত ছটি চৰিত্ৰ” অসমীয়া অভিযোজনা কৰি অসমৰ বিভিন্ন মঞ্চত তেওঁ পৰিচালনা আৰু অভিনয়ৰ উৎকৃষ্ট চিনাকী দি থৈছে। উৰ্দ্দু নাটকত তেওঁৰ অভিনয় চাই তেতিয়াৰ ৰাষ্ট্ৰপতি ডঃ জাকিৰ হুচেইন অভিভূত হৈ তেওঁক সাৱটি ধৰিছিল। গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত সপ্তাহত দুদিনকৈ— এদিন ব্যৱসায়িক আৰু এদিন পৰীক্ষামূলক নাটক কৰাৰ বিষয়ে তেওঁ প্ৰায়েই কৈছিল, বিজু ফুকনকো কৈছিল। [ ৮২ ] প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও এই দিশতো বেছি অগ্ৰসৰ হ’ব নোৱাৰিলে, কাৰণ শেষ হিচাপত মঞ্চ সংগঠন হয়তো ছবিতকৈ বেছি কঠিন।

 শিল্পী বহুতো আছে। কিন্তু শিল্পী প্ৰতিভা আৰু শিল্পী মনৰ মিলনত যিজন প্ৰকৃত শিল্পীৰ জন্ম হয়— সেইজনহে সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ আৰু আদৰ্শস্থানীয় হয়।

 ১৯৭৮ চনৰ কথা, বহুতো অসুবিধা নেওচি (কৰ্তৃপক্ষৰ বাধা, ঘৰৰ ঘৈণী শয্যাশায়ী, ইফালে জেপৰ ধন খৰচ কৰি) গুৱাহাটীৰ ৰেডিঅ'ত প্ৰথমবাৰৰ বাবে পূৰ্ণাঙ্গ ইংৰাজী নাটকৰ প্ৰচাৰ আৰম্ভ কৰিছিলোঁ— জুলিয়াচ চিজাৰ। চিজাৰৰ ভূমিকাত ইউছুফক লৈছিলোঁ। কিন্তু বৰকৈ অসুস্থ হোৱাত শেষত আহিব নোৱাৰিলে। পিচত লগ পাই ক’লে— “নাটক শুনিলোঁ। বৰ ভাল প্ৰচেষ্টা হৈছে। আহিব নোৱাৰি নিজে দুখ পাইছোঁ। ভৱিষ্যতে মাতিব।” পিচৰ বছৰ অথেল’ কৰিলোঁ; কিন্তু এই বছৰ তেওঁৰ উপযোগী ভূমিকা নাই বুলি নিৰ্ণয় কৰি ইউছুফক মতা নহ’ল। ইয়াৰ পিচত এবাৰ নগাওঁত লগ পাই ক’লে যে নাটকখন আগৰ বছৰতকৈ বেছি সুন্দৰ হৈছে। লগতে ক’লে তেওঁক [ ৮৩ ] তেওঁক নমতাৰ কাৰণ কেইটা মই চমুকৈ ক’লোঁ। তাৰ পিচত মই ভবাই নাছিলো— তেওঁ মোৰ গাত ধৰি অকপটভাৱে ক’লে, “শৰ্মা মই এতিয়া একেবাৰে কনভিন্সড্। অকণো বেয়া পোৱা নাই। খুব সুন্দৰ কাম হৈছে। মাত্ৰ এৰি নিদিব। বছৰত এবাৰ নহয় দুবাৰকৈ ক্লাচিকবোৰ কৰি যাবলৈ লওক। দৰকাৰ বুলি ভাবিলেই মোক মাতিব— মই নিশ্চয় যাম। কিং লিয়েৰ আৰু হেমলেট ল’লে প্ৰডিউচ কৰিবলৈ দিলে আৰু ভাল পাম।” এইদৰে প্ৰায় আধাঘণ্টা সময় ধৰি শেক্সপীয়েৰৰ বাহিৰেও অন্যান্য ক্লাচিকৰ ৰেডিঅ’ নাট্যৰূপ হাতত লোৱাৰ পৰামৰ্শ আগবঢ়ালে। এনে শিল্পীমন আৰু বিশালতাৰ পৰিচয় যোৱা ৩০ বছৰে মই লগ পোৱা কোনো শিল্পীৰ পৰাই পোৱা নাই। (ইউছুফৰ পৰামৰ্শ অৱশ্যে কামত লগাব নোৱাৰিলো। অশুভ পৰিস্থিতি আৰু অসুস্থ পৰিৱেশত মই ৰেডিঅ’ এৰি অহাৰ পাচতে এই মূল্যৱান অনুষ্ঠানটো বন্ধ কৰি দিয়া হ’ল।)

 প্ৰথমে তেওঁৰ এজন গুণমুগ্ধ ৰূপে আকৰ্ষিত হৈ তেওঁৰ এখন সৰল আৰু সহানুভূতিশীল অন্তৰৰ সম্ভেদ পাইছিলো— ১৯৫৭ চনত একেলগে থাকোতে। নচিউৰ ৰহমান আৰু মোৰ উভয়ৰে এজন অনা [ ৮৪ ] অনুৰোধক্ৰমেই ৰেডিঅ’ৰ চাকৰিৰ পৰা ততালিকে এমাহৰ ছুটী লৈ তেওঁৰ ঠাইত আমাৰ বন্ধুজনক ইংলিচ কেজুৱেল এনাউন্‌চাৰ হিচাপে ভৰ্ত্তি কৰাই ১০৯ ধাৰাত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিছিল।

 পুনৰাবৃত্তিৰ দোষত দোষী হ’লেও আকৌ ক’ম— তচদ্দুক ইউছুফ এজন সম্পূৰ্ণ শিল্পী, পাৰফৰ্মিং আৰ্টত অন্যতম প্ৰতিনিধিত্বমূলক ব্যক্তি, অনাতাঁৰ অভিনয়ত অদ্বিতীয়। তেওঁৰ অভিজাত অভিনয়ৰ কথা ভাবিলে, মোৰ নিজৰ কিন্তু মাইক্ৰ’ফনলৈ যোৱাৰ অধিকাৰ নাই বুলি বিশ্বাস হয়। এয়া মই বিনয়াচৰণ কৰা নাই, অন্তৰৰ পৰাই কৈছোঁ। শিল্পী প্ৰতিভা আৰু মানসিকতাৰে তেওঁ অসমৰ শিল্পীসমাজৰ নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ থাকিব লাগে যদিও জীৱনকালৰ ঈৰ্ষা আৰু অনাদৰৰ ফলত হয়তো হৈ ৰ’ব— The most tragic prince on the rolls of fame.

 শেষত স্বীকাৰোক্তিৰ ৰূপত কবলৈ বাধ্য যে আজি তেওঁৰ মৃত্যুত শোকাকিভূত হৈ তেওঁৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ হয়; কিন্তু তেওঁ যি [ ৮৫ ] সামাজিক অবিচাৰৰ বলি হ’ল, তাৰবাবে তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’লহেঁতেন যদি তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত কাণে কাণে কৈ দিব পাৰিলোহেঁতেন— “ইউছুফ চাহাব, এইখনেই সমাজ, ময়ো তাৰে এজন ষড়যন্ত্ৰকাৰী। ইউছুফ চাহাব মনত পৰিছে সেই সংলাপটোলৈ— Away, and mock the time with fairest show; False face must hide what the false heart doth know."

 
 
 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।