স্বাগতম পৰীক্ষা/পৰীক্ষাৰ দিনাখন

ৱিকিউৎসৰ পৰা

[ ৫০ ]

 

পৰীক্ষাৰ দিনাখন

 পৰীক্ষাৰ বাবে সাজু হোৱাৰ শেষ পৰ্যায়ত পৰীক্ষাও আহি ওচৰ চাপিব। কিন্তু পৰীক্ষাৰ দিনবোৰ কোনো অসাধাৰণ দিন বুলি ভাবি আতংকিত হ’ব নালাগে। অৱশ্যে সেই দিনবোৰৰ কৰ্তব্যখিনি সম্পূৰ্ণৰূপে ভাগ্যৰ ওপৰত এৰি দি হাত সাবটি বহি থাকিবও নালাগে। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে আতংকিত হোৱাৰ সম্ভাব্য কাৰণসমূহ বিশ্লেষণ কৰিলেই এই অসুবিধা অনায়াসে দূৰ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাৰ বাবে আতংকিত হোৱাৰ কাৰণ হ’ল কিছুমান অমূলক সম্ভাৱনা যে, তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা পাঠবোৰৰ ওপৰত পৰীক্ষাত প্ৰশ্ন নাহিব পাৰে, প্ৰস্তুত কৰা পাঠবোৰ মনত নপৰিব পাৰে, বেছি জটিল আৰু আওপকীয়া প্ৰশ্ন আহিব পাৰে, লিখাৰ বাবে সময়ৰ অভাৱ হ’ব পাৰে, প্ৰশ্নোত্তৰত ক্ৰম হেৰাই যাব পাৰে ইত্যাদি। কিন্তু এনেবোৰ সম্ভাৱনা দৰাচলতে অমূলক। সাধাৰণতে কোনো ক্ষেত্ৰতে নিষ্ঠাবান পৰীক্ষাৰ্থীৰ এনে নঘটে বা ঘটিলেও ই খুব কম পৰিমাণেহে পৰীক্ষাৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। আগতে উল্লেখ কৰা অনুসৰি ধৈৰ্য, শৃংখলাবদ্ধতা আৰু অধ্যৱসায়েৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে কোনো কাৰণেই ছাত্ৰ-ছাত্ৰীসকলক আতংকিত কৰিব নোৱাৰে।

 গতিকে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে আতংকিত হৈ আগদিনা ৰাতি টোপনি ক্ষতি কৰাৰ কোনো প্ৰয়োজন নাই। বা বহু ৰাতিলৈ পঢ়াৰো কোনো আৱশ্যক নাই। স্বাভাৱিকভাৱেই টোপনি যাবলৈ যত্ন কৰিব লাগে। তদুপৰি পিছদিনাৰ পৰীক্ষাৰ বাবে আৱশ্যকীয় সঁজুলিবোৰৰ আগদিনা ৰাতিয়েই সাজু কৰি ৰাখিব লাগে। পৰীক্ষাত লিখিবলৈ ব্যৱহাৰ কৰিব খোজা কলম দুটাত চিয়াঁহী ভৰাই কিছুসময় লিখি চাই থৈ দিব লাগে আৰু পৰীক্ষাৰ প্ৰবেশপত্ৰ বা এডমিট কাৰ্ড, লগ তালিকা, গণকযন্ত্ৰ বা কেলকুলেটৰ, স্কেল, কাঠ পেঞ্চিল, ৰবৰ, কাঁটা-কম্পাছ, কোণমান যন্ত্ৰ ইত্যাদি সাজু কৰি ৰাখিব লাগে।

 পৰীক্ষাৰ্থীসকলে মনত ৰাখিব লাগিব যে, পৰীক্ষাৰ দিনা ৰাতিপুৱাও পৰীক্ষা থকা বিষয়ৰ টোকাবোৰ চকু ফুৰাই যাবই লাগিব।

 পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীসকল এনেভাৱে সাজু হ’ব লাগে যাতে পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১৫ মিনিটমান আগতে তেওঁলোকে পৰীক্ষাগৃহত উপস্থিত হ’ব পাৰে। পৰীক্ষাগৃহত তেওঁলোকে পোনতে নিজৰ নিজৰ বহা আসন বিচাৰি উলিয়াই ল’ব [ ৫১ ] লাগে আৰু তাত বহি পৰীক্ষা লিখাৰ বাবে আৰামদায়ক হৈছেনে নাই চাব লাগে। কিবা অসুবিধা থাকিলে লগে লগে পৰীক্ষাৰ কাৰ্যাধ্যক্ষক জনাই সেইবোৰ দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। ডেস্ক-বেঞ্চ বা মেজ-চকী আদি ভঙা বা ফটা আছে নেকি বা লৰচৰ কৰে নেকি ভালদৰে চাব লাগে; পোহৰ, বতাহ আদি সঠিক আছেনে নাই পৰীক্ষা কৰি চাব লাগে, অন্যথা কাৰ্যাধ্যক্ষৰ লগত তৎক্ষণাৎ যোগাযোগ কৰিব লাগে। বহুতো পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত পঢ়াৰ বাবে কিতাপ, টোকাবহী আদি লৈ যায়। সেইবিলাক সাধাৰণতে কোনো বিশেষ কামত নাহে। পৰীক্ষাৰ আগমুহূৰ্তৰ এইখিনি সময় মগজুক জিৰণি দি পৰীক্ষাত তীব্ৰভাৱে নিয়োগ কৰিবলৈ সাজুহে কৰি তুলিব লাগে। তদুপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে অনুমতি নথকা বস্তু কিতাপ-পত্ৰ, টোকাবহী, নকলৰ টুকুৰা আদি কোনো ক্ষেত্ৰতে লগত ৰাখিব নালাগে বা প্ৰশ্নকাকত, লগ তালিকা, স্কেল, মেজ, বেঞ্চ বা জ্যামিতিৰ বাকচৰ উপৰিভাগ আদিত কোনো কথা লিখি ৰাখিব নালাগে। পৰীক্ষাগৃহৰে ভিতৰত আনৰ পৰা চোবা বা ইচ্ছাকৃতভাৱে আনক দেখুওৱা, সোধা-সুধি কৰা বা কথা পতা আদিৰ পৰা পৰীক্ষাৰ্থীসকল সম্পূৰ্ণৰূপে বিৰত থাকিব লাগে। মুঠতে পৰীক্ষাত ভাল ফলাফল আশা কৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহত পৰীক্ষা লিখাত অনুমতি নথকা কোনো কামেই কৰিবলৈ সাহস কৰা উচিত নহয়। তদুপৰি পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়ছোৱাত পৰীক্ষাৰ সম্ভাব্য প্ৰশ্ন সম্পৰ্কেও কাৰো লগত একো আলোচনা কৰা উচিত নহয়। কাৰণ বিভিন্নজনৰ বিভিন্ন মতামতে পৰীক্ষাৰ্থীসকলক হতাশ কৰি তুলিব পাৰে।

 পৰীক্ষা লিখাৰ বহীসমূহ বিতৰণ কৰাৰ লগে লগে পৰীক্ষাৰ্থীসকল সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ সাজু হ’ব লাগে। বহীসমূহৰ বাওঁপিনে প্ৰায় ৪ ছে.মি., সোঁপিনে ৪ ছে.মি. আৰু ওপৰপিনে ২ ছে.মি. মাৰ্জিন ৰাখি ভাঁজ কৰিব লাগে। অৱশ্যে সোঁপিনৰ মাৰ্জিন ৰাখোতে ভাঁজটো বাওঁপিনৰ মাৰ্জিনৰ ভাঁজৰ বিপৰীতেহে দিব লাগে যাতে ওলোটা পৃষ্ঠাত লিখোতে ই বাওঁপিনে ৰখা মাৰ্জিনৰ দৰে কাম কৰে। একোটা পৃষ্ঠাত লিখোতে সোঁপিনে মাৰ্জিন ৰখাৰ কোনো প্ৰয়োজন নাই। তদুপৰি লিখাৰ ক্ষেত্ৰত সদায় কাগজৰ দুয়ো পিঠি ব্যৱহাৰ কৰিব লাগে আৰু কাগজৰ পৃষ্ঠা ব্যৱহাৰত মিতব্যয়ী হ’ব লাগে। পাতলকৈ লিখি বা এপিঠিত লিখি বহীখন ডাঠ বা মোটা কৰিলেই নম্বৰ বেছি পোৱা বুলি বহুতৰ থকা ধাৰণা সম্পূৰ্ণ ভুল। বহীখন ভাঁজ কৰি লোৱাৰ পিছতেই ওপৰৰ নিৰ্দিষ্ট ঠাইত ৰোল নম্বৰ, বিষয়, পঞ্জীয়ন নম্বৰ আদি আৱ্যশকীয় তথ্যসমূহ স্পষ্টভাৱে লিখিব লাগে। এই ক্ষেত্ৰত প্ৰবেশপত্ৰ বা এডমিট কাৰ্ড ভালদৰে চাই ল’ব লাগে। প্ৰশ্নকাকতৰ বিভিন্ন অংশৰ বাবে কেতিয়াবা বেলেগ বেলেগ বহী দিয়া হয়। এনেক্ষেত্ৰত ‘ক’ অংশ বা ‘খ’ অংশ আদি বহীত স্পষ্টভাৱে চিহ্নিত কৰিব লাগে। উত্তৰ কৰোতেও [ ৫২ ] সাৱধান হ’ব লাগে যাতে নিৰ্দিষ্ট অংশৰ প্ৰশ্নৰ উত্তৰ সেই নিৰ্দিষ্ট উত্তৰৰ বহীতহে কৰা হয়— বেলেগ অংশৰ প্ৰশ্নৰ উত্তৰ বেলেগ অংশৰ বহীত কৰা নহয়। পৰীক্ষাগৃহত মানিবলগীয়া নিয়মসমূহ কেতিয়াবা পৰীক্ষাৰ বহীৰ প্ৰথম পৃষ্ঠাতে ছপা কৰা হয়। সেইবোৰ ভালদৰে পঢ়ি চাই তাক দৃঢ়ভাৱে অনুসৰণ কৰিবলৈ সাজু হ’ব লাগে। কলম আদি উলিয়াই লৈ ডেস্ক বা মেজত থ’ব লাগে, হাতত পিন্ধা ঘড়ী খুলি সন্মুখত সময় চাব পৰাকৈ ৰাখিব লাগে আৰু সম্পূৰ্ণ শান্ত মস্তিষ্কৰে, সাহসেৰে, নিৰ্বিকাৰভাৱে প্ৰশ্নকাকত বিতৰণলৈ বাট চাব লাগে।❏