পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সৎসম্প্ৰদায় কথা।

জ্ঞানপন্থে ভজন দুষ্কৰ, ভক্তি যোগে সুকৰ, শ্ৰীধৰী টীকাসে শ্ৰেষ্ঠ। কৰ্ম্মযোগী মহন্তে বোলে ভক্তিৰো মূক্ষ সাধন কৰ্ম্ম, ভাস্কৰী টীকা সে শ্ৰেষ্ঠ। কেতো বোলে তিনিয়ো যোগ প্ৰধান দামোদৰী টীকা সে শ্ৰেষ্ঠ। এইৰূপে সম্বাদ কৰি প্ৰণাম কৰি সকল টীকাকে গঙ্গাত ক্ষেপিলা। পাচে গঙ্গাদেবী ব্যক্ত হুই ডাইন হাতে শঙ্কৰী টীকাক তুলি লৈলা, বাম হাতে শ্ৰীধৰী টীকাক তুলি লৈলা। আনো টীকা পানে জলে ভাসিল। পাচে জ্ঞানযোগী সবে ধৰ্ম্মময়ী গঙ্গাৰ ডাইন হাতক শ্ৰেষ্ঠ বুলি শঙ্কৰী টীকাক আদৰিলা। ভক্তি যোগী সবে গঙ্গাদেবীৰ বাম হাত শ্ৰেষ্ঠ বুলি ধৰি শ্ৰীধৰি টীকা অদিৰিলা৷ পাচে সবে মহন্তে আলোচি স্ত্ৰী শূদ্ৰাদিক কৃপাএ শঙ্কৰী শ্ৰীধৰী টীকাৰ সাৰাৰ্থ চাই দেশ-ভাষা বন্ধে গীত পদ কৰি প্ৰৱৰ্ত্তাইলা। এতেকে স্ত্ৰী শূদ্ৰাদি যৱন পৰ্য্যন্তে কতো জ্ঞানপন্থে কতো ভক্তিপন্থে চলি হৰিপৰায়ণ ভৈল, অদ্যাপিও কবিৰ অদ্ভুতাচাৰ্য্য কৃত গীতপদ প্ৰকাশ আছে। হে নৰনাৰীসব দেখা শিৱ বিষ্ণুৰ কেমন কৃপা। অল্পমতি লোকৰ বোধাৰ্থে শ্ৰীগীতা ভাগৱতৰ ব্যাখ্যা ৰূপে