ৰূপালীম্‌/পাতনি

ৱিকিউৎসৰ পৰা
[ নিবেদন ]
নিবেদন

 সুন্দৰৰ সাধক, সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ চিনাকি আজি ন-কৈ দিবৰ সকাম নাই। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বাবে তেওঁ যিখিনি অৰিহণা দি গ'ল, তাৰ বাবে অসমীয়া ৰাইজ তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব। অসমীয়ে কম বয়সতে জ্যোতিপ্ৰসাদক হেৰুৱালে, কিন্তু এই মহান শিল্পীগৰাকীক অসমবাসীয়ে নেপাহৰে, পাহৰিব নোৱাৰে। তেওঁৰ স্মৃতি অম্লান কৰি ৰখাৰ উদ্দেশ্য আগত লৈয়েই ১৯৫৮ চনত ‘জ্যোতিপ্ৰসাদ সোঁৱৰণী সন্থা’ নাম দি এক অনুষ্ঠান গঢ়ি তোলা হয়। ৰূপকোঁৱৰৰ ৰচনা- ৱলীৰ যোগেদিয়েই যাতে তেওঁক সুঁৱৰি থাকিব পৰা যায়, তাকে মানস কৰি তেওঁৰ বহুমুখী প্ৰতিভাসম্ভুত এখনি সম্পূৰ্ণাঙ্গ জীৱনী প্ৰকাশ আৰু তেওঁৰ প্ৰকাশিত আৰু অপ্ৰকাশিত সকলো ৰচনাৱলী সংগ্ৰহ কৰি প্ৰকাশ কৰিবলৈ এই সন্থাই সঙ্কল্প লয় কিন্তু এই মহৎ অথচ গধুৰ কাৰ্য্য সোনকালে আৰু নিয়াৰিকৈ সমাধা কৰাটো তেনেই উজু কাম নহয়। গতিকে আমি আমাৰ প্ৰচেষ্টাৰ প্ৰথম অৰ্ঘ হিচাপে ৰূপকোঁৱৰৰ ১৯৩৬ চনতে লিখা অনুপম নাটক ‘ৰূপালীম' ৰাইজলৈ আগবঢ়ালোঁ। ৰূপকোঁৱৰে নিজ হাতে খেলিমেলিকৈ লিখি থোৱা দুখন পুথিৰ পৰা জুকিয়াই এই ছপা পুথিৰ পাণ্ডুলিপি যুগুত কৰি দিছে শ্ৰীযুত অতুলচন্দ্ৰ হাজৰিকাদেৱে। পুথি দুখনৰ পৰা জোৰা লগাই এখন পাতনিও দিয়া হৈছে লিখকৰ নিজৰ কথাৰে।

  ৰূপালীম্‌ ইতিমধ্যে অসমৰ বিভিন্ন নাটঘৰত আৰু অনাতাঁৰৰ যোগেও একাধিকবাৰ সফলতাৰে অভিনীত হৈ গৈছে আৰু ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে। নাটখনিৰ এই প্ৰথম প্ৰকাশেও সাহিত্যসেৱী আৰু কলামোদী- সকলৰ পৰা অনুৰূপ মৰম-চেনেহ লাভ কৰিলেই আমাৰ চেষ্টা ফলৱতী হোৱা বুলি ভাবিম আৰু হাতত লোৱা বাকী কামত আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰিম। নানা আহুকালৰ বাবে আমাৰ কামত ভালেখিনি পলম হোৱাত আমি দুঃখিত আৰু ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। [ নিবেদন ]   এই সুযোগতে ৰূপকোঁৱৰৰ গুণমুগ্ধ ৰাইজৰ ওচৰত এটি অনুৰোধ জনাব খুজিছোঁ। জ্যোতিপ্ৰসাদৰ আপুৰুগীয়া সৃষ্টিসমূহ আৰু অমূল্য ৰচনাৱলী প্ৰকাশ কৰি লোকচক্ষুৰ সমুখত আলফুলকৈ দাঙি ধৰাৰ এই কঠিন আৰু মহৎ প্ৰচেষ্টাত আমি সদৌ ৰাইজৰ সহযোগ সানুনয়ে কামনা কৰিলোঁ। তেওঁৰ বিভিন্ন বিষয়ৰ ৰচনা, কৱিতা, গীত, ফটো আনকি চিঠি-পত্ৰাদি কাৰোবাৰ হাতত আছে যদি আমালৈ পঠাই দি আমাৰ চেষ্টা সফল কৰি তুলিব বুলি ভঅসা ৰাখিলোঁ। ইতি—

