পৃষ্ঠা:Swagatam Pariksha.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


পৰীক্ষাত বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰাৰ আশা কৰিব পাৰে। আনহাতে মৌখিক পৰীক্ষাৰ যোগেদি পৰীক্ষকে বিচাৰে পৰীক্ষাৰ্থীৰ বিষয়বস্তুৰ ওপৰত জ্ঞান, স্মৰণশক্তি, ধাৰণা কৰা আৰু বুজাৰ ক্ষমতা, বাক্ পটুতা, তৎপৰতা, প্ৰত্যুৎপন্নমতিতা ইত্যাদি। অৱশ্যে ইয়াত বিদ্যালয় বা মহাবিদ্যালয়ৰ সাধাৰণ শিক্ষাৰ লগত জড়িত মৌখিক পৰীক্ষাৰ কথাহে আলোচনা কৰা হৈছে। আন বিশেষ উদ্দেশ্যসম্পন্ন পৰীক্ষাবোৰৰ লগত জড়িত মৌখিক পৰীক্ষাৰ কথা আলোচনা কৰা হোৱা নাই। প্ৰেক্টিকেল বা হাতে-কামে শিক্ষা সাধাৰণ শিক্ষাৰ বাবে অত্যন্ত আৱশ্যকীয় বুলি আধুনিক বিশ্বৰ শিক্ষাব্যৱস্থাই বিশ্বাস কৰে আৰু সেইবাবে বিশ্বৰ প্ৰায় সকলো শিক্ষাব্যৱস্থাতে প্ৰেক্টিকেল শিক্ষা বাধ্যতামূলক কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি প্ৰেক্টিকেল পৰীক্ষায়ো গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে– বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ সাধাৰণ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত। এই পৰীক্ষাৰ যোগেদি পৰীক্ষকে বিচাৰে, প্ৰধানকৈ পৰীক্ষাৰ্থীৰ হাতে-কামে কৰাৰ ক্ষমতা, যন্ত্ৰ-পাতি সম্পৰ্কে জ্ঞান, কোনো তত্ত্বৰ ধাৰণা কৰা আৰু বুজাৰ ক্ষমতা, তত্ত্বৰ লগত পৰীক্ষা সংগঠিত কৰাৰ ক্ষমতা, যন্ত্ৰপাতি চলোৱাৰ দক্ষতা ইত্যাদি। গতিকে যিসকল পৰীক্ষাৰ্থীয়ে লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষাত পৰীক্ষকে বিচৰা বিভিন্ন বিষয় সম্পৰ্কে আগতে অৱগত হৈ সেইমতে নিজকে প্ৰস্তুত কৰে, আৰু পৰীক্ষাত নিজকে সুন্দৰভাৱে দক্ষতাৰে উপস্থাপন কৰে তেৱেঁই অধিক নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰে। সেইবাবে বিভিন্ন পৰীক্ষাত পৰীক্ষকে বিচৰা কথাখিনি সম্পৰ্কে সম্যকভাৱে

উপলব্ধি কৰা আৰু সেইমতে নিজকে প্ৰস্তুত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ কথা।

১১