আমাৰ চিনাকি তচদ্দুক/শিল্পী বন্ধু তচদ্দুক

ৱিকিউৎসৰ পৰা
[ ৬৪ ]
 

শিল্পী বন্ধু তচদ্দুক

জে. ডি. বাভেজা

 

জীৱনৰ এক অখণ্ড অংশ আৰু ঘনিষ্ট বন্ধু হৈ থকা ব্যক্তি এজনৰ বিষয়ে লিখাটো স্বাভাবিকতেই বৰ কষ্ট সাধ্য কাম। মোৰ বন্ধু তচদ্দুক ইউছুফে কৰুণ ভাবে ইহলীলা সম্বৰণ কৰাৰ বাতৰি যোৱা দহ আগষ্টত (১৯৮২) শুনাৰে পৰা তেওঁৰ বিষয়ে লিখাৰ কথা চিন্তা কৰি আছিলোঁ। কিন্তু এই কামটো মোৰ বাবে বৰ সহজ নাছিল।

 তচদ্দুকৰ লগত মোৰ ডেৰ কুৰি বছৰীয়া পুৰণি সম্পৰ্ক আছিল। যোৱা কেইবছৰমান মই অসমৰ বাহিৰত থকা সময়ছোৱাৰ বাহিৰে বাকী কালছোৱা আমি ইজনে সিজনৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিলোঁ। তচদ্দুকৰ লগত প্ৰথম চিনাকী ১৯৫০ চনত। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰ তেতিয়া উজান বজাৰত আছিল। তাৰে কোঠাৰ এটা চুকত বহি প্ৰচাৰ কৰিবলগীয়া কথাখিনি লিখি থকাটো তচদ্দুকৰ এটা অভ্যাস আছিল। কি কি লিখিছিল সেইকথা সঠিক ভাবে মনত নপৰিলেও এইকথা মোৰ আজিও মনত পৰে যে [ ৬৫ ] প্ৰচাৰ হবলগীয়া অনুষ্ঠান সমূহৰ ঘোষণাবোৰ তেওঁ লিখি লৈছিল। তেওঁৰ লিখনিৰ ধৰণে মোৰ মনত তেতিয়া বাৰুকৈয়ে ৰেখাপাত কৰিছিল। এটুকুৰা কাগজতে তেওঁ ঘোষণা লিখিবলৈ বহিছিল, নিজেই পঢ়ি চাইছিল। মনঃপুত হ’লে বাকী অংশ লিখিবলৈ আৰম্ভ কৰিছিল। মনঃপুত নহলে কাটি পেলাইছিল। ভাবি ভাবি আকৌ নকৈ লিখিছিল। ১৯৪৪ চনৰ ছাত্ৰ অবস্থাৰপৰাই ময়ো এজন ঘোষক আছিলোঁ। তেতিয়াই মই বহু বলিষ্ঠ ঘোষকক দেখিছিলোঁ। তেওঁলোকে ঘোষণা কৰিবলগীয়া কথাখিনি লিখে আৰু আঙুলিৰে নিজ কাণৰ ফুটা বন্ধ কৰি ডাঙৰ ডাঙৰকৈ পঢ়ে। ইয়াৰ ফলত তেওঁলোকৰ পক্ষে নিজৰ মাতৰ গুণা-গুণ পৰীক্ষা কৰা আৰু নিজৰ কণ্ঠ অনাতাঁৰ প্ৰচাৰৰ উপযোগী কৰি তোলাত সহায় হৈছিল। তচদ্দুকে ঘোষণা কৰা কথাখিনি স্বাভাৱিক ভাবেই বাৰে বাৰে পঢ়িছিল। যে কোনোবাই আহি তেওঁক চিঞৰি ক’বলীয়া হৈছিল— ষ্টুডিঅ’ত সোমোৱাৰ সময় হ’ল। তেওঁৰ গভীৰ কণ্ঠৰ ঘোষণা প্ৰথম বাৰ শুনিয়েই মই ভীষণ ভাবে প্ৰভাবাণ্বিত হৈছিলোঁ। মাইক্ৰোফনৰ ধ্বনি অতুলনীয় ভাবে সজাই তোলা তেওঁৰ সেই কণ্ঠ উপযুক্ত সুৰ [ ৬৬ ] বন্ধনৰ সমষ্টি আছিল। উৰ্বৰ কণ্ঠৰ ওখপাখ আৰু সুদৰ্শন তচদ্দুকৰ মাজত এক বিৰল অভিজাত অভিনয় প্ৰতিভা আছিল। মাইক্ৰোফনৰ অভিজ্ঞতাৰ মাজেৰে তচদ্দুকে অনতাঁৰ আৰু মঞ্চ নাটেৰে জীৱনৰ অধ্যায় মুকলি কৰিছিল। এইখিনিতে এটকথা উল্লেখ নকৰিলে তচদ্দুকৰ কণ্ঠৰ দিশৰ বৰ্ণনা সম্পূৰ্ণ নহ’ব; ঘোষণাসমূহৰ এক নিয়ন্ত্ৰিত স্তৰৰ মাজেৰে ইমান সুন্দৰভাবে তেওঁৰ কণ্ঠেৰে ধ্বনিত হৈছিল যে আকাশবাণীৰ অভিযন্ত সকলে ক’ণ্ট্ৰল ৰূমত বহি তেওঁৰ মাত নিয়ন্ত্ৰণ কৰিবলগীয়া নহৈছিল। অতি সোনকালে আমি বন্ধু হৈ পৰিছিলোঁ। তচদ্দুকে প্ৰায়েই মোৰ লগত অনাতাঁৰ, মঞ্চ আৰু চলচিত্ৰ সম্পৰ্কীয় বিষয়লৈ আলোচনা কৰিছিল।