বিনীত —
শ্ৰীকমলাপ্ৰসাদ আগৰৱালা – সভাপতি
  শ্ৰীপদ্মা আগৰৱালা – সম্পাদিকা
জ্যোতিপ্ৰসাদ সোঁৱৰণী সন্থাৰ হৈ।

[ উপহাৰ ]

[ সংস্থাৰ বিষয়ে ]
জ্যোতিপ্ৰসাদ সোঁৱৰণী-সন্থা

তেজপুৰ, অসম

সদস্যসকল
  শ্ৰীকমলাপ্ৰসাদ আগৰৱালা (সভাপতি)
  শ্ৰীপদ্মা আগৰৱালা (সম্পাদিকা )
  শ্ৰীঅমিয়কুমাৰ দাস
  শ্ৰীঅতুলচন্দ্ৰ হাজৰিকা
  শ্ৰীবিষ্ণুপ্ৰসাদ ৰাভা
  শ্ৰীবিবেকানন্দ আগৰৱালা
  শ্ৰীহৃদয়ানন্দ আগৰৱালা
  শ্ৰীফণী শৰ্মা
  শ্ৰীভূপেন হাজৰিকা
  শ্ৰীভৰত বৰপূজাৰী
  শ্ৰীনীৰা ডোগ্ৰা
  শ্ৰীঅন্নপূৰ্ণা বৰুৱা
  শ্ৰীমীনা আগৰৱালা

[ পাতনি ]
পাতনি

  এইখন মোৰ তৃতীয় নাট। ‘শোণিত-কুঁৱৰী’ লিখিছিলো চৈধ্য বছৰ বয়সৰ পৰা সোতৰ বছৰ বয়সৰ ভিতৰত। ‘কাৰেঙৰ লিগিৰী’ একৈছ বছৰৰ পৰা তেইছ বছৰ বয়সত আৰু ‘ৰূপালীম্’ তেত্ৰিছৰ পৰা লিখি পয়ত্ৰিছ-ছয়ত্ৰিছ বছৰ বয়সত সম্পূৰ্ণ কৰা হৈছে। ‘ৰূপালীম্’ লিখাৰ তিনি বছৰ আগৰে পৰা আৰু কেবাখনিও নাট লিখিবলৈ হাতত লোৱা হৈছে। তাৰে কেখনমান লিখা সম্পূৰ্ণ হৈ আছে। ইংৰাজী ১৯৩৬ চনত এই নাটখনি লিখা। তাৰ পিছত এইখন কেবাবাৰ সালসলনিকৈ লিখা হৈছে। ১৯৩৭ চনত এই নাটখন তেজপুৰৰ 'বাণ-ৰঙ্গমঞ্চ’ত তোলা হয়। ঘূৰাই-পকাই লিখাৰ পিছত আৰু সালসলনি কৰাৰ পিছত এই নাট ডিব্ৰুগড়ৰ ‘ড্ৰামাটিক আৰ্ট ছোছাইটী’য়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে। এই অভিনয়ত নাটখনে ৰঙ্গমঞ্চত সফলতা লাভ কৰে।

