স্বাগতম পৰীক্ষা/পুনৰ অধ্যয়ন বা ৰিভাইছ

ৱিকিউৎসৰ পৰা

[ ৪৮ ]

 

পুনৰ অধ্যয়ন বা ৰিভাইছ

 আমি আগতেই উল্লেখ কৰিছিলো যে, টোকা প্ৰস্তুত কৰা সম্পূৰ্ণ হোৱা সময়ৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ আগলৈকে পোৱা মুঠ সময়খিনিৰ ২০%-২৫% ভাগ সময় পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ বাবে ৰাখিব লাগিব। পৰীক্ষাৰ সময়-তালিকা বা ৰুটিনখন চাই এই আছুতীয়াকৈ ৰখা সময়খিনিৰ লগত পৰিকল্পনা কৰি পুনৰ অধ্যয়নৰো এটি আঁচনি প্ৰস্তুত কৰিব লাগে। পূৰ্ব প্ৰস্তুতি, প্ৰশ্নকাকতৰ সংখ্যা, কাঠিন্য বা পৰীক্ষাৰ্থী ব্যক্তিগত বিভিন্ন সমস্যা আদিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন বিষয় পুনৰ অধ্যয়নৰ বাবে আৱশ্যকীয় সময় বা পুনৰ অধ্যয়নৰ পদ্ধতি অৱশ্যে বিভিন্ন হ’ব পাৰে। এই ক্ষেত্ৰত একেবাৰে প্ৰথমদিনা পৰীক্ষা থকা বিষয়ৰ পুনৰ অধ্যয়নৰ সময়খিনি একেবাৰে শেষলৈ ৰাখিব লাগে, যাতে সেই বিষয়ৰ অধ্যয়নৰ শেষৰ দিনাই তাৰ পৰীক্ষা দিবলৈ যাব পাৰি। বাকী বিষয়বোৰৰ পুনৰ অধ্যয়নৰ আঁচনি পৰীক্ষাৰ সময়-তালিকাত বিভিন্ন বিষয়ৰ মাজত থকা, খালী দিনবোৰ বা গেপবোৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰিব লাগে। পৰীক্ষাৰ সময়-তালিকা বা ৰুটিনত কোনো বিষয়ৰ আগত বেছিদিন গেপ থাকিলে পৰীক্ষাৰ আগৰ পুনৰ অধ্যয়নৰ ক্ষেত্ৰত সেই বিষয়বোৰৰ বাবে কম দিন খৰচ কৰিব পাৰি।

 পাঠ এটি আয়ত্ত কৰাৰ ক্ষেত্ৰত আমি যি ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছিলো, পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ পদ্ধতিও প্ৰায় একেই, মাত্ৰ দ্ৰুতি বেছি হ’ব লাগে। সম্ভৱ হ’লে পৰীক্ষাৰ্থীসকলে এই সময়ত অধ্যয়নৰ সময় যিমান পাৰি বঢ়াই ল’ব লাগে। কোনো এটি পাঠ ৰিভাইছ কৰাৰ ক্ষেত্ৰতো পাঠটো ভালদৰে আকৌ এবাৰ মনোযোগেৰে পঢ়ি চাব লাগে আৰু পিছত দ্ৰুতভাৱে লিখি যাব লাগে। অত্যন্ত দৰকাৰী পাঠবোৰৰ বাহিৰে আনবোৰ পাঠ এইবাৰ বিস্তাৰিতভাৱে লিখি চোৱাৰ বিশেষ আৱশ্যকতা নাই। মাত্ৰ কথাখিনি মনত পেলাই যাব লাগে। অৱশ্যে আগতে উল্লেখ কৰা, বেছি মনোযোগ দিবলগীয়া কথাবোৰ সংজ্ঞা, সূত্ৰ আদি সকলো সময়তে লিখি চাব লাগে। ছবি আৰু মানচিত্ৰতো আগৰ দৰেই যথোচিত গুৰুত্ব দিব লাগে। অত্যন্ত দৰকাৰী পাঠবোৰ এইখিনি সময়ৰ ভিতৰতে বাৰে বাৰে ৰিভাইছ কৰি খুব ভলদৰে মুখস্থ কৰিবই লাগিব। পুনৰ অধ্যয়নৰ একেবাৰে শেষ পৰ্যায়ত পৰীক্ষাৰ্থীসকলে আৰু এটি অত্যন্ত দৰকাৰী কাম কৰিবলগীয়া আছে। প্ৰায় ৫ ছে.মি. বহলৰ দীঘলীয়াকৈ কিছু কাগজ কাটি লৈ [ ৪৯ ] প্ৰতিটো বিষয়ৰে অত্যন্ত দৰকাৰী আৰু দৰকাৰী পাঠবোৰৰ পইণ্টবোৰ সৰু সৰু আখৰেৰে লিখি পেলাব লাগে। সূত্ৰ, সংজ্ঞা, গাণিতিক প্ৰকাশ ৰাশি আদি অত্যন্ত দৰকাৰী, সহজে পাহৰি যাব পৰা কিন্তু পৰীক্ষাত যথাযথ উপস্থাপন কৰিবলগীয়া কথাবোৰ ইয়াৰ ভিতৰত থাকিবই লাগিব। এনেদৰে প্ৰস্তুত কৰা প্ৰতিটো বিষয়ৰে এই বিশেষ টোকাখিনি সকলো সময়তে জেপত লৈ ফুৰিব লাগে আৰু সকলো সময়তে মনত পেলাবলৈ যত্ন কৰি থাকিব লাগে। এই বিশেষ টোকাবোেৰ প্ৰস্তুত কৰোতেও বিভিন্ন বিষয়ৰ পাঠৰ ভিন ভিন দৰকাৰী কথাবোৰ মনত ৰখাৰ ক্ষেত্ৰত সহায়ক হয়। হঠাতে কিবা কথা মনত নপৰিলে জেপৰ পৰা এই টোকাবোৰ উলিয়াই লগে লগে চাই ল’ব লাগে। মুঠতে যিমানে পৰীক্ষা ওচৰ চাপি আহে সিমানেই দ্ৰুতভাৱে আৰু দ্ৰুতভাৱে একোটা বিষয়ৰ গোটেই পাঠ্যক্ৰমটো একোবাৰকৈ পঢ়ি ল’বলৈ যত্ন কৰিব লাগে যাতে ই সকলো সময়তে শুদ্ধভাৱে পৰীক্ষাৰ্থীসকলৰ মানসপটত ভাহি থাকে— যিকোনো প্ৰশ্নৰ সাহসেৰে সন্মুখীন হ’বলৈ তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তোলে।❏