পৃষ্ঠা:Swagatam Pariksha.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পুনৰ অধ্যয়ন বা ৰিভাইছ

 আমি আগতেই উল্লেখ কৰিছিলো যে, টোকা প্ৰস্তুত কৰা সম্পূৰ্ণ হোৱা সময়ৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ আগলৈকে পোৱা মুঠ সময়খিনিৰ ২০%-২৫% ভাগ সময় পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ বাবে ৰাখিব লাগিব। পৰীক্ষাৰ সময়-তালিকা বা ৰুটিনখন চাই এই আছুতীয়াকৈ ৰখা সময়খিনিৰ লগত পৰিকল্পনা কৰি পুনৰ অধ্যয়নৰো এটি আঁচনি প্ৰস্তুত কৰিব লাগে। পূৰ্ব প্ৰস্তুতি, প্ৰশ্নকাকতৰ সংখ্যা, কাঠিন্য বা পৰীক্ষাৰ্থী ব্যক্তিগত বিভিন্ন সমস্যা আদিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন বিষয় পুনৰ অধ্যয়নৰ বাবে আৱশ্যকীয় সময় বা পুনৰ অধ্যয়নৰ পদ্ধতি অৱশ্যে বিভিন্ন হ’ব পাৰে। এই ক্ষেত্ৰত একেবাৰে প্ৰথমদিনা পৰীক্ষা থকা বিষয়ৰ পুনৰ অধ্যয়নৰ সময়খিনি একেবাৰে শেষলৈ ৰাখিব লাগে, যাতে সেই বিষয়ৰ অধ্যয়নৰ শেষৰ দিনাই তাৰ পৰীক্ষা দিবলৈ যাব পাৰি। বাকী বিষয়বোৰৰ পুনৰ অধ্যয়নৰ আঁচনি পৰীক্ষাৰ সময়-তালিকাত বিভিন্ন বিষয়ৰ মাজত থকা, খালী দিনবোৰ বা গেপবোৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰিব লাগে। পৰীক্ষাৰ সময়-তালিকা বা ৰুটিনত কোনো বিষয়ৰ আগত বেছিদিন গেপ থাকিলে পৰীক্ষাৰ আগৰ পুনৰ অধ্যয়নৰ ক্ষেত্ৰত সেই বিষয়বোৰৰ বাবে কম দিন খৰচ কৰিব পাৰি।

 পাঠ এটি আয়ত্ত কৰাৰ ক্ষেত্ৰত আমি যি ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছিলো, পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ পদ্ধতিও প্ৰায় একেই, মাত্ৰ দ্ৰুতি বেছি হ’ব লাগে। সম্ভৱ হ’লে পৰীক্ষাৰ্থীসকলে এই সময়ত অধ্যয়নৰ সময় যিমান পাৰি বঢ়াই ল’ব লাগে। কোনো এটি পাঠ ৰিভাইছ কৰাৰ ক্ষেত্ৰতো পাঠটো ভালদৰে আকৌ এবাৰ মনোযোগেৰে পঢ়ি চাব লাগে আৰু পিছত দ্ৰুতভাৱে লিখি যাব লাগে। অত্যন্ত দৰকাৰী পাঠবোৰৰ বাহিৰে আনবোৰ পাঠ এইবাৰ বিস্তাৰিতভাৱে লিখি চোৱাৰ বিশেষ আৱশ্যকতা নাই। মাত্ৰ কথাখিনি মনত পেলাই যাব লাগে। অৱশ্যে আগতে উল্লেখ কৰা, বেছি মনোযোগ দিবলগীয়া কথাবোৰ সংজ্ঞা, সূত্ৰ আদি সকলো সময়তে লিখি চাব লাগে। ছবি আৰু মানচিত্ৰতো আগৰ দৰেই যথোচিত গুৰুত্ব দিব লাগে। অত্যন্ত দৰকাৰী পাঠবোৰ এইখিনি সময়ৰ ভিতৰতে বাৰে বাৰে ৰিভাইছ কৰি খুব ভলদৰে মুখস্থ কৰিবই লাগিব। পুনৰ অধ্যয়নৰ একেবাৰে শেষ পৰ্যায়ত পৰীক্ষাৰ্থীসকলে আৰু এটি অত্যন্ত দৰকাৰী

কাম কৰিবলগীয়া আছে। প্ৰায় ৫ ছে.মি. বহলৰ দীঘলীয়াকৈ কিছু কাগজ কাটি লৈ

৪৮