পৃষ্ঠা:Swagatam Pariksha.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 

শিক্ষা পদ্ধতি আৰু পৰীক্ষা পদ্ধতি

 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। জয় জয়তে স্বাগতম পৰীক্ষালৈ তোমালোকক স্বাগতম জনাইছো। কোনো কাম আৰম্ভ কৰাৰ আগতে সেই কামটোনো কিয় কৰিবলৈ লোৱা হ’ল সেই সম্পৰ্কে চিন্তা কৰি চোৱা প্ৰয়োজন। কাৰণ কোনো কাম কৰাৰ যুক্তিযুক্ততাইহে কামটো কৰাৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰে। সেই হিচাপে এই ‘স্বাগতম পৰীক্ষা’ পুথিখন প্ৰকাশ কৰাৰ অথবা তোমালোকে ইয়াক অধ্যয়ন কৰাৰ যুক্তিযুক্ততাও বিচাৰ কৰি চাব লাগিব। আমি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, ইয়াৰ ক্ৰমবিকাশ, তাৰকাৰাজ্যসমূহৰ পৰা আৰম্ভ কৰি বিশাল পৃথিৱীলৈকে—এইবোৰৰ উৎপত্তি, বৰ্তমান অৱস্থালৈ এইবোৰৰ বিকাশ, পৃথিৱীত প্ৰথম জীৱ-সৃষ্টিৰে পৰা মানৱলৈ হোৱা ক্ৰমবিকাশৰ ধাৰা, প্ৰাগৈতিহাসিক মানৱ সমাজৰ পৰা আধুনিক মানৱ সভ্যতালৈ উত্তৰণ আদিও অধ্যয়ন কৰিব লাগিব। ইয়াৰ লগতে মানুহৰ জীৱনৰ উদ্দেশ্য, কৰ্তব্য, সভ্যতাৰ ভৱিষ্যৎ, এই বিশাল বিশ্বৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিকাশৰ পথ সম্পৰ্কেও আমি চিন্তা কৰিব লাগিব। আৰু সৰ্বশেষত বিচাৰ কৰিব লাগিব এইবোৰৰ পৰিপ্ৰেক্ষিতত শিক্ষা তথা শিক্ষাব্যৱস্থা, ইয়াৰ উন্নয়নৰ পৰিকল্পনা আৰু ইয়াতে ‘স্বাগতম পৰীক্ষা’ৰ স্থান।

 কিন্তু এই সম্পৰ্কীয় আলোচনা আমি বৰ্তমান বাদ দি ধৰি ল’লো যে, ‘স্বাগতম পৰীক্ষা’ৰ প্ৰকাশ তথা অধ্যয়ন দুয়োটাই যুক্তিযুক্ত আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কথা। এতিয়া কথা হ'ল– পৰীক্ষানো কাক বোলে? বিভিন্ন প্ৰশ্ন, বা কৰিবলৈ বিভিন্ন কাম দি ব্যক্তিবিশেষৰ জ্ঞান বা সামৰ্থ্য বিচাৰ কৰা পদ্ধতিয়েই হ’ল ‘পৰীক্ষা’। এই পদ্ধতিৰে যাক পৰীক্ষা কৰা হয় তেৱেই ‘পৰীক্ষাৰ্থী’ আৰু পৰীক্ষাৰ বাবে নিজকে সাজু কৰাজনকে আমি ‘ছাত্ৰ-ছাত্ৰী’ বুলি অভিহিত কৰিছো। মানৱ সভ্যতাৰ আৰম্ভণিৰ লগে লগে বিশ্বত শিক্ষাব্যৱস্থাৰো আৰম্ভণি আৰু লগে লগে উৎপত্তি হৈছিল পৰীক্ষাৰো। এই সভ্যতাৰ বিকাশৰ বিভিন্ন স্তৰত অসংখ্য ক্ষেত্ৰৰ লগতে শিক্ষা ক্ষেত্ৰৰো বিপুল পৰিবৰ্ধন তথা উত্তৰণ সাধিত হৈছে। লগে লগে পৰিবৰ্তন, পৰিবৰ্ধন তথা উত্তৰণ সাধিত হৈছে পৰীক্ষাৰো। প্ৰাচীন কালৰে পৰা মধ্যযুগৰ মাজৰে আধুনিক যুগলৈ বা অত্যাধুনিক যুগলৈ গঢ়ি উঠা পৰীক্ষাৰ ইতিহাস সম্পৰ্কে আলোচনা নকৰি আলোচনা কৰিব খুজিছো বৰ্তমানৰ ইয়াৰ স্বৰূপৰ বিষয়েহে মাথোন। বিভিন্নজনৰ মাজত বিতৰ্কৰ

অৱকাশ থাকিলেও মানুহ আজি সভ্যতাৰ উচ্চ শিখৰত উপনীত হোৱা বুলি ক'ব