পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “আত্মহত্যা সমাজ আৰু আইন দুয়ো দিশৰ পৰাই অমাৰ্জনীয়; যিজনে আত্মহত্যা কৰিব পাৰে তেওঁ আন এজনকো হত্যা কৰিব পাৰে। এনে লোকৰ বিষয়ে বিশেষ সোঁৱৰণ বুলিনো ঘপহকৈ কি লিখা বা কোৱা যায়?”— ইত্যাদি দোমোজাৰ মাজতে শিল্পী বুদ্ধিজীৱীসকলে ইউছুফৰ বিয়োগত শোকবাৰ্তা আদি প্ৰকাশ কৰি তোলপাৰ নলগাই নীৰৱে থকাটো মই আদৰণি জনাইছোঁ, কাৰণ জীৱন কালত যাৰ সমুখত নীৰৱতা অৱলম্বন কৰা যায়, তাৰ মৃত্যুত শোক প্ৰস্তাৱ হ’ল প্ৰহসন মাত্ৰ।

 অসমত এতিয়ালৈকে ভালেমান প্ৰতিভাবান শিল্পীয়ে, আত্মহত্যা নহলেও আত্মহত্যা সদৃশ মৃত্যু বৰণ কৰিছে। অযোগ্যতা আৰু বিদ্বেষেৰে ভৰা শিল্পী সমাজ ব্যৱস্থাই এই হত্যাকাৰী, যাৰ সমুখত প্ৰকৃততে প্ৰতিভাবানজনৰো মন এটা সময়ত হতাশা, অনিশ্চয়তা আৰু অপূৰ্ণতাৰ আন্ধাৰে ঢাকি ধৰিবলৈ বাধ্য। তাৰ পিচত মৃত্য; তেতিয়া আৰু সেই মৃত্যু হত্যাই নে আত্মহত্যা সেইটো অপ্ৰাসংগিক। আচল কথা হ’ল সেয়া অৱহেলা আৰু অবিচাৰৰ সম্মুখত প্ৰতিভাৰ কৰুণ পৰাজয়।

 সেয়ে এজন পুৰণি গুণমুগ্ধ ৰূপে, তচদ্দুক ইউছুফৰ অকাল বিয়োগত গভীৰ শোক পাইছোঁ;

৬৫