পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
তৃতীয় অধ্যায়।

উত্তৰ ব্ৰহ্মাণ্ড পুৰাণে কহে শুনা; পৃথুৰাজা ক্ষত্ৰিয় তান যজ্ঞত ইন্দ্ৰ আহুতি সমে বৃহস্পতিৰ আহুতি মিশ্ৰ কৰি হোম দিলে; তাতে ৰোমহৰ্ষণ জাত ভৈলা। ঋষিয়ে মূলবেদৰ পাঠক নহৈল; কিন্তু বেদৰ সংহিতা পুৰাণ পাঠক হৈল; এতেকেসে শুকদেৱে তান পুত্ৰ উগ্ৰশ্ৰৱা সুতক ভাগৱত কৈবে আদেশিলা। পাচে কলিৰ ডেৰ হাজাৰ বৎসৰ গৈলে নৈমিষাৰণ্যত শুকদেৱৰ আজ্ঞায়ে সেই সুতে ষড় সম্প্ৰদায় তুলি সৌনকাদি মুনিসৱত কহিলা; তাতে বহু ব্ৰাহ্মণ শ্ৰোতা ভৈল, কাৰণ পুৰাণ-সূৰ্য্য পৃথিৱীত বহু প্ৰকাশ ভৈল। আনো ধৰ্ম্মশাস্ত্ৰ মানে তান অনুৱৰ্ত্তি হই পৃথিৱীত প্ৰকাশিল। এতেকে কলিত বৰ্ণাশ্ৰম-ধৰ্ম্মতো অধিক ভক্তি-ধৰ্ম্ম প্ৰৱৰ্ত্তিল। আকে জানি পুৰাণ সূৰ্য্যক প্ৰণামি হৰিবোল হৰি৷

বন্দে ভাগৱতং শাস্ত্ৰং পুৰাণাৰ্কমিহোদিতং।
যৎপ্ৰকাশাৎ সৰ্ব্বধৰ্ম্মাৎ ভক্তিধৰ্ম্মোহতিৰিষ্যতে॥
 ইতি শাস্ত্ৰোৎপত্তিসম্প্ৰদায়কথায়াং
 পুৰাণসূৰ্য্যপ্ৰকাশো নাম
 তৃতীয়োহধ্যায়ঃ।

⸺৹⸺