 তচদ্দুকৰ অনাতাঁৰ প্ৰচাৰ নাট প্ৰযোজনাৰ ক্ষেত্ৰত অতুলনীয় ভাবে প্ৰকাশ পাইছিল। মঞ্চ প্ৰযোজনাসমূহৰ ক্ষেত্ৰতো তেওঁ সমান নিষ্ঠাৰে কাম কৰিছিল। অভিনয় কৰিবলগীয়া চৰিত্ৰৰ বিষয়ে তেওঁ প্ৰায়েই গুৱাহাটীৰ বিভিন্ন মঞ্চ গোষ্ঠীৰ লগত আলোচনা কৰিছিল। জীৱনৰ প্ৰতি থকা অনুৰাগেৰে তচদ্দুকে প্ৰথম অৱস্থাত অনাতাঁৰ প্ৰচাৰ আৰু পিছলৈ চলচিত্ৰ জগতত আত্মোৎসৰ্গ কৰিছিল। [ ৬৭ ] ১৯৫০ ৰ সময়ছোৱা তেওঁৰ বাবে অগ্ৰণী সময় আছিল। ডঃ ভূপেন হাজৰিকা তেতিয়া আমেৰিকাৰ পৰা ঘূৰি আহি সংগীত আৰু চলচিত্ৰজগতত মনোনিবেশ কৰিছিল। লক্ষ্যধৰ চৌধুৰীৰ দৰে ব্যক্তিযেও তেতিয়া অন্যান্যসকলৰ সৈতে অলপ অচৰপ পইছা যোগাৰ কৰি হয় ছিনেমা কৰাত ব্যস্ত হৈছিল অথবা ছিনেমা কৰাত আনক অনুপ্ৰাণিত কৰিছিল। আমাৰ বহু বুজনি আওকাণ কৰি তচদ্দুকে অনাতাঁৰ প্ৰচাৰৰ কাম এৰি দি ছবি কৰাত মনোনিবেশ কৰাত লাগিছিল। তেওঁ প্ৰায়েই মোৰ আগত ক্ষোভ প্ৰকাশ কৰি কৈছিলে যে চলচিত্ৰত প্ৰতিভা বিকাশ কৰিব পৰাকৈ বোধহয় কোনেও তেওঁক নায়কৰ চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ নিদিব। আবেগ প্ৰবণ তচদ্দুকৰ, হাতত লোৱা সকলো কামৰ প্ৰতি আছিল একাগ্ৰতা। একো একোটা সময়ত তেওঁ এটাৰ পিছত আন এটা সন্ধিয়া ভাইটি (বিজয়) ভূঞা আৰু মোৰ সৈতে তেওঁৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি কটাই দিছিল। ষাঠি দশকৰ শেষৰ পিনে আমাৰ মাজত যোগাযোগ কমি আহিছিল। অৱশ্যে গুৱাহাটী-কলিকতা বিমানত বা বিমানবন্দৰত আমাৰ প্ৰায়েই দেখা হৈছিল। সেইসময়ত তচদ্দুকে ছবিৰ ছুটিঙৰ [ ৬৮ ] কামতেই হওক বা আন কামতেই হওক গুৱাহাটী কলিকতা পথত অহাযোৱা কৰিছিল। তচদ্দুকৰ এনে এটা যুবপ্ৰাণ আছিল যে তেওঁ ছবি আক শৈল্পিক প্ৰকাশৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে দিন অতিবাহিত কৰিছিল। প্ৰসংগক্ৰমে এইখিনিতে এটা কথা উল্লেখ কৰা উচিত হ’ব যে মই সেই সময়ত পোৱাসকলৰ ভিতৰত তচদ্দুকেই সম্ভবতঃ অনাতাঁৰ নাট্য প্ৰচাৰৰ শ্ৰেষ্ঠ কণ্ঠ আছিল বুলিলে বোধহয় বহলাই কোৱা তেওঁৰ সংলাপ সমূহ হৃদয়ৰ নিভৃত কোণৰ পৰা ঐশ্বৰ্য্যময় কণ্ঠেৰে সুশ্ৰাব্য হৈ নিজৰি ওলাইছিল।

