পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
হুচৰি নাম

(৩)

মাধৈ তেল ঘঁহিলো সেওঁতা ফালিলো।
 মোলান দৈ ঐ আহ যাঁও ওমলো গৈ।
দীঘল কৈ পুখুৰি  খনালো বান্ধৈ ঐ
 বন্ধালো সেন্দুৰী আলি।
দাঁতিয়ে দাঁতিয়ে  ফুলনি পাতিলো
 ৰাখিলোঁ কাজুৱা মালী॥
কেৰেপা কেৰেপি   ছিলিঙ্গি দিয়ালোঁ
 ওপৰত বগালে লতা।
চিৰিলি চিৰিলি  দীঘলী বহলী
 পাতত পানকটা কটা॥
চম্পা গুৱামালী  আছে ফুলি ফুলি
 গোন্ধতে মলয়া বলে।
নিলগৰ পৰা  সৰগৰ তৰা
 জানো বিমানতে জলে॥
বকুল বন্দুলি  আছে ফুলি ফুলি
 ফুলিছে মাথৈ মালতী।
জাতি জুতি জাঁই  টগৰ গোলাপ
 ফুলিছে ৰাঙ্গল সেউতী॥
মোলান দৈ ঐ আহ যাওঁ ওমলো গৈ॥

(৪)

হুঁচৰি বাই ঔ দলৌ চৰাই।
আমি যে আহিছোঁ হুঁচৰি গাই॥
হুঁচৰি বাই ঔ দলৌ চৰাই।
তামোল পান আনিছে ৰুপৰ শৰাই॥
ই বাড়িৰ বাঁহঔ সি বাড়িৰ বাঁহ।
দুই মাহ থেকা লাগি যায় চʼত মাহ॥