পৃষ্ঠা:Swagatam Pariksha.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা

মৌখিক পৰীক্ষা, শাৰীৰিক তথা মানসিক শক্তি প্ৰদৰ্শনৰ পৰীক্ষা, স্মৃতিশক্তি তথা বুদ্ধি পৰীক্ষা ইত্যাদি। পৰীক্ষাৰ্থী, পৰীক্ষক, প্ৰশ্নকাকত, পৰীক্ষা লিখা বহী, পৰীক্ষাৰ বিভিন্ন সা−সঁজুলি আদিৰ উপৰিও আধুনিক বৈজ্ঞানিক যন্ত্ৰ পাতি আৰু বিশেষকৈ কম্পিউটাৰ আজিৰ পৰীক্ষা পদ্ধতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। এক বিশেষ উদ্দেশ্য আগত ৰাখি ছাত্ৰ−ছাত্ৰীসকলক কেনেধৰণে বেছি কাৰ্যকৰীভাৱে কম সময়তে সুবিধাজনকভাৱে নিৰ্দিষ্ট শিক্ষা প্ৰদান কৰিব পাৰি তাৰ বাবে নিতে ন ন পৰীক্ষা−নিৰীক্ষা, গৱেষণা আদি চলিয়েই আছে আৰু লগে লগে পৰীক্ষাৰ্থীসকলৰ দক্ষতা মূল্যাংকন কৰাৰ বাবে পৰীক্ষা পদ্ধতিবোৰৰ ওপৰতো প্ৰচুৰ চিন্তা−চৰ্চা চলি আছে। লিখিত বা মৌখিক পৰীক্ষা, নিৰ্দিষ্ট পাঠ্যক্ৰমৰ অন্তত এটাই মাত্ৰ শিক্ষান্ত পৰীক্ষা বা অবিৰত পৰীক্ষাৰ জৰিয়তে অবিৰত মূল্যাংকন, দলগতভাৱে পৰীক্ষা বা বেলেগ বেলেগ পৰীক্ষা আদিয়ে পৰীক্ষা পদ্ধতিক আজি আধুনিক সভ্যতাৰ এক বৈচিত্ৰ্যপূৰ্ণ অংগ কৰি গঢ়ি তুলিছে।

 এনেবোৰ ব্যাপক তথা বৈচিত্ৰ্যপূৰ্ণ পৰীক্ষা পদ্ধতিৰ গভীৰতালৈ আমি নাযাওঁ। এই প্ৰবন্ধলানিত আমি তোমালোকৰ ওচৰত দাঙি ধৰিম প্ৰধানতঃ অসমৰ বিদ্যালয়সমূহৰ সাধাৰণ শিক্ষাৰ পৰিপেক্ষিতত ‘পৰীক্ষাৰ বাবে প্ৰস্তুতি’ আৰু ‘পৰীক্ষা লিখাৰ পদ্ধতি’ৰ ওপৰত কিছুমান আৱশ্যকীয় কথা।♮