 বিবাহ বন্ধনত আবদ্ধ হোৱা বা জীৱনৰ এটা ঠাইতে স্থিৰ হৈ থকাটো তচদ্দুকৰ মানসিকতাত নাছিল। মই তেওঁক বুজামতে, ছেলুলয়ডৰ জগতত এখন স্থায়ী আসন অধিকাৰ কৰিবলৈ খৰখেদা লগোৱা তচদ্দুক এজন ডেকা মানুহ আছিল। কিন্তু মাইক্ৰোফোনেই হওক বা কেমেৰাই হওক, সেইবোৰৰ সমুখত তেওঁ আছিল এজন স্থিৰ আৰু শৃংখলাবদ্ধ পুৰুষ। এইষাৰ কথা ভুল নে নিৰ্ভুল হ’ব মই নাজানো, যদিহে কওঁ— চলচিত্ৰ আৰু অনাতাঁৰ প্ৰচাৰৰ ক্ষেত্ৰত যুগান্তৰৰ সৃষ্টি কৰা তচদ্দুক পঞ্চাছ আৰু ষাঠি দশকৰ [ ৬৯ ] এজন খঙাল যুৱক আছিল। মনেবিচৰা লক্ষ্যত উপনীত হ’ব নোৱাৰিলে ভাঙি পৰা তচদ্দুকক মই কেতিয়াও দেখা নাছিলোঁ। জীৱনৰ শেষ পৰলৈকে তেওঁ নিজকে এজন বিদ্ৰোহী ৰূপেই প্ৰতিপন্ন কৰি গ’ল।

 মোৰ আজিও মনত পৰে, তচদ্দুকৰ অনুপস্থিতিৰ সময়ত এবাৰ তেওঁৰ দেউতাকে মোক ঘৰলৈ মই নিছিল। মৰমৰ পুতেকৰ বন্ধু হিচাপে মোকো তেওঁ অসম্ভব মৰম কৰিছিল। তেওঁক বৰ চিন্তিত যেন দেখিছিলোঁ। তেওঁ মোক পোনপটীয়া ভাবে কৈছিল— স্বপ্ন মৰিচীকাৰ পিছত দৌৰি থকাতকৈ বাপুক হয় ভালদৰে পঢ়া শুনা কৰিবলৈ কোৱা, নহ’লে জীৱনত স্থিৰ ভাবে কিবা এটা কৰিবলৈ কোৱা।— তচদ্দুকে এই বিষয়ত মোৰ কোনো কথাই নুশুনিব বুলি জানিও সেইদিনা মই দেউতাকৰ আগত সেইদৰে ক’ম বুলি শপত খাই গুচি আহিছিলোঁ। তচদ্দুকে মোক সেই কথাৰ উত্তৰত কৈছিলে— “মই কি কৰি আছোঁ মই জানো। মোৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত মই অকণো ত্ৰুটি নকৰোঁ। এই বিষয়ত মোৰ ঘনিষ্ঠ বন্ধুসকলেও মোৰ মনৰ ধাৰা সলনি কৰিব নোৱাৰে।
[ ৭০ ]  মোৰ অভিযান স্বাভাবিক ভাবেই ব্যৰ্থ হৈছিল।

