সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
অসমীয়া সাহিত্যৰ চানেকি।

লাও দিবৰ হেন্দালি ঝিকা দিবৰ জেং।
চতৰ বিহুত দেখা দিয়ে হুচৰিৰ ঠেং॥
এটা বাঁহৰে তেৰটা কামি।
চতৰ বিহুতে আহিছো আমি॥
ওপৰে বৰখুন হলে ও বোকা।
চিনা জোকে খাই মাৰে আঁঠুৰে জোখা॥
দ পথাৰতে পড়িছে বগ।
মূৰৰ পাগুৰীয়ে খুজিছে লগ॥
তৰানিৰ কুচিয়া হৰে হৰাই।
জপাটো মেলিছে খৰে মৰাই॥
পোৱালি হাতীৰে শুৰ ঐ।
পেৰাৰো মেলিছে মুৰ ঐ॥
ধন আনিবলৈ গৈছে।
বাটতে খুন্দা খাই ৰৈছে॥
চোতালৰ আগৰে তুলসী।
গাটো আহিছে উলহি।
চোতালৰ আগৰে কেঞা বন।
এই ঘৰ মানুহৰ বেয়া বন।
ভলুকা বাঁহৰে আখি।
আমাকে নথবা ৰাখি॥
বিজুলী বাঁহৰে গাঁজ।
আমক নেপেলাবা লাজ॥