পৃষ্ঠা:ৰূপালীম.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

  এই সুযোগতে ৰূপকোঁৱৰৰ গুণমুগ্ধ ৰাইজৰ ওচৰত এটি অনুৰোধ জনাব খুজিছোঁ। জ্যোতিপ্ৰসাদৰ আপুৰুগীয়া সৃষ্টিসমূহ আৰু অমূল্য ৰচনাৱলী প্ৰকাশ কৰি লোকচক্ষুৰ সমুখত আলফুলকৈ দাঙি ধৰাৰ এই কঠিন আৰু মহৎ প্ৰচেষ্টাত আমি সদৌ ৰাইজৰ সহযোগ সানুনয়ে কামনা কৰিলোঁ। তেওঁৰ বিভিন্ন বিষয়ৰ ৰচনা, কৱিতা, গীত, ফটো আনকি চিঠি-পত্ৰাদি কাৰোবাৰ হাতত আছে যদি আমালৈ পঠাই দি আমাৰ চেষ্টা সফল কৰি তুলিব বুলি ভঅসা ৰাখিলোঁ। ইতি—

বিনীত —
শ্ৰীকমলাপ্ৰসাদ আগৰৱালা – সভাপতি
  শ্ৰীপদ্মা আগৰৱালা – সম্পাদিকা
জ্যোতিপ্ৰসাদ সোঁৱৰণী সন্থাৰ হৈ।