 মোৰ আজিও মনত আছে, তচদ্দুকৰ ভনীয়েক নাজনীন্ সেই সময়ত আমাৰ লগত আছিল। মোৰ অনুৰোধক্ৰমে তচদ্দুকৰ পৰিয়াল এৰি নাজনিন্ আমাৰ ঘৰত আছিলেহি। গতিকেই তচদ্দুকে বেয়াপোৱা কথা ক’বলগা হোৱাত সেইদিনা মোৰো বেয়া লাগিছিল। সেইদিনাই আমাৰ বন্ধুত্বৰ শেষ হ’ল বুলি মই ধৰি লৈছিলোঁ। কিন্তু তচদ্দুকৰ বন্ধুপ্ৰেম আছিল অনন্য। তেওঁ হাঁহি হাঁহি আমাৰ ঘৰত উপস্থিত হৈছিলহি আৰু নাজনিন্‌ক আঁকোৱালি লৈছিল। এই ঘটনাৰ দুসপ্তাহৰ পিছতেই দহ বছৰীয়া আঁজলী নাজনিন্‌‌ৰ মৃত্যু হৈছিল।

 তচদ্দুকে মোক যেতিয়াই লগ পাইছিল তেতিয়াই সাহিত্য-শিল্প আৰু চলচিত্ৰৰ কথা কৈছিল। মোৰ স্মৃতিত এটা কথাত দকৈ ৰৈ গৈছে— জীৱনৰ প্ৰতি তচদ্দুকৰ আছিল এক অদমনীয় ব্যকুলতা; জীৱনৰ প্ৰতিটো ক্ষণ তেওঁ সজীৱ কৰি ৰাখিব খুজিছিল আৰু বিচাৰিছিল লক্ষ্যৰ অভিযান পূৰ্ণ কৰিব তেওঁৰ অভিযান আছিল— শৈল্পিক আৰু নাট্যজগতৰ মাজেৰে নিজৰ প্ৰকাশ পৰিস্ফুত কৰাৰ! এই অভিযানত তচদ্দুক বহুলাংশে সফলো হৈছিল। কোনে জানে— অসমীয়া [ ৭১ ] ছবি উদ্যোগ হিন্দি ছবি জগতৰ সমান উন্নত হোৱা হ’লে তচদ্দুকো হয়তো আন এজন অমিতাভ হ’লহেঁতেন। সেইখিনি সাহস তচদ্দুকৰ আছিল।

 তচদ্দুকে এইদৰে নিজৰ জীৱনটো কিয় শেষ কৰিলে সেইকথা আজিও মোৰ বাবে ৰহস্য হৈ থাকিল। বোধহয় সেইয়াই আছিল অদৃষ্টৰ পৰিহাস। মৃত্যুৰ মাজত বিলীন কৰি দিয়া তচদ্দুক আজি এক অন্য শ্বেলী। মানসিক ধ্যান-ধাৰণাৰ সীমাত নিসংগতাৰে শেষ হোৱা তচদ্দুকক একোৱেই মন জুৰাব নোৱাৰিলে।

 জীৱনৰ লক্ষ্য সাধনৰ অভিযানত সফল হোৱা হ’লে তচদ্দুকে বোধহয় এইদৰে নিজকে শেষ কৰি নিদিলেহেঁতেন। জীৱনৰ চিৰাচৰিত নিৰ্বোধতাৰ মাজত আৱদ্ধ থকা লোক নাছিল তচদ্দুক। সেয়েহে মুক্ত বাসনাকেই চৰিতাৰ্থ কৰিলে তেওঁ। শৃংখল যেতিয়া অসহনীয় হৈ পৰিল তচদ্দুক তেতিয়াই কঁপি উঠিল। সম্ভৱপৰ সময়ছোৱাত জীৱনৰ প্ৰেম আৰু উপাসনা কৰি এগৰাকী মহান শিল্পী আমাৰ মাজৰপৰা দৈহিকভাৱে নোহোৱা হৈ গ’ল।

 

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।