  এই ‘ৰূপালীম্’ নাটৰ ঘটনা, চৰিত্ৰ, মানুহ, সকলো মনেৰে গঢ়াহে অৰ্থাৎ কাল্পনিক। ইয়াত আদৰ্শ চৰিত্ৰ দাঙি ধৰাতকৈ চৰিত্ৰৰ বিচিত্ৰতাহে দেখুৱাবলৈ প্ৰয়াস পোৱা হৈছে। এই কথাষাৰ যেন এই নাট-পঢ়োঁতাই আৰু সমালোচকে মন কৰে। যদি কোনো বৈচিত্ৰ্যময় চৰিত্ৰ আদৰ্শ চৰিত্ৰ হৈছে তেন্তে সি আপোনা- আপুনিয়ে হৈছে বা হৈয়ে আছে। সেই গতানুগতিক সম্পূৰ্ণ চৰিত্ৰৰ সূত্ৰমতে হয়তো কোনো কোনো চৰিত্ৰ অসম্পূৰ্ণ যেন দেখা যাব পাৰে। যাতে এই চৰিত্ৰবোৰ বুজোঁতে বেমেজালি নকৰে সেই কাৰণেহে পাতনিৰ এইখিনি মোখনি মাৰিবলগীয়া হল কাৰণ মোৰ আগৰখন নাট 'কাৰেঙৰ লিগিৰী'ৰ সুন্দৰৰ চৰিত্ৰটোৰ বিষয়ে [ পাতনি ] বহুতকে ভ্ৰম ধাৰণা কৰা দেখা পাইছোঁ। সুন্দৰৰ চৰিত্ৰ আদৰ্শ হিচাপে তাত দাঙি ধৰাতকৈ চৰিত্ৰৰ বৈচিত্ৰ্য — এটা চিৰবিপ্লৱী মনৰ দুনিৰ্ব্বাৰ গতিৰ সৈতে সমাজৰ সংঘৰ্ষ আৰু সংঘাত আৰু তাৰ পৰিণতি দেখুৱাবলৈহে প্ৰয়াস পোৱা হৈছিল। মেটাৰলিঙ্ক আৰু মোনভেনাৰ (Monnavana) ছাঁ পৰোঁ কি নপৰোঁকৈ অলপ আহি ৰূপালীম্ নাটত দেখা দিছে যদিও সি অজ্ঞাতভাৱেহে — লিখকৰ মনৰ খোটালীত বহু দিনৰ আগতে সোমাই থকা মোনভেনাই এতিয়াও আছোঁ বুলি সঁহাৰি দিছে মাথোন। ৰূপালীমে অসমীয়া ৰাইজৰ পৰা পাবলগীয়া চেনেহফেৰিৰ পৰা নিশ্চয় বঞ্চিত নহব। ইতি—

ভোলাগুৰি চাহবাগিচা।
জুন, ১৯৩৮ চন
}     ইতি আশীৰ্ব্বাদ ভিখাৰী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা

[ অৰ্পন ]

[ গ্ৰন্থৰ নাম ]
 
ৰূপালীম্‌
 
[ চৰিত্ৰ ]
চৰিত্ৰ

মণিমুগ্ধ
ৰেণথিয়াং
ৰূকমীৰাজ
মায়াব’
ৰিমু
জুনাফা
ইতিভেন
ৰূপালীম
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
. . .
প্ৰান্ত দেশৰ অধিপতি
মণিমুগ্ধৰ সেনাপতি
ৰূকমী ফৈদৰ ৰজা
এজন বলিষ্ঠ ৰূকমী ডেকা
আন এজন ৰূকমী ডেকা
এজন ৰূকমী বুঢ়া
ৰূকমীৰাজৰ ভনীয়েক
ৰূপহী ৰূকমী গাভৰু,জুনাফাৰ জীয়েক

 লিগিৰী, নাচনী, ৰূকমী গাভৰু, প্ৰজা, সৈন্য-সামন্ত, বিষয়া-ডাঙৰীয়া আদি ৷

⸺⸺