পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁক নমতাৰ কাৰণ কেইটা মই চমুকৈ ক’লোঁ। তাৰ পিচত মই ভবাই নাছিলো— তেওঁ মোৰ গাত ধৰি অকপটভাৱে ক’লে, “শৰ্মা মই এতিয়া একেবাৰে কনভিন্সড্। অকণো বেয়া পোৱা নাই। খুব সুন্দৰ কাম হৈছে। মাত্ৰ এৰি নিদিব। বছৰত এবাৰ নহয় দুবাৰকৈ ক্লাচিকবোৰ কৰি যাবলৈ লওক। দৰকাৰ বুলি ভাবিলেই মোক মাতিব— মই নিশ্চয় যাম। কিং লিয়েৰ আৰু হেমলেট ল’লে প্ৰডিউচ কৰিবলৈ দিলে আৰু ভাল পাম।” এইদৰে প্ৰায় আধাঘণ্টা সময় ধৰি শেক্সপীয়েৰৰ বাহিৰেও অন্যান্য ক্লাচিকৰ ৰেডিঅ’ নাট্যৰূপ হাতত লোৱাৰ পৰামৰ্শ আগবঢ়ালে। এনে শিল্পীমন আৰু বিশালতাৰ পৰিচয় যোৱা ৩০ বছৰে মই লগ পোৱা কোনো শিল্পীৰ পৰাই পোৱা নাই। (ইউছুফৰ পৰামৰ্শ অৱশ্যে কামত লগাব নোৱাৰিলো। অশুভ পৰিস্থিতি আৰু অসুস্থ পৰিৱেশত মই ৰেডিঅ’ এৰি অহাৰ পাচতে এই মূল্যৱান অনুষ্ঠানটো বন্ধ কৰি দিয়া হ’ল।)

 প্ৰথমে তেওঁৰ এজন গুণমুগ্ধ ৰূপে আকৰ্ষিত হৈ তেওঁৰ এখন সৰল আৰু সহানুভূতিশীল অন্তৰৰ সম্ভেদ পাইছিলো— ১৯৫৭ চনত একেলগে থাকোতে। নচিউৰ ৰহমান আৰু মোৰ উভয়ৰে এজন অনা

৭৫