পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অধ্যায়।

গীতাভাগৱতীয় টীকা প্ৰকাশ।

 পাচে বাৰাণসীত গীতাৰ বহু টীকাৰ বহু সম্মত দেখি মহন্ত সবৰ সংশয় ভৈলা। পাচে বিষ্ণু অংশী শ্ৰীধৰ স্বামী মহন্তে চাই দেখে দামোদৰী টীকায়ে তিনিয়ো যোগক সমান কৰি কহিছে। ভাস্কৰী টীকাএ কৰ্ম্মক প্ৰধান পাতি কহিছে। ভাষ্যকাৰ টীকাএ জ্ঞানযোগক প্ৰধান কৰি কহিছে। ইহাতে বেদান্তৰ প্ৰমাণ আছে। তথাপি ভাস্কৰী টীকাএ সহিতে সম্মত ৰাখিতে কৰ্ম্মযোগত জ্ঞানযোগত বাদনুগুচে। ভক্তি যোগত কাৰো বাদ নাই জানি ভাষ্যকাৰ শঙ্কৰাচাৰ্য্যৰ মত আনন্দ গিৰিৰো মত। তাকো মতি অনুসাৰে লই ভক্তি যোগক প্ৰধান পাতি শ্ৰীধৰস্বামীয়ে সুবোধনী নামে গীতাৰ টীকা ৰচিলা আৰু সেই মতে ভাগৱতৰো টীকা ৰচিলা। পাচে জ্ঞানযোগী মহন্তে বোলে শঙ্কৰী টীকা বেদান্তৰ মত, সেই সে শ্ৰেষ্ঠ। ভক্তিযোগী মহন্তে বোলে