এইখন মোৰ তৃতীয় নাট। ‘শোণিত-কুঁৱৰী’ লিখিছিলো চৈধ্য বছৰ বয়সৰ পৰা সোতৰ বছৰ বয়সৰ ভিতৰত। ‘কাৰেঙৰ লিগিৰী’ একৈছ বছৰৰ পৰা তেইছ বছৰ বয়সত আৰু ‘ৰূপালীম্’ তেত্ৰিছৰ পৰা লিখি পয়ত্ৰিছ-ছয়ত্ৰিছ বছৰ বয়সত সম্পূৰ্ণ কৰা হৈছে। ‘ৰূপালীম্’ লিখাৰ তিনি বছৰ আগৰে পৰা আৰু কেবাখনিও নাট লিখিবলৈ হাতত লোৱা হৈছে। তাৰে কেখনমান লিখা সম্পূৰ্ণ হৈ আছে। ইংৰাজী ১৯৩৬ চনত এই নাটখনি লিখা। তাৰ পিছত এইখন কেবাবাৰ সালসলনিকৈ লিখা হৈছে। ১৯৩৭ চনত এই নাটখন তেজপুৰৰ 'বাণ-ৰঙ্গমঞ্চ’ত তোলা হয়। ঘূৰাই-পকাই লিখাৰ পিছত আৰু সালসলনি কৰাৰ পিছত এই নাট ডিব্ৰুগড়ৰ ‘ড্ৰামাটিক আৰ্ট ছোছাইটী’য়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে। এই অভিনয়ত নাটখনে ৰঙ্গমঞ্চত সফলতা লাভ কৰে।
এই ‘ৰূপালীম্’ নাটৰ ঘটনা, চৰিত্ৰ, মানুহ, সকলো মনেৰে গঢ়াহে অৰ্থাৎ কাল্পনিক। ইয়াত আদৰ্শ চৰিত্ৰ দাঙি ধৰাতকৈ চৰিত্ৰৰ বিচিত্ৰতাহে দেখুৱাবলৈ প্ৰয়াস পোৱা হৈছে। এই কথাষাৰ যেন এই নাট-পঢ়োঁতাই আৰু সমালোচকে মন কৰে। যদি কোনো বৈচিত্ৰ্যময় চৰিত্ৰ আদৰ্শ চৰিত্ৰ হৈছে তেন্তে সি আপোনা- আপুনিয়ে হৈছে বা হৈয়ে আছে। সেই গতানুগতিক সম্পূৰ্ণ চৰিত্ৰৰ সূত্ৰমতে হয়তো কোনো কোনো চৰিত্ৰ অসম্পূৰ্ণ যেন দেখা যাব পাৰে। যাতে এই চৰিত্ৰবোৰ বুজোঁতে বেমেজালি নকৰে সেই কাৰণেহে পাতনিৰ এইখিনি মোখনি মাৰিবলগীয়া হল কাৰণ মোৰ আগৰখন নাট 'কাৰেঙৰ লিগিৰী'ৰ সুন্দৰৰ চৰিত্ৰটোৰ বিষয়ে