সুন্দৰৰ সাধক, সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ চিনাকি আজি ন-কৈ দিবৰ সকাম নাই। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বাবে তেওঁ যিখিনি অৰিহণা দি গ'ল, তাৰ বাবে অসমীয়া ৰাইজ তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব। অসমীয়ে কম বয়সতে জ্যোতিপ্ৰসাদক হেৰুৱালে, কিন্তু এই মহান শিল্পীগৰাকীক অসমবাসীয়ে নেপাহৰে, পাহৰিব নোৱাৰে। তেওঁৰ স্মৃতি অম্লান কৰি ৰখাৰ উদ্দেশ্য আগত লৈয়েই ১৯৫৮ চনত ‘জ্যোতিপ্ৰসাদ সোঁৱৰণী সন্থা’ নাম দি এক অনুষ্ঠান গঢ়ি তোলা হয়। ৰূপকোঁৱৰৰ ৰচনা- ৱলীৰ যোগেদিয়েই যাতে তেওঁক সুঁৱৰি থাকিব পৰা যায়, তাকে মানস কৰি তেওঁৰ বহুমুখী প্ৰতিভাসম্ভুত এখনি সম্পূৰ্ণাঙ্গ জীৱনী প্ৰকাশ আৰু তেওঁৰ প্ৰকাশিত আৰু অপ্ৰকাশিত সকলো ৰচনাৱলী সংগ্ৰহ কৰি প্ৰকাশ কৰিবলৈ এই সন্থাই সঙ্কল্প লয় কিন্তু এই মহৎ অথচ গধুৰ কাৰ্য্য সোনকালে আৰু নিয়াৰিকৈ সমাধা কৰাটো তেনেই উজু কাম নহয়। গতিকে আমি আমাৰ প্ৰচেষ্টাৰ প্ৰথম অৰ্ঘ হিচাপে ৰূপকোঁৱৰৰ ১৯৩৬ চনতে লিখা অনুপম নাটক ‘ৰূপালীম' ৰাইজলৈ আগবঢ়ালোঁ। ৰূপকোঁৱৰে নিজ হাতে খেলিমেলিকৈ লিখি থোৱা দুখন পুথিৰ পৰা জুকিয়াই এই ছপা পুথিৰ পাণ্ডুলিপি যুগুত কৰি দিছে শ্ৰীযুত অতুলচন্দ্ৰ হাজৰিকাদেৱে। পুথি দুখনৰ পৰা জোৰা লগাই এখন পাতনিও দিয়া হৈছে লিখকৰ নিজৰ কথাৰে।
ৰূপালীম্ ইতিমধ্যে অসমৰ বিভিন্ন নাটঘৰত আৰু অনাতাঁৰৰ যোগেও একাধিকবাৰ সফলতাৰে অভিনীত হৈ গৈছে আৰু ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে। নাটখনিৰ এই প্ৰথম প্ৰকাশেও সাহিত্যসেৱী আৰু কলামোদী- সকলৰ পৰা অনুৰূপ মৰম-চেনেহ লাভ কৰিলেই আমাৰ চেষ্টা ফলৱতী হোৱা বুলি ভাবিম আৰু হাতত লোৱা বাকী কামত আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰিম। নানা আহুকালৰ বাবে আমাৰ কামত ভালেখিনি পলম হোৱাত আমি দুঃখিত আৰু ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।